Logo
image

আঞ্চলিক ৰাজনীতি আৰু বিজেপিৰ লাভ

আঞ্চলিক ৰাজনৈতিক দলৰ শেষ লক্ষ্য দিছপুৰৰ ক্ষমতা দখল নেকি? যদি সেইটোৱে হয়, তেন্তে অসমত আঞ্চলিক ৰাজনৈতিক শক্তি কেতিয়াও গা কৰি উঠিব নোৱাৰে৷ অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম গণ পৰিষদৰ শেহতীয়া কাম-কাজৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে দলটোৰ বৰ্তমানৰ নেতৃত্বৰ অন্যতম লক্ষ্যই হ’ল দিছপুৰৰ ৰাজপাট ভোগ কৰা৷ অগপ বৰ্তমান প্ৰকৃতাৰ্থত আঞ্চলিক ৰাজনৈতিক দল হৈ থকা নাই৷ ক্ষমতাৰ স্বাৰ্থত অগপৰ বৰ্তমানৰ নেতৃত্বই আঞ্চলিকতাবাদৰ পোছাক খুলি থৈ সুবিধাবাদৰ এখন ডাঠ পোছাক পিন্ধি লৈছে৷ যাৰ ফলত ৰাজ্যবাসীৰ আৰ্তনাদ, ক্ৰন্দন, আৱেগ-অনুভূতি, অনুনয়-বিনয়ে তেওঁলোকৰ এই সুবিধাবাদী পোছাক ভেদ কৰিব নোৱৰা হৈছে৷ বৰ্তমান অগপৰ আঞ্চলিকতাবাদৰ দৌৰ তিনিজন কেবিনেট মন্ত্ৰীৰ চকীতে আৰম্ভ আৰু এই চকীতে শেষ৷ অথচ অসমৰ ভোটাৰৰ মাজত সিংহৰ দৰে গৰ্জন কৰি থকাৰ ক্ষমতা আৰু সুবিধা অগপ দলৰ আছিল চৰকাৰৰ অংশীদাৰ হৈ ‘কা’ৰ পাছতো৷ অগপৰ পৰিকল্পিত ব্যৰ্থতাৰ ফলত শেহতীয়াভাৱে ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল খোলাৰ জোৱাৰ উঠিছে৷ প্ৰথমে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আঞ্চলিক গণ মৰ্চা নামেৰে আঞ্চলিক দল এটা গঠন হ’ল৷ তাৰ পাছত জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাৰ নেতৃত্বত তেজপুৰত গঠন হ’ল ‘সংযুক্ত আঞ্চলিক দল’৷ ইয়াৰ পাছত আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ’ল ‘অসম জাতীয় পৰিষদ’৷ শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গঠন হ’ল ‘ৰাইজৰ দল’৷ শীঘ্ৰে ৰাজ্যত হয়তো আৰু কিছু আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাৰ সম্ভাৱনা আছে৷ বৰ্তমানলৈ গঠিত আটাইকেইটা ৰাজনৈতিক দলৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য হ’ল– অসমত প্ৰকৃত আঞ্চলিকতাবাদ স্থাপন আৰু বিজেপি দল-চৰকাৰক উৎখাত কৰা৷ মূল লক্ষ্য আৰু উদ্দেশ্য একেই হোৱাৰ পাছতো চাৰিওটা দলৰ নেতৃত্বই কিন্তু একত্ৰিত নহ’ল৷ এবাৰো একেলগে বহি আলোচনাত মিলিত নহ’ল৷ দাবী কৰা মতে অসমৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান যিহেতু তেওঁলোকৰ লক্ষ্য, সেয়ে জাতীয় লক্ষ্য আগত লৈ চাৰিওটা ৰাজনৈতিক দল একত্ৰিতভাৱে আগবঢ়াত বাধা ক’ত? কিন্তু তেওঁলোকে সেইটো নকৰিলে৷ দলকেইটাৰ নেতৃত্বৰ আশংকা– যদি চাৰিওটা দল একত্ৰিত হয়, তেন্তে মুখ্যমন্ত্ৰী কোন হ’ব? কৃষক মুক্তিয়ে দীঘলীয়া সময় ধৰি আছু আৰু যুৱ-ছাত্ৰ পৰিষদক উমৈহতীয়া দল গঠনৰ বাবে আহ্বান জনাই আছিল৷ কিন্তু ছাত্ৰ সংগঠন দুটাৰ নেতৃত্বই এই কথাত মুঠেই গুৰুত্ব নিদিলে৷ যুৱ-ছাত্ৰ পৰিষদ ‘কা’বিৰোধী আন্দোলনৰ এই দীঘলীয়া সময়ছোৱা কৃষক মুক্তিৰ অবিচ্ছেদ্য অংশ আছিল৷ কিন্তু দল গঠনৰ সময়ত কৃষক মুক্তিৰ পৰা ফালৰি কাটি যুৱ-ছাত্ৰ পৰিষদ আছুৰ সৈতে একেলগে যোগ দিলে৷ ৰাজ্যৰ সচেতন লোকসকলে এটা উমৈহতীয়া বিজেপিবিৰোধী শক্তি অসমত বিচাৰিছিল৷ কিন্তু ৰাইজৰ এই অনুভূতিক কোনো এজন নেতাই ন্যূনতমো গুৰুত্ব নিদিলে৷ অসমত কংগ্ৰেছে বিজেপিবিৰোধী মহাজোঁট গঠনৰ আহ্বান দি আছে৷ কিন্তু কংগ্ৰেছৰ এই পদক্ষেপ আশানুৰূপভাৱে আগবঢ়া নাই৷ বিভিন্ন আঞ্চলিকতাবাদৰ এই নতুন কুচকাৱাজত পুনৰ লাভৱান হ’ব বিজেপি দল আৰু চৰকাৰ৷ প্ৰতিটো দলে বিজেপিৰ ভোট বিভাজনৰ পৰিৱৰ্তে নিজৰ নিজৰ ভোটহে বিভাজিত কৰিব নিৰ্বাচনত৷ আৰু ইয়াৰ দ্বাৰা মূলতঃ ক্ষতি  হ’ব অগপ দল৷ বিজেপি যিহেতু কেডাৰভিত্তিক দল, সেয়ে বিজেপিৰ ভোটৰ বৰ-বেছি হৰণ-ভগন নহয়৷ এইক্ষেত্ৰত আৰ এছ এছৰ দৰে সংগঠনসমূহৰ ক্ষেত্ৰভিত্তিক কৰ্মীসমূহ ৰাইজৰ মাজত জঁপিয়াই পৰিছে৷ এইসমূহ কৰ্মীৰ কষ্টৰ ফলতে ‘কা’ আন্দোলনে বিজেপিক নিৰ্বাচনৰ অংকত  অলপো ক্ষতি কৰিব নোৱাৰিলে৷ গতিকে বিধানসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিবিৰোধী ভোটসমূহহে বিভক্ত হৈ পৰিব৷ অগপৰ সমান্তৰালভাৱে ৰাজনৈতিকভাৱে কংগ্ৰেছ দলো ইয়াৰ পৰা যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া যে হ’ব, সেইটো নিশ্চিত৷