Logo
image

ক্ষীণতৰ হৈ আহিছে হিমাৰ অলিম্পিক যাত্ৰাৰ সম্ভাৱনা

আমাৰ অসম, ২৮ জুনঃ ধিং এক্সপ্ৰেছ হিমা দাসৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ আশা ক্ৰমাৎ টুটি আহিছে৷ পাটিয়ালাৰ নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানত চলি থকা ৬০সংখ্যক ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত শনিবাৰে পুৱা মহিলাৰ ১০০ মিটাৰ হিটছত ভাগ লোৱাৰ সময়ত হেমষ্ট্ৰিঙৰ আঘাতত ভোগা হিমাই এতিয়াও আৰোগ্য লাভ কৰা নাই৷ ফলত দেওবাৰে ২০০ মিটাৰৰ হিটছত ভাগ ল’ব নোৱাৰিলে হিমাই৷ যাৰ বাবে ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনে মহিলাৰ ২০০ মিটাৰৰ হিট্‌ছ অনুষ্ঠিত নকৰি পোনপটীয়াকৈ ফাইনেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ মঙলবাৰে ২০০ মিটাৰৰ ফাইনেলত ভাগ লৈ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ অন্তিম সুযোগ পাব হিমাই৷  ২২.৮০ ছেকেণ্ডৰ কম সময়ত ২০০ মিটাৰ সম্পূৰ্ণ কৰিলেহে টকিঅ’ৰ টিকট লাভ কৰিব পাৰিব হিমাই৷ কিন্তু আঘাতৰ সমস্যাত জৰ্জৰিত হিমাৰ বাবে এই সময়ৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰাটো অত্যন্ত কঠিন হ’ব৷ শেহতীয়াকৈ ইণ্ডিয়ান গ্ৰাঁ-প্ৰিত হিমা দাসে ২২.৮৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰিছিল৷ ০.৮ ছেকেণ্ডৰ বাবে অলিম্পিক যোগ্যতা অৰ্জনৰ মাপ স্পৰ্শ কৰাত ব্যৰ্থ হৈছিল হিমা৷ আনহাতে, ইণ্ডিয়ান এথলেটিকছ ফেডাৰেশ্বনে হিমাৰ আঘাত কিমান গুৰুতৰ সেই বিষয়ে এতিয়াও একো জনোৱা নাই৷ মঙলবাৰে হ’বলগীয়া ফাইনেল অংশগ্ৰহণ কৰাৰ বাবে চিকিৎসকে হিমাক অনুমতি দিয়েনে নাই তাক লৈও ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ উদয় হৈছে৷ ৰেংকিঙৰ ফালৰ পৰাও হিমাৰ অলিম্পিক খেলাৰ সম্ভাৱনা একেবাৰে ক্ষীণ হৈ পৰিছে৷ ইপিনে হিমা দাস, দ্যুতি চান্দ, অৰ্চনা শুচীন্দ্ৰন আৰু ধনলক্ষ্মীৰে গঠিত ভাৰতীয় ৪x১০০ মিটাৰ মহিলা ৰীলে দলটোৰ বাবেও অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ আশা ক্ষীণ হৈ পৰিছে৷ মঙলবাৰে হ’বলগীয়া আন্তঃৰাজ্যিক এথলেটিকছ ৰীলেৰ ফাইনেলত দলটোৱে অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ শেষ সুযোগ পাব৷ তেনেস্থলত হিমাৰ আঘাতে ৰীলে দলটোক চিন্তাত পেলাইছে৷ দলটোৱে ৪৩.০৫ ছেকেণ্ডৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ সুযোগ পাব৷ আহত হিমা দলটোৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য৷ গতিকে ৰীলে দলটো হিমাৰ আঘাতৰ বাবে চাপত আছে৷ একেদৰে এতিয়া হিমাৰ ওপৰতে নিৰ্ভৰ কৰিছে অভিজ্ঞ এথলীট দ্যুতি চান্দৰ অলিম্পিক খেলাৰ ভাগ্য৷ ৰীলেত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে দ্যুতিৰো অলিম্পিক যাত্ৰাৰ সপোন চূৰ্ণ হ’ব৷