Logo
image

‘বিগ বছ’ত বিতৰ্কিত গুৰু ৰাধে মা

আমাৰ অসম, ০৪অক্টোবৰঃ কালাৰ্ছ টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছ-১৪ৰ দামামা বাজি উঠিছে৷ এইবাৰ প্ৰতিযোগীৰ আসনত বহিছে স্বয়ম্ভূ গুৰু ৰাধে মাই৷ জানিব পৰা মতে বিতৰ্কিত গুৰু ৰাধে মাই বিগ বছত অংশগ্ৰহণৰ বাবে সৰ্বাধিক ২৫ লাখ টকা পাৰিশ্ৰামিক লাভ কৰিছে৷ বিগ বছৰ নিৰ্মাতাই সদৰী কৰা মতে, ৰাধে মাই হ’ল সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা বিগ বছ-১৪ৰ দামী প্ৰতিযোগী৷ বিগ বছৰ সঞ্চালক ছলমান খানে প্ৰতিটো এপিছডৰ পৰা লাভ কৰিব ২০ কোটি আৰু ছিজনটোত মুঠ ৪৫০ কোটি টকা৷ মুম্বাই গুৰেগাঁৱত তৈয়াৰ কৰা হৈছে বিগ বছৰ বিশাল ছেট৷ উল্লেখ্য, বিদেশৰ ভূমিত স্বল্প বস্ত্ৰ পিন্ধি নৃত্য কৰা, আশ্ৰমত মধু চক্ৰৰ গুঞ্জন আদি বিতৰ্কই এসময়ত উত্তাল কৰি ৰাখিছিল ৰাধে মাক৷ ৰাধে মাৰ প্ৰকৃত নাম হ’ল সুখবিন্দৰ কৌৰ, আৰু তেওঁ দুই সন্তানৰ মাতৃ৷