Logo
image

পায়েলৰ অভিযোগ খাৰিজ, সেই সময়ত দেশত নাছিলেই অনুৰাগ

আমাৰ অসম, ০৩ অক্টোবৰঃ বলীউডৰ চলচ্ছিত্ৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যি সময়ত অভিনেত্ৰী পায়েল ঘোষে  ধৰ্ষণৰ অভিযোগ আনিছিল, সেই সময়ছোৱাত হেনো বলীউডৰ চলচ্ছিত্ৰ পৰিচালকগৰাকী ভাৰততে নাছিল৷ শুকুৰবাৰে এই দাবী কৰিছে চলচ্ছিত্ৰ পৰিচালকগৰাকীৰ অধিবক্তাই৷ অধিবক্তাগৰাকীয়ে দাবী কৰা মতে অভিনেত্ৰী পায়েল ঘোষে ধৰ্ষণৰ অভিযোগ অনা সময়ছোৱাত অনুৰাগ কাশ্যপ শ্ৰীলংকাত আছিল৷ এই সন্দৰ্ভত অধিবক্তাগৰাকীৰ হাতত সকলো তথ্য মজুত আছে৷ উল্লেখ্য, অভিনেত্ৰী পায়েল ঘোষৰ ধৰ্ষণৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি চলচ্ছিত্ৰ পৰিচালক অনুৰাগ কাশ্যপক সোধা-পোছা কৰে৷ এই সময়তো তেওঁ অভিনেত্ৰীগৰাকীয়ে অনা ধৰ্ষণৰ অভিযোগৰ সত্যতা অস্বীকাৰ কৰে৷