Logo
image

অলিম্পিকমুখী হিমা আহত

আমাৰ অসম, ২৭ জুনঃ অলিম্পিকমুখী যাত্ৰাত  বাৰে বাৰে আউল লাগিছে অসম কন্যা হিমা দাসৰ৷ পাটিয়ালাৰ নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত চলি থকা ৬০সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিক্‌ছ প্ৰতিযোগিতাত আহত হোৱাৰ ফলত হিমাৰ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ যি ক্ষীণমান আশা আছিল তাক লৈ এতিয়া শংকা নামি আহিছে৷ শনিবাৰে পুৱা মহিলাৰ ১০০ মিটাৰ হিট্‌ছত ভাগ লোৱাৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভোগে হিমা৷ দিনটোৰ ভিতৰত এই আঘাত উপশম নোহোৱাৰ ফলত সন্ধিয়া ৭.৫৫ বজাত অনুষ্ঠিত মহিলাৰ ১০০ মিটাৰৰ ফাইনেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে হিমাই৷ এনে অৱস্থাত দেওবাৰৰ  ২০০ মিটাৰৰ হিট্‌ছৰ পূৰ্বে হিমা দাসৰ লগতে চিন্তিত হৈ পৰিছে তেওঁৰ প্ৰশিক্ষকো৷ ২০০ মিটাৰৰ দৌৰত অলিম্পিক যোগ্যতা অৰ্জনৰ মান হ’ল ২০.৮০ ছেকেণ্ড৷ তেনেস্থলত মাংসপেশীৰ আঘাতত ভোগা হিমাৰ বাবে এই যোগ্যতা অৰ্জনৰ মাপ স্পৰ্শ কৰাৰ বাবে কষ্টসাধ্য হ’ব৷ শেহতীয়াকৈ পাটিয়ালাত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ-প্ৰিত হিমাই ২২.৮৮ ছেকেণ্ডত ২০০ মিটাৰ সম্পূৰ্ণ কৰিছিল৷ ০.৮ ছেকেণ্ডৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছিল হিমা৷ একেদৰে ভাৰতৰ ৪x১০০ মিটাৰ মহিলাৰ ৰীলে দলটোৰ বাবেও হিমাৰ এই আঘাতে অশনি সংকেত কঢ়িয়াই আনিছে৷ আন্তঃৰাজ্যিক এথলেটিক্‌ছ প্ৰতিযোগিতাখনত ভাৰতৰ এই ৰীলে দলটোৱে শুকুৰবাৰে হিট্‌ছত ৪৩.৫০ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি নতুন ‘মীট ৰেকৰ্ড’ গঢ়িছিল৷ তথাপি, অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে  ৪x১০০ মিটাৰ মহিলা দলটোৰ এই প্ৰদৰ্শন পৰ্যাপ্ত নাছিল৷ ৪x১০০ মিটাৰ মহিলাৰ ৰীলেত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে নিৰ্ধাৰিত মান হ’ল ৪৩.০৫ ছেকেণ্ড৷ ০.৪৫ ছেকেণ্ডৰ বাবে হিমা দাস, দ্যুতি চান্দ, অৰ্চনা সুশীন্দ্ৰন আৰু ধনলক্ষ্মীৰে গঠিত এই ৰীলে দলটো অলিম্পিকলৈ যোগ্যতা অৰ্জনত পিছ পৰি ৰয়৷ শুকুৰবাৰে হিমাই ৪x১০০ মিটাৰ ৰীলেৰ তৃতীয়টো হিট্‌ছ সম্পুৰ্ণ কৰিবলৈ সময় লয় ১২.০১ ছেকেণ্ড৷ অৱশ্যে ২৯ জুনত হ’বলগীয়া প্ৰতিযোগিতাৰ অন্তিম দিনা ৪x১০০ মিটাৰ ৰীলেত দলটোৱে উন্নত প্ৰদৰ্শন দাঙি ধৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি ভাৰতীয় এথলেটিক্‌ছ ফেডাৰেশ্বন এতিয়াও আশাবাদী হৈ আছে৷ উল্লেখ্য, ২০০ মিটাৰত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ মান ২২.৮০ ছেকেণ্ডৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰাৰ বাবে কাইলৈ হ’ব হিমা দাসৰ  অন্তিম সুযোগ৷  কাইলৈ ব্যৰ্থ হ’লেও ৰেংকিঙৰ ভিত্তিত অলিম্পিক খেলাৰ সৌভাগ্য হ’ব পাৰে হিমাৰ৷ অৱশ্যে ২০০ মিটাৰ দৌৰত এই আশা তেনেই ক্ষীণ হিমাৰ৷ একেদৰে ৪x১০০ মিটাৰ ৰীলেত হিমাসহ চাৰিজনীয়া ভাৰতীয় দলটো বৰ্তমান ৰেংকিঙৰ ২০সংখ্যক স্থানত আছে৷ দলটোৱে পাটিয়ালাত চলি থকা আন্তঃৰাজ্যিক এথলেটিক্‌ছ প্ৰতিযোগিতাখনৰ ২৯ জুনত হ’বলগীয়া ফাইনেলত ৪৩.০৫ ছেকেণ্ডৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ অন্তিম সুযোগ পাব৷ ইয়াত সফলতা নাপালে ৰেংকিঙৰ ভিত্তিত দলটোৱে যোগ্যতা অৰ্জন কৰাৰ সম্ভাৱনীয়তা একেবাৰে নোহোৱা নহয়৷ অৱশ্যে সকলোবোৰ দিশ ৩০ জুনতহে নিশ্চিত হ’ব৷