Logo
image

আজব এছঅ’পি! বিয়াত ২৫জন, সভাত ২০০জন

আমাৰ অসম, ১৮ আগষ্টঃ ৰাজ্যৰ স্বাস্থ্য বিভাগে অৱশেষত বহু প্ৰত্যাশিত আন্তঃজিলা যাতায়াত শিথিলকৰণৰ এছ অ’ পি জাৰি কৰিলে৷ বুধবাৰে পুৱা ৫ বজাৰ পৰা কামৰূপ মহানগৰ জিলাক বাদ দি আন জিলাসমূহৰ মাজত যাতায়াত খুলি দিয়া হয়৷ অৱশ্যে, আন্তঃজিলাৰ মাজত যাতায়াত চলিলেও কেৱল ব্যক্তিগত যান-বাহনহে ৫০ শতাংশ যাত্ৰীৰে চলাচল কৰিব পাৰিব৷ অৰ্থাৎ ৰাজহুৱা তথা বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত আন্তঃজিলা চলাচলত নিষেধাজ্ঞা অব্যাহত থাকিব৷ গুৱাহাটীত ক’ভিডৰ সংক্ৰমণ আশা কৰাৰ দৰে হ্ৰাস নোপোৱাৰ বাবেই কামৰূপ মহানগৰ জিলাৰ সৈতে আন্তঃজিলা যাতায়াত বিচ্ছিন্ন ৰখা হৈছে৷ গুৱাহাটীৰ মানুহ আন জিলালৈ যাব নোৱাৰিব আৰু আন জিলাৰ পৰাও গুৱাহাটীলৈ মানুহ আহিব নোৱাৰিব বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে৷ কিন্তু চৰকাৰৰ এই নিৰ্দেশনাৰ বিপৰীতে নিতৌ গুৱাহাটীলৈ আন জিলাৰ পৰা ৰে’ল তথা ব্যক্তিগত বাহনেৰে বিভিন্ন লোকৰ যাতায়াত অব্যাহত আছে৷ কাগজে কলমে নিষেধাজ্ঞা আৰোপ কৰিলেও বাস্তৱত গুৱাহাটীলৈ আন জিলাৰ পৰা যাতায়াত বন্ধ ৰখাত আৰক্ষী-প্ৰশাসন যে ব্যৰ্থ হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ ইপিনে আন্তঃজিলা যাতায়াতত ব্যক্তিগত বাহনক ৰেহাই দি ৰাজহুৱা পৰিবহণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা কাৰ্যক অৰ্থহীন আৰু টোগলকী ব্যৱস্থা বুলিও বাণিজ্যিক বাহনৰ মালিক তথা চালক- হেণ্ডিমেনে আক্ষেপ কৰা দেখা গৈছে৷ নতুন এছ অ’ পি অনুসৰি মৃতকৰ সৎকাৰ আৰু বিবাহ অনুষ্ঠানত এতিয়াৰে পৰা ২৫জন লোক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে৷ অৱশ্যে বিবাহ আৰু অন্তে্যষ্টিক্ৰিয়াত এই কঠোৰ নিৰ্দেশ দিয়াৰ বিপৰীতে ৰাজহুৱা সভাত ২০০জন লোকৰ উপস্থিত থকাৰ স্ব-বিৰোধী নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্য চৰকাৰে সাধাৰণ নাগৰিকৰ ঘৰুৱা অনুষ্ঠানৰ বিপৰীতে ৰাজনৈতিক সভাৰহে সুবিধা হোৱাকৈ এছ অ’ পি প্ৰকাশ বুলিও অভিযোগ উঠিছে৷ স্বাভাৱিকতেই এতিয়া নৱ নিৰ্বাচিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনোৱাৰ বাবে বিজেপিয়ে ২১ আগষ্টৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত কিমান সংখ্যক বিজেপি নেতা-কৰ্মীয়ে অংশ ল’ব সেয়া হ’ব লক্ষণীয়৷ আনহাতে নতুন এছ অ’ পিত সান্ধ্য আইনৰ সময় পুনৰ আন এঘণ্টা হ্ৰাস কৰিছে৷ এতিয়াৰে পৰা সন্ধিয়া ৬ বজালৈ দোকান বজাৰ খোলা ৰাখিব পাৰিব৷ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ বাহাল থাকিব৷ অৱশ্যে ৰাজহুৱা সভা-সমিতি অনুষ্ঠিত কৰাৰ অনুমতি দিলেও চিনেমা হল আৰু থিয়েটাৰ প্ৰেক্ষাগৃহ বন্ধ ৰাখিব লাগিব৷ কামাখ্যা দেৱালয়, শিৱসাগৰৰ শিৱদৌলকে ধৰি আইকনিক উপাসনাস্থলী সমূহত প্ৰতি এঘণ্টাত দুয়োপালি ভেকচিন লোৱা ২০জন ভক্ত-দৰ্শনাৰ্থী প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে৷ আন উপাসনাস্থলী সমূহত প্ৰতি ঘণ্টাত ৰ জন ভক্তই প্ৰৱেশ কৰিব পাৰিব৷ নতুন এছ অ’ পি অনুসৰি বাইক-মটৰচাইকেলত মহিলা আৰু শিশুক বাদ দি দুজন উঠাত নিষেধাজ্ঞা বাহাল থাকিব৷ চিকিৎসা আৰু অভিযান্ত্ৰিকৰ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীসমূহৰ লগতে জি এন এম, নাৰ্ছিং পাঠ্যক্ৰম আৰু এৰ’নেণ্টিকেল ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ত ভেকচিন লোক শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতিত পাঠদানৰ অনুমতি প্ৰদান কৰিছে৷ যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচলৰ পূৰ্বৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে৷ বিমান বন্দৰ, ৰে’ল ষ্টেচনত দুয়োপালি ক’ভিড ভেকচিন লোৱা যাত্ৰীক ক’ভিড পৰীক্ষাৰ পৰা ৰেহাই দিয়া হৈছে৷ অৱশ্যে যাত্ৰীৰ লগত শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপ’ৰ্ট থাকিব লাগিব৷ ভাদ মাহ উপলক্ষে নামঘৰত ৫০ শতাংশ ভক্তৰ সমাৱেশেৰে নাম কীৰ্তনৰো অনুমতি প্ৰদান কৰা হৈছে৷ ৩ বছৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব৷

ভক্তৰ বাবে মুকলি কামাখ্যা মন্দিৰ

বুধবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে খোলা হ’ব শক্তিপীঠ কামাখ্যা মন্দিৰৰ দ্বাৰ৷ অসম চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন এছ অ’ পি অনুসৰি কামাখ্যা মন্দিৰ খুলিলেও প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ জন লোকেহে মন্দিৰ দৰ্শন কৰিব পাৰিব৷ সেইদৰে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে মন্দিৰ চৌহদত তথা গৰ্ভগৃহত প্ৰৱেশ কৰিব পাৰিব৷ ইপিনে এছ অ’ পি প্ৰকাশ হোৱাৰ পিছতেই এতিয়া স্বাভাৱিকতে কামাখ্যা মন্দিৰ কতৃৰ্পক্ষৰ লগতে কামাখ্যাবাসীয়ে কিছু স্বস্তিৰ নিশ্বাস এৰিছে৷ কিয়নো ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষৰ ১০ মাৰ্চৰ পৰা অক্টোবৰ মাহলৈ বন্ধ ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দ্বাৰ৷ পৰৱৰ্তী সময়ত মন্দিৰ খোলা হয় যদিও চলিত বৰ্ষৰ ১৩ মে’ৰ পৰা পুনৰ মন্দিৰ বন্ধ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ তেনেস্থলত মন্দিৰৰ সৈতে জড়িত থকা সকলো লোকে যথেষ্ট আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰিবলগা হয়৷ নতুন এছ অ’ পিয়ে সেয়ে সেইসকলক কিছুপৰিমানে হ’লেও সকাহ দিয়া বুলি কামাখ্যাবাসীয়ে জানিবলৈ দিয়ে৷ মন্দিৰ খোলাৰ সন্দৰ্ভত মন্দিৰৰ সৰুদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই কয়–‘ইতিমধ্যে মন্দিৰ চৌহদ ছেনিটাইজ কৰা হৈছে৷ বুধবাৰে পুৱা নিত্য পূজাৰ পিছত ৭.৩০ বজাত মন্দিৰৰ দ্বাৰ খুলি দিয়া হ’ব৷ দিনৰ ১ বজাৰ পৰা ২ বজালৈ মন্দিৰৰ দ্বাৰা কিছু সময়ৰ বাবে বন্ধ ৰাখি পুনৰ ২ বজাত খুলি দিয়া হ’ব৷ বিয়লি ৫.৩০ বজালৈ দৰ্শনাৰ্থীয়ে দৰ্শন কৰিব পাৰিব৷ এছ অ’ পি অনুসৰি এঘণ্টাত ২০ জনেহে মন্দিৰ দৰ্শন কৰিব পাৰিব৷ দৰ্শনাৰ্থীৰ বাবে মাস্ক পিন্ধাতো বাধ্যতামূলক৷ দুয়োপালি ভেকচিন লোৱা লোকেহে গৰ্ভগৃহত প্ৰৱেশ কৰিব পাৰিব৷ মন্দিৰৰ নাৰ্ছাৰীস্থিত মূল প্ৰৱেশ পথত মন্দিৰলৈ অহা সকলো দৰ্শনাৰ্থীৰে ক’ভিড পৰীক্ষা কৰা হ’ব৷ নিগেটিভ সকলেহে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব৷