
খেলৰ পৃথিৱীত লিংগ-সমতা
এতিয়াও যৌতুক, ধৰ্ষণ, লিংগ-বৈষম্যৰ এশ-এবুৰি দৃষ্টান্তৰ খবৰেৰে বাতৰিকাকতৰ পৃষ্ঠা অথবা আন সংবাদ মাধ্যম মুখৰ হৈ থকাৰ সময়তে জাপান অলিম্পিকত উদ্ভাসিত হৈছে নাৰীৰ উত্তৰণৰ আশা৷ ৱল্ডৰ্ ইক’নমিক ফ’ৰামৰ পৰা প্ৰকাশিত খবৰ অনুসৰি এইবাৰৰ অলিম্পিকৰ সৰ্বমুঠ খেলুৱৈৰ ভিতৰত ৪৯ শতাংশই মহিলা৷ ‘এইবাৰৰ অলিম্পিক হৈছে সবাতোকৈ অধিক লিংগ-সমতা ৰক্ষাকাৰী খেল’ বুলি ৱল্ডৰ্ ইক’নমিক ফ’ৰামে মন্তব্য কৰিছে৷ ইটো সিটোৰ পৰিপূৰক বুলি সাৰ্বজনীনভাৱেই জ্ঞাত হোৱাৰ পাছতো সমাজ জীৱনৰ প্ৰতিটো স্তৰতে দেশে দেশে নাৰী অৱহেলিতা, উপেক্ষিতা, অনাদৃতা৷ প্ৰচলিত এই ধ্যান-ধাৰণাই বিশ্বৰ সৰ্বমুঠ উৎপাদনশীলতাতেই আঘাত কৰিছে বুলি ইতিমধ্যে বিদ্বৎমহলে সদৰী কৰিছে৷ স্থানান্তৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত লোৱা লিংগ-সমতা নিৰ্ণয়কাৰী ব্যৱস্থাসমূহেই এই কথা প্ৰতিপন্ন কৰে৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰৰ আন সংস্থাসমূহৰ লগতে সংযুক্ত ৰাষ্ট্ৰসংঘই লোৱা ‘মিলেনিয়াম ডেভেলপমেণ্ট গ’ল’ [২০০০-২০১৫] তথা ‘ছাষ্টেইনেব্ল্ ডেভেলপমেণ্ট গ’ল’ [২০১৫-২০৩০] আদিতো ‘লিংগ-সমতা’ৰ বিষয়টো অতি গুৰুত্বসহকাৰে চিহ্নিত কৰিছে আৰু বিভিন্ন স্তৰত লিংগ-বৈষম্য দূৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে৷ আন ক্ষেত্ৰৰ দৰে দেশে দেশে খেলৰ ক্ষেত্ৰখনতো পুৰুষৰ তুলনাত নাৰীৰ স্থিতি যথেষ্ট দুৰ্বল৷ এনে প্ৰেক্ষাপটত জাপান অলিম্পিক যেন এক ব্যতিক্ৰম৷ এতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতৰ বাবে জাপান অলিম্পিকত নাৰীয়েই আশাৰ বতৰা কঢ়িয়াইছে৷ অসমৰ বাবে ব্যতিক্ৰমী খবৰ কঢ়িয়াইছে লাভলীনাই, যিহেতু তেওঁ হ’ব অসমৰ প্ৰথমটো অলিম্পিক মেডেলৰ দাবীদাৰ৷ অসমৰ অন্য এক সম্ভাৱনা হিমা দাস দুৰ্ভাগ্যক্ৰমে এই ইতিহাস সৃষ্টিৰ পৰা আঁতৰি যাবলগীয়া হ’ল৷ হিমা, লাভলীনাহঁত ওলাই আহিবলৈ সক্ষম হৈছে যদিও চুকে-কোণে তেওঁলোকৰ দৰে সম্ভাৱনাপূৰ্ণ অনেক প্ৰতিভা লুকাই আছে৷ এওঁলোকক উলিয়াই অনাৰ বাবে যি এক পৰিকল্পিত আঁচনিৰ প্ৰয়োজন, সেইবোৰে এতিয়াও আমাৰ ইয়াত গজালি মেলা নাই৷ খেলৰ পৃথিৱীত ইতিহাস ৰচিবলৈ সক্ষম হোৱা দেশবোৰত তেনেই কম বয়সৰ পৰাই সম্ভাৱনাপূৰ্ণ খেলুৱৈক উলিয়াই আনি উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ দিয়াৰ উন্নত ব্যৱস্থাপনা আছে৷ আমাৰ দেশত তেনে আন্তঃগাঁথনিয়েই নিৰ্মাণ হোৱা নাই৷ অন্য এক মন কৰিবলগীয়া কথা হৈছে এয়ে যে দেশৰ বাবে সফলতা কঢ়িয়াই অনাৰ পাছতো মহিলা খেলুৱৈসকলে ‘যুদ্ধ’ কৰি থাকিবলগীয়া হৈছে৷ বেছিভাগ ক্ষেত্ৰতেই বিবাহ আৰু সন্তান জন্ম দিয়া ঘটনা দুটাৰ বাবে মহিলাসকল স্থানান্তৰত বঞ্চিত হৈছে অথবা সংগ্ৰাম চলাবলগীয়া হৈছে৷ ৱল্ডৰ্ ইক’নমিক ফ’ৰামৰ বাতৰিটোত এনে কেতবোৰ মহিলাৰ নাম লোৱা হৈছে, যিসকলে বৰ্তি থাকিবৰ বাবে যুদ্ধক্ষেত্ৰত নামিবলগীয়া হৈছে৷ কানাডাৰ বাস্কেটবল খেলুৱৈ কিম গ’ছাৰ, বক্সাৰ মেণ্ডি, স্পেইনৰ সাঁতোৰবিদ অ’না কাৰ্ব’নেল, আমেৰিকাৰ এলিছন ফেলিক্স আদিৰ উদাহৰণ দি ফ’ৰামে কৈছে যে এওঁলোকৰ কোনোবাই যদি মাতৃ-খেলুৱৈ হোৱাৰ বাবেই অলিম্পিকত ভাগ লোৱাৰ বাবে আইনী যুদ্ধৰ সহায় ল’বলগীয়া হৈছে, কোনোবাই আকৌ ‘নাইকী’ৰ দৰে কৰ্প’ৰেট-পৃষ্ঠপোষকৰ সৈতে চুক্তি ভংগ কৰিবলগীয়া হৈছে৷ সংগঠক, পৃষ্ঠপোষক, আদিয়ে বিশ্বাস কৰে যে মাতৃ হ’লেই তেওঁলোকৰ খেলৰ দক্ষতা নোহোৱা হৈ যাব অথবা শৰীৰৰ শক্তি হ্ৰাস হ’ব৷ কিন্তু এই কথা বিজ্ঞানসন্মতভাৱে প্ৰতিষ্ঠিত হৈছে যে মাতৃ হোৱাৰ পাছত মহিলাৰ খেলুৱৈসুলভ দক্ষতা হ্ৰাস নাপায়৷ উপযুক্ত শৰীৰ-চৰ্চা অটুত থাকিলে বৰঞ্চ মাতৃত্বই নাৰীক অধিক শক্তিশালীহে কৰি তোলে৷ কিন্তু, বাস্তৱ ক্ষেত্ৰখনত মহিলা খেলুৱৈসকলে প্ৰতিকূল অভিজ্ঞতাৰহে সন্মুখীন হ’বলগীয়া হৈ আহিছে৷ সি যিয়েই নহওক, দিন সলনি হোৱাৰ লগে লগে মানুহৰ চিন্তাধাৰালৈকেও পৰিৱৰ্তন আহিছে৷ লিংগ-বৈষম্যৰ ক্ষেত্ৰখনলৈও পলমকৈ হ’লেও পৰিৱৰ্তন আহিছে৷ প্ৰতিগৰাকী মহিলা খেলুৱৈ পৰিয়াল, সমাজ, সংগঠক, পৃষ্ঠপোষক ইত্যাদি কোনোবা নহয় কোনোবা স্তৰত যুদ্ধত অৱতীৰ্ণ হৈছে আৰু বিজয়ৰ মুকুট পিন্ধিছে৷ এই বিজয়ৰ ধাৰা অব্যাহত থাকক!