Logo
image

এই যাত্ৰাত অলিম্পিক নহ’ল হিমাৰ

আমাৰ অসম, ৩০ জুনঃ হিমা দাসৰ ট’কিঅ’ অলিম্পিক খেলাৰ সপোন যৱনিকা পৰিল৷ তেওঁৰ সপোনৰ বাটত হেঙাৰ হৈ পৰিল হেমষ্ট্ৰিঙৰ আঘাত৷ পাটিয়ালাৰ এন আই এছত অনুষ্ঠিত ৬০ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাত শনিবাৰে ১০০ মিটাৰ হিটছত অংশ লোৱাৰ সময়ত আঘাত পাইছিল হিমাই৷ এই আঘাতেই তেওঁৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ স্বপ্ন চুৰ্ণ কৰিলে৷ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে অন্তিম দিন আছিল মঙলবাৰ৷ টকিঅ’লৈ টিকট লাভ কৰাৰ বাবে ২০০ মিটাৰত যোগ্যতাৰ নিৰ্ধাৰিত সময় আছিল ২০.৮০ ছেকেণ্ড৷ কিন্তু আঘাতৰ সমস্যাত জৰ্জৰিত হিমাই ২৫.০৩ ছেকেণ্ডতহে ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে৷ ফলত অলিম্পক যাত্ৰাৰ সপোন পূৰণ নহ’ল ধিং এক্সপ্ৰেছ ৰূপে পৰিচিত অসম কন্যা হিমাৰ৷ আন্তঃৰাজ্যিক প্ৰতিযোগিতাখনত হিমাই লাভ কৰিলে পঞ্চম স্থান৷ কেৰালাৰ অঞ্জলিয়ে প্ৰথম আৰু শ্ৰীলংকাৰ জয়ামানেই দ্বিতীয় স্থান লাভ কৰে৷ তেলেংগনাৰ হাৰিকাই লাভ কৰে তৃতীয় স্থান৷ আনহাতে, ইয়াৰ পূৰ্বে অনুষ্ঠিত ৪x১০০ মিটাৰ মহিলা ৰীলে দলত আঘাতৰ বাবেই ভাগ ল’ব নোৱাৰিলে হিমাই৷ হিমা দাসৰ ঠাইত দলত অন্তৰ্ভুক্ত হয় ধনেশ্বৰী৷ দ্যুতি চান্দ, ধনলক্ষ্মী, অৰ্চনা শুচিন্দ্ৰন আৰু ধনেশ্বৰীৰে গঠিত এই ৰীলে দলটোৱে ৪৪.১৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি আন্তঃৰাজ্যিক প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰে যদিও অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয়৷ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ সময় আছিল ৪৩.৪২ ছেকেণ্ড৷ উল্লেখ্য, ২০০ মিটাৰত হিমাৰ ৰেংকিং হ’ল ১০৮৷ গতিকে ৰেংকিঙৰ ফালৰ পৰা বহু তলত থকা হিমাৰ টকিঅ’ অলিম্পিকৰ স্বপ্ন আধৰুৱা হৈ ৰ’ল৷ ইফালে, ডিছকাছ থ্ৰ’ৱাৰ সীমা পুনীয়াই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে৷ আন্তঃৰাজ্যিক এথলেটিকছত ৬৩.৭০ মিটাৰ থ্ৰ’ কৰি সীমাই স্বৰ্ণ পদক লাভ কৰাৰ লগতে টকিঅ’ অলিম্পিকৰ টিকট লাভ কৰে৷