Logo
image

কংগনাক ধিক্কাৰ জয়া বচ্ছনৰ

আমাৰ অসমৰ, ১৫ ছেপ্টেম্বৰঃ বলীউদৰ প্ৰসিদ্ধ অভিনেত্ৰী তথা সমাজবাদী পাৰ্টীৰ সাংসদ জয়া বচ্ছনে বিজেপিৰ সাংসদ তথা প্ৰাক্তন অভিনেতা ৰবি কিষান আৰু কংগনা ৰানাৱতৰ নাম উচ্ছাৰণ নকৰাকৈ দুয়োকে সদনত ক্ষুৰধাৰ সমালোচনা কৰিছে৷ সম্প্ৰতি ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰণৰে বিজেপিৰ অনানুষ্ঠানিক মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ হোৱা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত আৰু অভিনেতাৰ পৰা ৰাজনীতিকত পৰিণত হোৱা ৰবি কিষানক জয়া বচ্ছনে খাই পাত ফলা বুলি অভিহিত কৰিছে৷ তদুপৰি আৰ্থিক স্থিতি, কৰ্মসংস্থাপনহীনতাৰ দৰে জলন্ত সমস্যাক ঢাকি ৰাখিবৰ বাবে এয়া চৰকাৰী প্ৰয়াস বুলিও তেওঁ মন্তব্য কৰিছে৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত এদিন পূৰ্বে বলীউডৰ অভিনেতা অভিনেত্ৰী ড্ৰাগ্‌ছত আসক্ত বুলি মন্তব্য কৰিছিল বিহাৰৰ ভোজপুৰী তাৰকা তথা বিজেপিৰ সাংসদ ৰবি কিষানে৷ আনহাতে, প্ৰথমে সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সৰব হোৱা কংগনা ৰানাৱতে শেহতীয়াকৈ নিৰন্তৰ ৰাজনৈতিক মন্তব্যৰে মহাৰাষ্ট্ৰৰ শাসনাধিষ্ঠিত শিবসেনাক আক্ৰমণ চলাই আছে৷ ৰবি কিষানৰ মন্তব্যৰ প্ৰত্যুত্তৰত জয়া বচ্ছনে কয়– ‘মই কালি লোকসভাৰ এজন সন্মানীয় সদস্যৰ মন্তব্যত অস্বস্তিত পৰাই নহয়, আশ্বৰ্যবোধো কৰিছিলো৷ তেওঁ সেই উদ্যোগৰ পৰাই উঠি অহা৷ মই তেওঁৰ নাম উচ্ছাৰণ নকৰো৷ কিন্তু তেওঁৰ বক্তব্যই মোক লজ্জানত কৰিছে৷’ আনহাতে, কংগনা ৰানাৱতক উদ্দেশ্যি জয়া বচ্ছনে নিজৰ বক্তব্যত কয়– ‘যিবোৰে সেই উদ্যোগৰ পৰাই নাম-যশ লাভ কৰিছে, তেওঁলোকে তাকেই ঘিনাইছে৷ তেনে বক্তব্যৰ মই ঘোৰ বিৰোধিতা কৰিছো আৰু সেই মন্তব্যৰ পৰা মই নিজকে নিলগাই ৰাখিছো৷ আচলতে এয়া খাই পাত ফলা স্বভাৱ৷’সাংসদ জয়া বচ্ছনে সম্প্ৰতি বলীউডৰ ড্ৰাগ্‌ছ সংযোগ লৈ দেশ আৰু মিডিয়া সশব্যস্ত৷ ব্যস্ত হৈ থকাৰ আঁৰত গভীৰ ৰাজনৈতিক চল-চাতুৰি লুকাই থকা বুলি মন্তব্য কৰে৷ জয়া বচ্ছনে নিজৰ বক্তব্যত সদনত কয় যে, জলন্ত সমস্যা লুকুৱাই ৰাখিবলৈ চৰকাৰে এনে ইছ্যু অধিক মাত্ৰাত প্ৰচাৰ কৰোৱাই দেশৰ জনতাক চলাই ভুলাই ৰাখিছে৷ তেওঁ কয়– ‘যিটো সময়ত দেশৰ অৰ্থনৈতিক অৱস্থা গভীৰ খাদত, কৰ্মসংস্থাপন হেৰুৱাই যুৱক-যুৱতীয়ে ককবকাই আছে, সেই সময়ত তেনে জলন্ত সমস্যাসমূহ ঢাকি ৰাখিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত এনেবোৰ বিষয় বহুতেই জলন্ত কৰি তুলিছে৷’সাংসদ জয়া বচ্ছনক ততোধিক কঠোৰ আৰু প্ৰকাশৰ অযোগ্য শব্দৰে প্ৰত্যুত্তৰ দিছে কংগনা ৰানাৱতে৷ টুইট কৰি তেওঁ কৈছে– ‘জয়াজী, মোৰ স্থানত থকা হ’লে আৰু আপোনাৰ কন্যা শ্বেতাক কিশোৰ অৱস্থাতে মাৰপিট কৰি, যৌন হাৰাশাস্তি কৰা হ’লে একে কথাই ক’লেহেঁতেন নে? বা পুত্ৰ অভিষেকক এদিন ছিপজৰীত ওলমি থকা দেখাহ’লে এই কথাই ক’লেহেঁতেন নে?’