
ৰাজনীতিৰ প্ৰকোপত অৰ্থনীতিৰ গুৰুত্ব হ্ৰাস
কৰ’না ভাইৰাছৰ আৱিৰ্ভাৱ আৰু সংক্ৰমণে বিশ্বৰ কিছুমান দেশত সন্ত্ৰাস আৰম্ভ কৰোঁতে ভাৰতত কোনো সতৰ্কতামূলক আগতীয়া ব্যৱস্থা লোৱা হোৱা নাছিল৷ সেই সময়ত বেলেগ দেশৰ অৱস্থালৈ চাই আমাৰ দেশত স্বাস্থ্যসেৱাৰ সুবিধা কিমান তাক পৰ্যালোচনা কৰা নহ’ল৷ ফলত, কৰ’না ভাইৰাছে আহি ভাৰতত প্ৰৱেশ কৰাত হাহাকাৰ লাগে৷ ইতিমধ্যে ব্যাপক সংক্ৰমণে ক্ষতি কৰাত কেন্দ্ৰত থকা মোদীনিৰ্ভৰ বিজেপি চৰকাৰে হঠাতে বেছি কঠিন সিদ্ধান্তৰ ফালে আগবাঢ়ে৷
বিশেষ পূৰ্বপ্ৰস্তুতি নোহোৱাকৈ ৰাষ্ট্ৰজুৰি লকডাউন ঘোষণা কৰা হয়৷ অসমতো দীঘলীয়া লকডাউন দিয়া হয়৷
হঠাৎ দিয়া লকডাউনে গোটেই অৰ্থনৈতিক ব্যৱস্থাত আউল লগায়৷ চহৰাঞ্চলৰ লগতে গাঁও অঞ্চলতো সমানে প্ৰভাৱ পৰে৷ লকডাউনৰ ফলত দোকান-পোহাৰ, হোটেল-ৰেস্তোৰাঁকে ধৰি সকলোধৰণৰ ব্যৱসায়, উদ্যোগ- প্ৰতিষ্ঠান বন্ধ হৈ পৰে৷ চহা কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ অভাৱত পথাৰতে নষ্ট হ’বলৈ ধৰে৷ ব্যক্তিগত খণ্ডত কৰ্মৰত হাজাৰ হাজাৰ কৰ্মচাৰী কৰ্মহীন হৈ পৰে৷ পৰিস্থিতি ভয়াৱহ হৈ উঠে যেতিয়া বাহিৰত থকা শ্ৰমিক-মজদুৰসকল যিকোনোপ্ৰকাৰে নিজ নিজ ঘৰলৈ উভতি আহিবলৈ ধৰে৷ এনে সময়ত অসম চৰকাৰৰ প্ৰশাসনীয় কাম-কাজ প্ৰায় বন্ধ হৈ পৰে৷ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ পৰে৷ ব্যব্দৱসায়-বাণিজ্য বন্ধ হোৱাৰ ফলত চৰকাৰৰ ৰাজহুৱা উপাৰ্জন হ্ৰাস পায়৷ আনকি শিক্ষক-কৰ্মচাৰীক দৰমহা দি থাকিব পৰা যাবনে নাযায় সেই কথাত সন্দেহ উপজে৷
লকডাউনে সৃষ্টি কৰা অতি নিৰাশাজনক পৰিস্থিতিত অৰ্থনৈতিক সংকট কেনেকৈ মোকাবিলা কৰা যায়, সেই বিষয়ত পৰামৰ্শ বিচাৰি অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্থনীতিৰ লগত জড়িত বিশেষজ্ঞ কিছুসংখ্যকক মাতি সভা পাতিছিল, য’ত উপস্থিত আছিল অসম চৰকাৰৰ বিত্ত [স্বাস্থ্য, শিক্ষা], কৃষি, উদ্যোগ, সমাজকল্যাণ বিভাগৰ মন্ত্ৰীৰ লগতে অসম চৰকাৰৰ দায়িত্বশীল বিষয়াসকল৷ পিছদিনা মুখ্যমন্ত্ৰীয়ে কাকতৰ সম্পাদক, সাংবাদিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰো পৰামৰ্শ গ্ৰহণ কৰিছিল৷ সকলোৰে পৰামৰ্শক্ৰমে উপদেষ্টা কমিটী গঠন কৰিছিল৷ সেই কমিটীয়ে তৎপৰতাৰে কাম আৰম্ভ কৰি, বাতৰিকাকতত বিজ্ঞাপন দি ৰাইজৰ পৰামৰ্শ বিচাৰিছিল৷ বিভিন্ন বিভাগৰ পৰাও প্ৰতিবেদন বিচাৰিছিল৷ কম সময়ৰ ভিতৰতে কমিটীয়ে প্ৰতিবেদন প্ৰস্তুত কৰি দাখিল কৰিছিল৷ ইমানখিনিলৈ সকলো ঠিকেই আছিল৷ ৰাইজেও আশাৰে বাট চাইছিল– অৰ্থনীতি বিশেষজ্ঞ, কৃষি বিজ্ঞানী, সম্পাদক, বিশিষ্ট সাংবাদিক আৰু ৰাইজৰ মতামতৰ ভিত্তিত দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হ’ব৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বিছ লাখ কোটি টকাৰ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিছিল৷ তেতিয়া জনতাৰ মনত নতুন আশাৰ সঞ্চাৰ হৈছিল৷
শেষত দেখা গ’ল বিশেষ তৎপৰতাৰে গঠন কৰা উপদেষ্টা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ল আৰু ৰাইজে গমেই নাপালে সেই প্ৰতিবেদনত কি পৰামৰ্শ দিয়া হৈছিল৷ সেই সময়ত বিত্তমন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত বিশেষ উদ্যোগ নোলোৱা বুলি প্ৰচাৰ হ’ল৷ আনকি মুখ্যমন্ত্ৰী সোণোৱালে লোৱা প্ৰচেষ্টা বিফল কৰিবলৈ বিত্তমন্ত্ৰী ড॰ শৰ্মাই কৌশল কৰি সেই প্ৰতিবেদনৰ প্ৰাসংগিকতাই নাইকিয়া কৰিলে বুলি এক ধাৰণা প্ৰচাৰ হ’ল৷
ইতিমধ্যে অসমত বহুত উত্থান-পতন হ’ল৷ ক’ভিডৰ মহাসংক্ৰমণ আৰু সন্ত্ৰাসৰ মাজতে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ল আৰু সৰ্বানন্দ সোণোৱালক আঁতৰাই ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ চকীত বহে৷ মুখ্যমন্ত্ৰীৰ চকীত বহিয়ে ড॰ শৰ্মাই কথা আৰু কামেৰে সৰ্বেসৰ্বা হৈ পৰে৷ নিজৰ পছন্দৰ মন্ত্ৰী পৰিষদ গঠন কৰি সকলো ক্ষেত্ৰতে চৰকাৰৰ কতৃৰ্ত্ব স্থাপনৰ চেষ্টা চলায়৷ ক’ভিডৰ ব্যাখ্যা নিজৰ মতে কৰি, অৰ্থনৈতিক ক্ষতিৰ হিচাপ নিবিচাৰি অন্য বিষয়ত মনোনিৱেশ কৰা হয়৷ যি সময়ত নিবনুৱা সমস্যা প্ৰকট হৈছে, সেই সময়ত বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰি মুখ্যমন্ত্ৰীয়ে অতি কৌশলেৰে অভিভাসী মুছলমান সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিয়ে সকলো সমস্যাৰ মূল বুলি প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে৷ অসমৰ অৰ্থনৈতিক উন্নতিত অভিভাসী মুছলমানৰ অৱদান কিমান তাক হিচাপ নকৰি এই সম্প্ৰদায়ৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন কৰিবলৈ লোৱা হয়৷
দেখা গৈছে অসমৰ মূল সমস্যাৰ পৰা ৰাইজৰ মনোযোগ আঁতৰ কৰি ৰাখিবলৈ আৰু লকডাউনৰ অৰ্থনৈতিক ক্ষতি লুকুৱাই ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে অন্য ক্ষেত্ৰত চমক সৃষ্টি কৰিবলৈ লৈছে৷ আৰক্ষী বাহিনীক নিজৰ কব্জালৈ নি গৃহমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগ্ছ আৰু গৰু চোৰৰ বিৰুদ্ধে চলাইছে বৃহৎ অভিযান৷ এনে অভিযানৰ প্ৰতিটো খবৰ সংবাদ মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰৰ দিহা কৰি মূল সমস্যা তল পেলোৱা হৈছে৷ বিগত দুমাহত প্ৰতিটো সপ্তাহত একোখন কেবিনেট সভা পাতি কিছুমান সিদ্ধান্ত লোৱা হৈছে, যিবিলাকৰ বেছিভাগে হয়তো বিভাগীয় পৰ্যায়তে ল’ব পৰা গ’লহেঁতেন! অথচ, এই দুমাহত অৰ্থনৈতিক অৱস্থাটো পৰ্যালোচনাৰ বাবে ৰাজ্যৰ অৰ্থনীতি বিশেষজ্ঞ আৰু বিশ্লেষকক এবাৰো মাতি দিহা-পৰামৰ্শ লোৱা দেখা নাই৷ বাজেট প্ৰস্তুতিৰ সময়তো ৰাইজৰ মাজত থকা বিশেষজ্ঞক আঁতৰত ৰখা হয়৷ তাৰ বিপৰীতে ছমাহৰ বাবে বনোৱা বাজেটত গীত, কবিতা, ডাইলগ, ধৰ্মৰ বাণী আৰু শ্লোকৰ পয়োভৰ ঘটোৱা হয়৷ বাজেটত ক’ভিড পৰিস্থিতিৰ বাবে ক্ষতিপূৰণৰ স্থায়ী ব্যৱস্থাৰ কোনো কথা নকৈ পূৰ্বৰ দৰেই হিতাধিকাৰী সৃষ্টিৰ লক্ষ্যৰে বিভিন্ন আঁচনিৰহে অপ্ৰয়োজনীয় ব্যাখ্যা আগবঢ়োৱা হয়৷ কৰ্ম-সংস্কৃতি গঢ়ি তোলাৰ ব্যৱস্থাৰ সলনি এক লাখ লোকক চাকৰি দিয়াৰ ৰাজনৈতিক প্ৰস্তাৱত বেছি গুৰুত্ব দিয়া হৈছে৷ লকডাউনৰ ক্ষতিৰ প্ৰকৃত হিচাপ দাঙি ধৰাৰ সলনি ক্ষতিগ্ৰস্তসকলৰ মাজৰ একাংশক সামান্য পৰিমাণৰ সাহায্য দি বিষয়টো তল পেলোৱা হৈছে৷ ৰাইজক জুৰুলা কৰা মূল্যবৃদ্ধিৰ সমস্যাটোৰ প্ৰকৃত বিশ্লেষণ নকৰি সম্পূৰ্ণ ৰাজনৈতিক বক্তব্যৰে ইচ্ছাকৃত বিভ্ৰান্তিৰ সৃষ্টি কৰা হৈছে৷
বৰ্তমানেও ৰাজ্যৰ আটাইকেইখন জিলাত সম্পূৰ্ণ বা আংশিক লকডাউন চলি আছে৷ এই সময়ত ক’ভিড নিয়ন্ত্ৰণ আৰু অৰ্থনীতিৰ পুনৰ নিৰ্মাণক সৰ্বোচ্ছ অগ্ৰাধিকাৰ দিয়া উচিত আছিল৷ তাৰ সলনি বিধায়কৰ ক্ষমতা হ্ৰাস কৰা, বিৰোধীৰ ভূমিকাক নস্যাত কৰা, বেলেগ দলৰ পৰা বিধায়ক ক্ৰয় কৰা, সাম্প্ৰদায়িক বিভাজনৰ লক্ষ্যৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰা, শিক্ষাত গেৰুৱাকৰণৰ দৰে ৰাজনৈতিক কৰ্মকাণ্ডত বেছি গুৰুত্ব দিয়াৰ ফলত অৰ্থনীতিৰ মূল কাঠামো ভাগি পৰিব পাৰে! এনে হোৱা উচিত নহয়৷ এই সময়ত সকলোকে আস্থাত লৈ অৰ্থনৈতিক কাৰ্যসূচী আগুৱাই নিয়াটোহে প্ৰধান কাম হোৱা উচিত৷