Logo
image

সঁচাকৈ হ’বনে! তেজপুৰৰ পৰা মিছালৈ হ’ব সুৰংগ

আমাৰ অসম, ১২ আগষ্টঃ ‘অহা পাঁচ বছৰ অসমত কেইবাটাও ডাঙৰ প্ৰকল্পৰ কাম ৰূপায়ণ হ’ব৷ আৰ্মিয়ে মিছাৰ পৰা তেজপুৰলৈ ব্ৰহ্মপুত্ৰ নদীৰ তলেদি এক বৃহৎ সুৰংগ নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ যুদ্ধকালীন পৰিস্থিতিত যদি কলীয়াভোমোৰা দলংখন বোমা দি উৰুৱাই দিয়ে তেন্তে সেনা বাহিনীয়ে এই সুৰংগ ব্যৱহাৰ কৰিব পাৰিব৷ দেশৰ সেনা প্ৰধান বিপিন ৰাউটে এই কথা মোক কৈছে৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে অসম বিধানসভাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ নিৰ্মাণ কৰা, পলাশবাৰী আৰু শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰ এখন দলং নিৰ্মাণ কৰা, মৰিগাঁৱৰ পৰা দৰঙলৈ ব্ৰহ্মপুত্ৰত আন এখন দলং নিৰ্মাণ কৰা অহাপাঁচ বছৰীয়া বৃহৎ প্ৰকল্পৰ আঁচনিৰ মাজত আছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ দলংখন তিনি বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ ডেৰগাঁৱৰ পৰা গোলাঘাটলৈ চাৰিলেনৰ ৰাস্তা নিৰ্মাণ, পেঙেৰীৰ পৰা অৰুণাচলৈ পথ নিৰ্মাণ আদিকে ধৰি অনকে চৰকাৰী অভিলাষী প্ৰকল্পৰ কথা বুধবাৰে মুখ্যমন্ত্ৰীয়ে বিধানসভাত সদৰি কৰে৷ লক্ষণীয় যে মুখ্যমন্ত্ৰীৰ আজিৰ এই ঘোষণাসমূহৰ পাছতে বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত হাতত লোৱা টুইন টাৱাৰ, এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰখনন আদি প্ৰকল্পবোৰ কি হ’লগৈ বুলি প্ৰশ্ন উঠিছে৷