Logo
image

বিমানবন্দৰত আদানিৰ ছাঁ

প্ৰথম নিবিদাৰ বিজ্ঞাপনতে ৰাজ্যত তুমুল প্ৰতিক্ৰিয়া

আমাৰ অসম, ১৯ আগষ্টঃ অসম আৰু অসমীয়াৰ মান সন্মান ধুলিৰ লগত মিহলাই দি কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰৰ প্ৰত্যক্ষ অনুমোদনত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ নামত হোৱাতো নিশ্চিত হৈছে৷ নৰেন্দ্ৰ মোদীৰ স্নেহধন্য গুজৰাটী ব্যৱসায়ী গৌতম আদানিৰ কোম্পানীয়ে গুৱাহাটীকে ধৰি দেশৰ ৬টা বিমান বন্দৰ পৰিচালনাৰ বাবে ৫০ বছৰীয়া ঠিকা লাভ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা চুক্তিৰ দফা কাৰ্যকৰী কৰিয়েই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নাম আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপৰ্ট কৰিবলৈ স্থিৰ কৰিছে৷ ইতিমধ্যে মুম্বাইৰ ছত্ৰপতি শিবাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আক আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম আদানি এয়াৰপৰ্ট কৰি তাত ছাইন বৰ্ড লগাইছে৷ বিজেপিৰ শাসন থকা উত্তৰ প্ৰদেশ আৰু গুজৰাটত ইয়াৰ বিৰুদ্ধে জনসাধাৰণ আৰু চৰকাৰে টু শব্দ এটাও উচ্ছাৰণ কৰা নাই৷ আনহাতে মাৰাঠা বীৰ শিবাজীৰ প্ৰতি আবেগ থকা মহাৰাষ্ট্ৰত এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু শাসনাধিষ্ঠিত দল শিৱসেনাই আদানিৰ নাম থকা ছাইনবৰ্ড ভাঙি চুৰমাৰ কৰিছে৷ অসমতো বিজেপিৰ চৰকাৰ থকাৰ বাবে অসমীয়াৰ সন্মান হানি হ’লেও বৃহত্তৰ ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী অসমৰ বিজেপি চৰকাৰে আৰু বিজেপি দলে গুজৰাটী বেপাৰীৰ নাম লগোৱা কামৰ বিৰুদ্ধে প্ৰতিবাদ নকৰিব বুলিয়েই ৰাজ্যবাসীৰ বিশ্বাস৷ গুজৰাটী প্ৰধানমন্ত্ৰী আৰু গুজৰাটী গৃহমন্ত্ৰীৰ ঘনিষ্ঠ গুজৰাটী বেপাৰী গৌতম আদানি উপাধিৰে অসমৰ বৃহত্তম বিমান বন্দৰটো নামকৰণ কৰিলেও সুৰসুৰকৈ অসমৰ বিজেপি চৰকাৰে সেই সিদ্ধান্ত মানি ল’ব আৰু আপত্তি কৰিব নোৱাৰিব বুলিয়েই ধাৰণা কৰা হৈছে৷ পিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মুখ্যমন্ত্ৰী হৈ থকালৈকে আৰু মোদী প্ৰধানমন্ত্ৰী হৈ থকালৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নাম আদানি এয়াৰপৰ্ট নহয় বুলি বুধবাৰে প্ৰতিশ্ৰুতি দিছে৷ কিন্তু  তেওঁ নিজৰ প্ৰতিশ্ৰুতি কেনেদৰে ৰক্ষা কৰে সেয়া লক্ষণীয় হ’ব৷

তাৎপৰ্যপূৰ্ণ যে মুম্বাই, লক্ষ্ণৌ, আহমেদাবাদ বিমান বন্দৰত পূৰ্বৰ পৰা থকা নাম আদানিৰ কোম্পানীয়ে গুছাই পেলোৱা নাই৷ বৰং বিমানবন্দৰৰ মূল স্থানত পূৰ্বৰ নামৰ দুয়োদিশে আদানি এয়াৰপৰ্ট বুলি নতুনকৈ দুটাকৈ নাম লগাই দিছে৷ তদুপৰি বিমান বন্দৰৰ সমীপৰ এয়াৰপৰ্ট অথৰিটীৰ বৃহৎ ভূমিখণ্ড ৫০ বছৰলৈ লীজত লোৱা আদানি গ্ৰুপে চৌপাশৰ সেই অংশৰ উন্নয়ন ঘটাই তাৰ একাধিক স্থানত, যেনি তেনি আদানি এয়াৰপৰ্ট বুলি ছাইনবৰ্ড, গ্ল’ছাইন লগাই দিছে৷ তেনে অংশত সংশ্লিষ্ট বিমান বন্দৰটোৰ পুৰণি নাম নাই৷ প্ৰথমবাৰৰ বাবে সেই বিমান বন্দৰলৈ যোৱা যিকোনো যাত্ৰীয়ে সৰ্বদিশে আদানি এয়াৰপৰ্টৰ ছাইনবৰ্ড দেখাৰ পাছত মাথোঁ এঠাই বা দুঠাইত থকা পূৰ্বৰ নামটো বিছাৰি সেই নামেৰে বিমানবন্দৰটো চিনি নাপাব৷ নিশ্চিতভাৱে আদানিৰ নামেৰেই চিনি পাব৷ অসমতো বৰঝাৰৰ বিমানবন্দৰ সংলগ্ন ভূমি আদানি গ্ৰুপক ৫০ বছৰলৈ লীজত দিছে মোদী চৰকাৰে৷ সেয়ে বিমান বন্দৰ সংলগ্ন অঞ্চলৰ উন্নয়ন সাধন কৰি গুৱাহাটীতো সৰ্বদিশত আদানি এয়াৰপৰ্ট বুলি ছাইনবৰ্ড লগোৱাতো নিশ্চিত আৰু যিকোনো যাত্ৰীয়ে গুৱাহাটী বিমান বন্দৰত প্ৰৱেশ কৰোঁতে সকলো দিশৰ পৰাই আদানি এয়াৰপৰ্ট লিখা ছাইনবৰ্ডহে দেখিব, বিমান বন্দৰৰ সৰ্বশেষ প্ৰাচীৰত লিখা থকা লোকপ্ৰিয়ৰ একমাত্ৰ নাম চকুতেই নপৰিব৷

শেহতীয়াকৈ বুধবাৰে অসমৰ সংবাদপত্ৰত ‘আদানি এয়াৰপ’ৰ্ট’ৰ নামত বিমানবন্দৰৰ ঠিকাৰ নিবিদা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যত বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড বুলি আদানিৰ কোম্পানীটোৱে প্ৰকাশ কৰা নিবিদাৰ একেবাৰে ওপৰতে আদানি এয়াৰপৰ্ট বুলিও লিখা আছে৷ নিবিদাৰ বিজ্ঞাপনটোৰ দ্বিতীয় অংশত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি উল্লেখ আছে৷ পিছে লোকপ্ৰিয়ৰ নামটো কামিজৰ তলত পৰিধান কৰা গেঞ্জীৰ দৰেহে হৈছেগৈ বুলি অনেকে ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছো, যিটো আছে বুলি জানে কিন্তু দেখিবলৈ নাপায়৷  বাস্তৱ ক্ষেত্ৰতো গুৱাহাটীৰ বিমানবন্দৰৰ একেই অৱস্থা হ’ব৷ ওলোৱা-সোমোৱা পথ, বিমানবন্দৰ সংলগ্ন অঞ্চলৰ সৰ্বদিশে থাকিব আদানি এয়াৰপৰ্টৰ ছাইনবৰ্ড আৰু সৰ্বশেষত বা এঠাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামটো অন্তৰ্বাসৰ দৰে লুকাই থাকিব৷ বিমানবন্দৰৰ ইতিহাস জনাই লোকপ্ৰিয়ৰ নামটো মনত ৰাখিব, কিন্তু পৰৱৰ্তী অৰ্ধশতিকা ধৰি নতুন প্ৰজন্মই চৌদিশে আদানি, আদানি দেখি গুৱাহাটী বিমানবন্দৰটো গুজৰাটী বেপাৰী আদানিৰ উপাধিৰেই চিনি পাব৷

যিমান শক্তি প্ৰয়োগ কৰিলেও গুজৰাটী বেপাৰী গৌতম আদানিয়ে তেওঁৰ উপাধি গুৱাহাটী বিমানবন্দৰৰ পৰা নাঁতৰায়৷ ইতিমধ্যে শিৱসেনাই মুম্বাইত আদানি ছাইনবৰ্ড ভাঙি পেলোৱাৰ পাছত এয়াৰপৰ্ট প্ৰাধিকৰণে তদন্ত ঘোষণা কৰিছে আৰু আদানি গ্ৰুপে স্পষ্ট কৰি দিছে যে, আদানিৰ নাম ব্যৱহাৰ কৰাৰ বিষয়ে কেন্দ্ৰৰ সৈতে হোৱা চুক্তিৰ দফাত উল্লেখ কৰা আছে৷ তেওঁলোকে বৈধভাৱেই আদানিৰ নাম ব্যৱহাৰ কৰিছে৷ অসমৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নহ’ব৷ সেইমতে কঁকালত টঙালি বান্ধিয়েই নামিছে গুজৰাটী বেপাৰী আদানি, যাৰ লগত আছে দুই গুজৰাটী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আশীৰ্বাদ৷

ৰাজ্যজুৰি প্ৰতিক্ৰিয়া, তীব্ৰ আন্দোলনৰ হুংকাৰ

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে প্ৰকাশিত এটা বিজ্ঞাপনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ বিভিন্ন দল সংগঠনে এই বিষয়লৈ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এই বিষয় সন্দৰ্ভত  সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰিবলৈ ওলোৱা কাৰ্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ কোনো পৰিস্থিতিতে ভাৰতৰত্ন গৰাকীৰ নামত প্ৰতিষ্ঠিত বিমানবন্দৰটোৰ নাম সলনি কৰিবলৈ দিয়া নহ’ব৷ অসমৰ স্বাভিমানক লৈ হেতালি নেখেলিব-সহ্য কৰা নহ’ব৷ ‘বিমান বন্দৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় ‘লোকপ্ৰিয় গোপীনাথ বৰদলৈক অস্পৃশ্য কৰিছে বিজেপিয়ে৷ জাতি, মাটি ভেটিৰ অস্তিত্ব ৰক্ষা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈক বিজেপিয়ে অস্পৃশ্য কৰি আদানীক বুকুৰ আপোন কৰি পেলাইছে৷  এই বিষয়ক লৈ আমাৰ প্ৰতিবাদ চলি আছে৷ যদি আদানীৰ নামত বিমান বন্দৰ নামকৰণ কৰা হয় তেনেহলে আন্দোলন তীব্ৰতৰ হ’ব৷’ আনহাতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ বিভিন্ন কাম-কাজক লৈ বুধবাৰে প্ৰকাশ পোৱা এটা বিজ্ঞান সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সতৰ্ক কৰি দি কয় গুৱাহাটী বিমান বন্দৰৰ নাম কোনো পৰিস্থিতিয়ে সলনি হ’ব নোৱাৰিব৷ গুৱাহাটী বিমানবন্দৰৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হৈ থাকিবই লাগিব৷ বিমান বন্দৰত থলুৱাৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকিবই লাগিব৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় ‘আজি এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়া আৰু আদানী এয়াৰপ’ৰ্টৰ ল’গ’সহ আদানী গুৱাহাটী ইণ্টাৰনেশ্বনেল এয়াৰপ’ৰ্টৰ নামত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ কাম-কাজ সন্দৰ্ভত এটা বিজ্ঞাপন প্ৰকাশ পাইছে৷ বিজ্ঞাপনটোৱে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে৷ কেন্দ্ৰীয় অসম চৰকাৰে এই বিষয়ে তথ্যভিত্তিক পতিয়নযোগ্য ব্যাখ্যা আগবঢ়োৱা উচিত৷ প্ৰকৃততে ভাৰত চৰকাৰে লাভজনকভাৱে পৰিচালনা কৰি থকা চৰকাৰী প্ৰতিষ্ঠানসমূহ এটা এটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়া কথা নীতিগতভাৱে গ্ৰহণীয় নহয়৷ এই নীতিগত বিষয়সমূহত চৰকাৰে জনসাধাৰণক কোনো পতিয়নযোগ্য উত্তৰ দিব পৰা নাই৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামটোৰ লগত অসমৰ জনসাধাৰণৰ আৱেগ আৰু স্বাভিমান জড়িত হৈ আছে৷ কোনো পৰিস্থিতিতে এই নাম সলনি হ’ব নোৱাৰিব৷ ভাৰতবৰ্ষত গোপানীথ বৰদলৈৰ নামটোৰ মৰ্যাদা হানি কৰিব বিচৰা কোনো কথাই ছাত্ৰ সন্থাই সহ্য নকৰে৷ একে সময়তে বিমান বন্দৰৰ নিযুক্তিকে ধৰি সকলো ক্ষেত্ৰত থলুৱাৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব৷ এই দায়িত্ব অসম চৰকাৰৰ৷ এই বিষয়ত বিশেষকৈ অসম চৰকাৰে অসমৰ থলুৱা স্বাৰ্থ ৰক্ষা কৰিবলৈ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগিব৷ আনহাতে, এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই৷ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অলকেশ নাথে অসমীয়াৰ স্বাভিমানক লৈ হেতালি নেখেলিবলৈ আৰু এই বিমান বন্দৰত স্থানীয় স্বাৰ্থ সুৰক্ষিত হৈ থাকিবই লাগিব বুলি চৰকাৰক সকীয়াই দিয়ে৷