Logo
image

ধোনিৰ অভাৱ অনুভৱ কৰিছে সাক্ষীয়ে

আমাৰ অসম, ০৪ অক্টোবৰঃ কৰ’না ভাইৰাছৰ বাবে ইউ এ ইত অনুষ্ঠিত হৈছে আই পি এল৷ প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত মানি চলিব লগা হৈছে কঠোৰ নীতি-নিয়ম৷ খেল অনুষ্ঠিত হৈছে দৰ্শক বিহীন ষ্টেডিয়ামত৷ সম্পূৰ্ণ এক পৃথক পৰিৱেশত অনুষ্ঠিত হৈছে আই পি এল৷ বিৰাট কোহলিৰ পত্নী অনুষ্কা শৰ্মা আৰু ৰোহিত শৰ্মাৰ পত্নী ৰীতিকাক বাদ দি অধিকাংশ ভাৰতীয় ক্ৰিকেটাৰৰ পৰিয়াল আছে দেশতেই৷ ইউ এ ইলৈ যোৱা নাই মহেন্দ্ৰ সিং ধোনিৰ পত্নী সাক্ষীও৷ ধোনিক কাষত নাপায় তেওঁৰ অভাৱ ভালদৰেই অনুভৱ কৰিছে তেওঁৰ পত্নীয়ে৷ আই পি এলৰ সময়ত সাধাৰণতে ধোনিপত্নী সাক্ষী আৰু তেওঁলোকৰ ছোৱালী জিভাক খেল চাবলৈ যোৱা দেখা পোৱা যায়৷ এইবাৰ অৱশ্যে টি ভিতেই আই পি এল উপভোগ কৰিছে তেওঁলোকে৷ খেল পথাৰলৈ গৈ খেল চোৱাৰ সুযোগ এইবাৰ নাই৷ এক সাক্ষাতকাৰত সাক্ষীয়ে কয়–‘এইবাৰ ষ্টেডিয়ামৰ পৰা আই পি এল চাব পৰা নাই৷  এই কথা বিশেষ অনুভৱো কৰা নাই৷ কাৰণ টি ভিতেই ভালদৰে খেল চাইছো৷ অৱশ্যে মই স্বামীৰ অভাৱ অনুভৱ কৰিছো৷ ইউ এ ইলৈ গ’লে দুমাহৰ অধিক সময় জৈৱ সুৰক্ষা বলয়ত থাকিব লাগিলহেঁতেন৷ মোৰ আৰু জিভাৰ বাবে সেয়া টান কাম৷’