Logo
image

অৰুণাচল সীমান্তত চীনৰ বৃহৎ সেনা সমাৱেশ

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ পূব লাডাখৰ ৰেজাং লা আৰু ৰাছেন লা হিল টপত ভাৰতীয় সেনাৰ প্ৰতিৰোধৰ সন্মুখীন হৈ চীনৰ সেনাবাহিনী পিপ’লছ লিবাৰেছন আৰ্মীয়ে অৰুণাচলৰ সীমান্তত কমেও তিনি ঠাইত বৃহৎ সংখ্যাত সেনাৰ সমাৱেশ ঘটাইছে৷ কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰই দেশৰ কেইবাটাও প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানক এই তথ্য সদৰী কৰিছে৷ লাডাখত ভাৰতেও বৃহৎ সংখ্যাত সেনাৰ সমাৱেশ ঘটোৱাৰ ফলত চীনৰ সেনা বাহিনীয়ে সহজে অনুপ্ৰৱেশ ঘটাব নোৱাৰা হোৱাত সহজ লক্ষ্য হিচাপে এতিয়া তেওঁলোকে অৰুণাচলৰ মেকমোহন লাইনৰ সীমান্তক নিৰ্বাচন কৰি লোৱা বুলি ভাৰতীয় পক্ষই ধাৰণা কৰিছে৷ চীনে মেকমোহন লাইনৰ পৰা মুঠেই বিশ কিলোমিটাৰ দূৰত্বত আছাফিলা, টুটিং এক্সিছ, চেং জে আৰু ফিছটেইল-টু চেক্টৰত বিগত দুই-তিনিদিন ধৰি বৃহৎ সংখ্যাত সেনা মোতায়েন কৰিছে৷ ধাৰণা কৰা হৈছে অৰুণাচলৰ সীমান্তৰ সুবিধাজনক ওখ স্থান দখল কৰাৰ লক্ষ্যৰে চীনে এইবাৰ লাডাখৰ প্ৰতি গুৰুত্ব কমাই পূব দিশে ৰণকৌশলগত কাৰণত অধিক গুৰুত্ব আৰোপ কৰিছে৷ অৰুণাচলৰ সীমান্তৰে চীনৰ সেনাই বল প্ৰয়োগ কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা আৰু সুবিধাজনক অঞ্চল দখল কৰি লোৱাৰ পাং পাতিছে বুলি ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ধাৰণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰটোৱে জনোৱা অনুসৰি, ভাৰতেও এনে আশংকাৰ পূৰ্বানুমান কৰি আগৰে পৰা অৰুণাচলৰ সীমান্তত সুবিধাজনক স্থানত সেনা বাহিনী আৰু ইণ্ডো-তিবেটান বৰ্ডাৰ পুলিচক মোতায়েন কৰি ৰাখিছে৷ ভাৰতীয় পক্ষই দেখিবলৈ পোৱা মতে, সীমান্তৰ পৰা বিশ কিলোমিটাৰ আঁতৰত চীনৰ সেনা বাহিনীয়ে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অসংখ্য পথ আৰু অন্যান্য আন্তঃগাঁথনিৰ নিৰ্মাণ আৰম্ভ কৰিছে৷ এই সকলো পথেই চীনৰ ভূখণ্ডৰ পৰা আহি মিলিছেহি অৰুণাচলৰ ভাৰতীয় সীমান্তত৷এনে এক জটিল পৰিস্থিতি দেখি নতুন দিল্লীয়ে সম্প্ৰতি অৰুণাচলৰ সীমান্তত অধিক গুৰুত্ব আৰোপ কৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰণালয়ক নিৰ্দেশ জাৰি কৰিছে৷ উল্লেখ্য, এপষেকৰ ভিতৰতে অৰুণাচলৰ অগ্ৰৱৰ্তী এয়াৰবেছ পৰিদৰ্শন কৰি গৈছে ভাৰতীয় বায়ুসেনা বাহিনীৰ মুৰব্বী এয়াৰ মাশ্বৰ্াল ভাডুড়িয়াই৷ তাৰ কিছুদিন পূৰ্বে তেজপুৰ সেনাৰ ফ’ৰ ক’ৰৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে অৰুণাচলৰ গুৰুত্বপূৰ্ণ সেনাৰ ঘাটি পৰিদৰ্শন কৰিছিল স্থলবাহিনীৰ মুৰব্বী নৰৱনেই৷ শেহতীয়াকৈ চীনৰ সেনা বাহিনীয়ে অৰুণাচলৰ পাঁচজন যুৱকক সীমান্তৰ পৰা অপহৰণ কৰি নিছিল৷ ভাৰতীয় সেনা আৰু আইটিবিপিৰ প’ৰ্টাৰ হিচাপে কাম কৰি থকা এই পাঁচ অৰুণাচলী যুৱকক দহদিন চীনৰ তিব্বত অংশত ৰাখি আৰু এহেজাৰ কিলোমিটাৰ পূবলৈ নি ভাৰতীয় সেনাবাহিনীৰ হাতত প্ৰত্যৰ্পণ কৰিছিল৷ এই ঘটনাৰ পাছতে চীনৰ সেনা বাহিনীয়ে অৰুণাচল সীমান্তৰ চাৰিটাকৈ স্থানত বৃহৎ সংখ্যাত সেনাৰ সমাৱেশ ঘটোৱাটো ভাৰতৰ বাবে বিপজ্জনক ঘটনা হিচাপে চিহ্নিত হৈছে৷ লাডাখত যোৱা প্ত মে’ৰ পৰা চলি থকা চীনৰ অনুপ্ৰৱেশ, আগ্ৰাসন আৰু সংঘৰ্ষ এতিয়া হঠাতে অসমৰ সীমান্তৱৰ্তী অৰুণাচললৈ স্থানান্তৰ হোৱাটো অসমৰ বাবেও অতিশয় গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক ঘটনা হৈ পৰিছে৷