Logo
image

জাতীয়তাবাদলৈ প্ৰত্যাহ্বান

... অসমত অসমীয়া জাতীয়তাবাদ ইতিমধ্যে সম্পূৰ্ণৰূপে হিন্দুত্ব বা হিন্দু সংখ্যাগৰিষ্ঠবাদত জাহ গৈছে নে তাৰ কিছু অৱশিষ্ট আছে? হিন্দু সংখ্যাগৰিষ্ঠতাবাদৰ কবলৰ পৰা উলিয়াই আনি অসমীয়া জাতীয়তাবাদক পুনৰ সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব পৰাৰ অৱকাশ আছেনে? অসমৰ বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠা আৰু নিউজ চেনেলৰ টক শ্ব’বোৰতো  বিজেপি-আৰ এছ এছবিৰোধী, বাম গণতান্ত্ৰিক, উদাৰনৈতিক আৰু জাতীয়তাবাদী লেখা আৰু মতামতেৰে ভৰি থাকে৷ কিন্তু এই সকলোৰে মতামতক ভেঙুচালি কৰি নিৰ্বাচনবোৰত বিজেপি জয়ী হয়  ...

অসমৰ ৰাজনীতিত অসমীয়া জাতীয়তাবাদী-আঞ্চলিকতাবাদী ধাৰাটোৱে ২০২১ৰ নিৰ্বাচনৰ পাছত কি ৰূপ ল’ব? আহিব লগা নিৰ্বাচনৰ এইটো অন্যতম মূল প্ৰশ্ন৷ প্ৰশ্ন জাতীয়তাবাদী ৰাজনীতিৰ ক্ষমতা দখলৰ নহয়, প্ৰশ্ন এইটোও নহয় যে জাতীয়তাবাদী ৰাজনীতি ঐক্যবদ্ধ হ’ব নে বিভক্ত হৈ থাকিব৷ প্ৰশ্ন হ’ল– জাতীয়তাবাদী ৰাজনীতি বৰ্তি থাকিবনে নাথাকে৷ তামিলনাডুৰ ডি এম কে আৰু এ আই এ ডি এম কে দুয়োটাই ইটো সিটোৰ আজন্ম শত্ৰু আৰু দুয়োটাই মূলতঃ হিন্দী সম্প্ৰসাৰণৰ বিৰোধী তামিল জাতীয়তাবাদী দল৷ দুয়োটা দলৰে ওপৰত দুৰ্নীতিৰ পৰা আৰম্ভ কৰি অলেখ অভিযোগ আছে৷ কিন্তু ১৯৬৭ চনৰ পৰা আজিলৈ যোৱা ৫৩ বছৰে ১২টা নিৰ্বাচনত এই তামিল জাতীয়তাবাদী আঞ্চলিক দল দুটাই সলনা-সলনিকৈ ক্ষমতা দখল কৰি আহিছে৷ ২০২১ চনত হ’ব লগা নিৰ্বাচনত এই দুটা দলৰ এটাই ক্ষমতা দখল কৰিব৷ দুয়োটা দলৰ মাজত কোনো নীতি- আদৰ্শগত পাৰ্থক্য নাই৷ দুয়োটা দলৰ নেতাসকলৰ ব্যক্তিগত স্বাৰ্থ আৰু ‘ইগ’’ৰ সংঘাতেই হ’ল দল দুটাৰ মূল পাৰ্থক্য৷

মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৱশেষত জাতীয়তাবাদৰ সাজযোৰ সোলোকাই থ’লে৷ তেওঁ শেহতীয়া ৰাজহুৱা ভাষণ বা ঘোষণাসমূহ ‘জয় হিন্দ্‌’এৰে শেষ কৰিছে৷ আগতে জয় হিন্দৰ স’তে ‘জয় আই অসম’ও আছিল৷ এতিয়া ‘জয় আই অসম’ খাৰিজ হৈছে৷ ২০১৬ৰ নিৰ্বাচনৰ সময়ত অসমীয়া জাতীয়তাবাদ আৰু বিজেপি-আৰ এছ এছৰ হিন্দুত্বৰ মাজত কোনো সংঘাত নাছিল৷ এই দুয়োটাৰে যুগলবন্দীত সোণোৱাল মুখ্যমন্ত্ৰী হৈছিল৷ শুদ্ধ এন আৰ চি হ’ব, অসম চুক্তি ৰূপায়ণ হ’ব, ৬নং দফা কাৰ্যকৰী হ’ব, খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা হ’ব৷ মুঠতে আই অসমীৰ জয়জয় ময়ময় হ’ব৷ বিজেপি-আৰ এছ এছৰ হিন্দু ৰাষ্ট্ৰবাদত অসমীয়া আৰু খিলঞ্জীয়াৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত হ’ব৷

তাৰ পাছত হিন্দুত্বৰ স্বাৰ্থত এন আৰ চিখনক পশ্চাদঘাতী আৰু অন্তৰ্ঘাতী ষড়যন্ত্ৰেৰে প্ৰায় নসাৎ কৰা হ’ল৷ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া হ’ল৷ ৬নং দফা ৰূপায়ণৰ বাবে যুগুত কৰা প্ৰতিবেদনক ডাষ্টবিনত ঠাই দিয়া হ’ল৷ এইবোৰ হ’ল সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত৷  আছুৱে মুকলিকৈ সৰ্বানন্দ সোণোৱালক প্ৰতাৰক আখ্যা দিবলগা হ’ল৷ অসমীয়া জাতীয়তাবাদ আৰু হিন্দুত্বৰ মাজৰ হানিমুনৰ অন্ত পৰিল৷ সোণোৱালে শেষ মুহূৰ্তলৈ জাতীয়তাবাদৰ মুখা এখন পিন্ধি থকাৰ চেষ্টা চলালে৷ কিন্তু এই প্ৰচেষ্টাৰ ফলত তেওঁৰ দুয়োকুল হেৰুওৱাৰ উপক্ৰম ঘটিল, কাৰণ জাতীয়তাবাদ আৰু হিন্দুত্ববাদী ৰাষ্ট্ৰবাদ একেলগে চলাই যোৱাৰ পৰিৱেশৰ ইতিমধ্যে অন্ত পৰিছিল৷ তেওঁৰ সমুখত জাতীয়তাবাদ বা হিন্দুত্বৰ যিকোনো এটাক বাছি লোৱাৰ সময় আহি পৰিল৷ অৱশেষত তেওঁ সিদ্ধান্ত ল’লে যে তেওঁ বিজেপিৰ ৰাষ্ট˜বাদী হিন্দুত্বৰ পক্ষত থাকিব৷

বিজেপিৰ শাসনত ভাৰত ইতিমধ্যে এখন হিন্দু সংখ্যাগৰিষ্ঠতাবাদী ৰাষ্ট্ৰত পৰিণত হৈছে৷ মুকলিকৈ ঘোষণা কৰা নাই যদিও ভাৰত ইতিমধ্যে এখন হিন্দু ৰাষ্ট্ৰ৷ সৌ সিদিনালৈ সাম্প্ৰদায়িক মনোবৃত্তিক এটা সাংস্কৃতিক মনৰ পৰিচায়ক বুলি ধৰা হোৱা নাছিল৷ ৰাজহুৱাভাৱে মুছলমানবিদ্বেষ জাহিৰ কৰাটো সমাজৰ বাবে গ্ৰহণযোগ্য নাছিল৷ সেই পৰিৱেশ এতিয়া সলনি হৈছে৷ উদাৰনৈতিক চিন্তা তথা ধ্যান-ধাৰণা এমুঠি মাত্ৰ মানুহৰ মাজত সীমাবদ্ধ হৈ ৰৈ গৈছে৷ ভাৰতখন হিন্দুৰ দেশ, গতিকে ইয়াত হিন্দুৰ দাদাগিৰি চলিব আৰু বাকীবোৰে হিন্দুৱে যেনেকৈ বিচাৰে তেনেকৈ চলিব লাগিব৷ এই চিন্তাই ভাৰতৰ সকলো হিন্দুক নহ’লেও বহুতকে প্ৰভাৱিত কৰিছে৷ উদাৰনৈতিক চিন্তাৰ বিৰোধী হিন্দু সংখ্যাগৰিষ্ঠবাদ আৰু মুছলমানবিদ্বেষেৰে¸ বিজেপিয়ে চমকপ্ৰদ ৰাজনৈতিক বিজয় হাচিল কৰিছে৷ বিজেপিৰ চৰকাৰ হিন্দুৰ চৰকাৰ, গতিকে সকলো হিন্দুৱে এই চৰকাৰ বৰ্তাই ৰাখিব লাগে৷ সকলো দিশতে শোচনীয়ভাৱে ব্যৰ্থ হোৱাৰ পাছতো ‘হিন্দুৰ চৰকাৰ’ বুলি ভোটাৰক পতিয়ন নিয়াব পৰাৰ বাবেই বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বলৈ সক্ষম হৈছে৷ কংগ্ৰেছকে ধৰি কোনো বিৰোধী দলেই বিজেপিৰ জয়ৰ এই অব্যৰ্থ উপায়টোৰ মোকাবিলা কৰিব পৰা নাই৷

অসমত কিন্তু হিন্দুত্ব বা হিন্দু সংখ্যাগৰিষ্ঠতাবাদতকৈ অসমীয়া জাতীয়তাবাদ অধিক শক্তিশালী ৰাজনৈতিক শক্তি আছিল৷ অগপৰ পৰা গৈ বিজপি হোৱাসকল আৰু কংগ্ৰেছৰ পৰা আহি বিজেপি হোৱাসকলৰ বাদে অসমত, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বিজেপিৰ নিজাববীয়াকৈ বিশেষ অস্তিত্ব নাই৷ ২০১৬ৰ বিধানসভা নিৰ্বাচনত অসমীয়া জাতীয়তাবাদ বিজেপিৰ মূল অস্ত্ৰ আছিল৷ নিৰ্বাচনী ইস্তাহাৰতো হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা নাছিল, অসম চুক্তি ৰূপায়ণৰ কথাহে আছিল৷ অগপ আৰু জাতীয়তাবাদী শক্তিসমূহে  বিজেপিৰ সহযোগত জাতি উদ্ধাৰ কৰাৰ আত্মঘাতী পথ বাছি লৈছিল৷ ‘কেব’ আৰু ‘কা’বিৰোধী আন্দোলনে অসমীয়া জাতীয়তাবাদক সেই আত্মঘাতী পথৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে৷ কিন্তু জাতীয়তাবাদৰ সমৰ্থকসকলৰ যথেষ্টসংখ্যক ইতিমধ্যে বিজপিৰ হিন্দু সংখ্যাগৰিষ্ঠতাবাদৰ সমৰ্থক হৈ পৰিল৷ অসমীয়া জাতীয়তাবাদৰ সমৰ্থকৰ একাংশই ‘বাংলাদেশী মুছলমান’ৰ মোকবিলা কৰিবলৈ ‘হিন্দু বাংলাদেশী’ৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিলে৷ বিজেপিয়ে জাতীয়তাবাদী শিবিৰৰ আটাইখিনিকে হাইজেক কৰিবলৈ সক্ষম নহ’লেও জাতীয়তাবাদী শিবিৰক বিভক্ত কৰাত সফল হ’ল৷ অসমত বিজেপিৰ উত্থানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ল জাতীয়তাবাদী-আঞ্চলিকতাবাদী ৰাজনীতি৷

বিজেপিৰ হিন্দু সংখ্যাগৰিষ্ঠতাবাদ আৰু ৰাষ্ট্ৰবাদ আচলতে উত্তৰ ভাৰতীয় হিন্দী-হিন্দু-হিন্দুস্তানী জাতীয়তাবাদ৷ পশ্চিমৰ মাৰাঠী আৰু গুজৰাটীসকলক, দক্ষিণৰ তামিল, তেলুগু, মালয়ালি আৰু কান্নাড়সকলক, পূবৰ বাঙালীসকলক এই হিন্দুত্ব আৰু ৰাষ্ট্ৰবাদৰ নামত চলা হিন্দী-হিন্দু-হিন্দুস্তানী জাতীয়তাবাদে একো অনিষ্ট কৰিব নোৱাৰে৷ তেওঁলোক ধনে-জনে শক্তিশালী৷  অসমীয়া ধনে-জনে দুৰ্বল৷ নাগৰিকত্ব সংশোধনী আইনখন জাপি দি আৰু ৬নং  দফাকো নস্যাৎ কৰি বিজেপিয়ে প্ৰমাণ কৰি দিছে যে অসমীয়া আৰু অসমৰ খিলঞ্জীয়াৰ বাবে বিজেপি-আৰ এছ এছৰ হিন্দী-হিন্দু-হিন্দুস্তানী জাতীয়তাবাদৰ ৰাজনৈতিক শক্তি বিদেশীৰ অনুপ্ৰৱেশতকৈও ভয়ংকৰ হ’ব পাৰে৷

অসমত অসমীয়া জাতীয়তাবাদ ইতিমধ্যে সম্পূৰ্ণৰূপে হিন্দুত্ব বা হিন্দু সংখ্যাগৰিষ্ঠবাদত জাহ গৈছে নে তাৰ কিছু অৱশিষ্ট আছে? হিন্দু সংখ্যাগৰিষ্ঠতাবাদৰ কবলৰ পৰা উলিয়াই আনি অসমীয়া জাতীয়তাবাদক পুনৰ সুকীয়াকৈ প্ৰতিষ্ঠা কৰিব পৰাৰ অৱকাশ আছেনে? অসমৰ বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠা আৰু নিউজ চেনেলৰ টক শ্ব’বোৰতো  বিজেপি-আৰ এছ এছবিৰোধী, বাম গণতান্ত্ৰিক, উদাৰনৈতিক আৰু জাতীয়তাবাদী লেখা আৰু মতামতেৰে ভৰি থাকে৷ কিন্তু এই সকলোৰে মতামতক ভেঙুচালি কৰি নিৰ্বাচনবোৰত বিজেপি জয়ী হয়৷ গৰিষ্ঠসংখ্যক ভোটাৰে কাকতৰ সম্পাদকীয় পৃষ্ঠাৰ বা টক শ্ব’ৰ বিজেপি-আৰ এছ এছ বিৰোধিতাক সন্মানসহকাৰে থাপনাত তুলি থৈ বিজেপিৰ হিন্দু সংখ্যাগৰিষ্ঠবাদক আঁকোৱালি লয়৷ যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে জ্ঝখন আসন লাভ কৰিছে আৰু জয়ী হোৱা আসনকেইখনত বিজেপিৰ ভোট ৫০ শতাংশতকৈও অধিক৷ 

মুখ্যমন্ত্ৰী সোণোৱালে এই সিদ্ধান্তত উপনীত হৈছে নেকি যে অসমীয়া জাতীয়তাবাদ ইতিমধ্যে হিন্দু সংখ্যাগৰিষ্ঠতাবাদত লীন হৈ গৈছে? মুখ্যমন্ত্ৰী সোণোৱালে  জাতীয়তাবাদ বিসৰ্জন দি এই ইংগিত দিছে যে জাতীয়তাবাদী শিবিৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলেও তেওঁৰ ৰাজনৈতিক স্বাৰ্থত একো বিঘিনি নঘটে, কাৰণ অসমীয়া জাতীয়তাবাদ ইতিমধ্যে গো-বলয়ৰ হিন্দী-হিন্দু জাতীয়তাবাদত জাহ গৈছে৷ মুখ্যমন্ত্ৰী হ’বলৈ তেওঁৰ আৰু জাতি-মাটি-ভেটিৰ শ্লোগানৰ প্ৰয়োজন নাই৷

মহাৰাষ্ট˜ত শিৱ সেনাই মিত্ৰদল বিজেপিক এৰি বিৰোধীৰ স’তে লগ লাগি চৰকাৰ গঠন কৰিছে আৰু মাৰাঠী ‘অস্মিতা’ অৰ্থাৎ স্বাভিমানৰ নামত৷ সোণোৱাল অসমীয়াৰ স্বাভিমানৰ বাবে মোদী-শ্বাহৰ বিৰুদ্ধে যাব পৰাকৈ খামিডাঠ নহয়৷ এই পৰিস্থিতিত ২০২১ৰ নিৰ্বাচনত বিজেপি-আৰ এছ এছৰ ৰাষ্ট˜বাদৰ নামত চলা হিন্দী-হিন্দু-হিন্দুস্তানী জাতীয়তাবাদক অসমীয়া জাতীয়তাবাদী-আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিয়ে প্ৰত্যাহ৩ান জনোৱাটো অসমীয়া জাতীয়তাবাদ তথা আঞ্চলিকতাবাদৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয়৷ এই শক্তিটো বা শক্তিবোৰ ২০২১ৰ নিৰ্বাচনত কিমান সফল বা বিফল হ’ব, সেইটো মূল প্ৰশ্ন নহয়৷ কিন্তু বিজেপিক প্ৰত্যাহ৩ান জনোৱা  জাতীয়তাবাদী ৰাজনৈতিক শক্তিৰ অনুপস্থিতিত ২০২১ৰ পাছত অৰাজনৈতিক জাতীয়তাবাদী শক্তিসমূহো অগপৰ দৰে বিজেপি-আৰ এছ এছৰ হিন্দুত্বত জাহ যোৱাৰ সম্ভাৱনাই অধিক৷ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অসমীয়া জাতীয়তাবাদী শক্তিয়ে ২০২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাই নিজৰ সুকীয়া অস্তিত্ব জাহিৰ কৰিব লাগিব৷

ভূপেন হাজৰিকাই কৈছে– ‘মোৰ আইক ভাল পাওঁ বুলিলে আনৰ আইক জানো ঘিণ কৰাটো বুজাব?’ বিজেপি-আৰ এছ এছে কয়– ‘গৰ্বসে কহো হম হিন্দু হে’– গৰ্বেৰে কোৱা আমি হিন্দু৷ হিন্দু হোৱাৰ বাবে গৰ্ব কৰাসকলৰ স’তে মোৰ একো বিৰোধ নাই, কিন্তু ‘কা’ই প্ৰমাণ কৰিছে যে এই হিন্দু সংখ্যাগৰিষ্ঠতাবাদী দাদাগিৰিয়ে মোৰ অসমীয়া পৰিচয়টোৰ প্ৰতি ভাবুকি আনিব পাৰে৷ মই মোৰ নিজৰ ভেটিত, নিজৰ মাটিত গৰ্বেৰে ক’ব বিচাৰোঁ মই অসমীয়া৷ সেয়েহে মই মোক প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক শক্তি এটা অত্যন্ত জৰুৰী বুলি ভাবোঁ৷ মোৰ বাবে ‘জয় আই অসম’  ‘জয় হিন্দ’ৰ পৰিপূৰকহে, বিৰোধী নহয়৷ ‘জয় হিন্দ’ৰ বহল আৰু উদাৰ পৰিসৰত মই ‘জয় আই অসম’ৰ বাবেও এক মৰ্যাদাপূৰ্ণ ঠাই বিচাৰোঁ৷ মই এজন অসমীয়া আৰু গৰ্বেৰে কওঁ জয় আই অসম৷