Logo
image

বহু কষ্টোপাৰ্জিত বিধায়ক পদ এৰি বিজেপিলৈ ফণী

আমাৰ অসম, ২০ আগষ্টঃ ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফনীধৰ তালুকদাৰে বহু কষ্টোপাৰ্জিত বিধায়কৰ পদ এৰি পহিলা ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিব৷ বিজেপিত যোগদানৰ পূৰ্বে তেওঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব৷ বুধবাৰে নিশা প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাক সাক্ষাৎ কৰে ভৱানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফনীধৰ তালুকদাৰে৷ প্ৰদেশ বিজেপিৰ সভাপতিগৰাকীৰ সৈতে বিধায়কগৰাকীৰ এক দীঘলীয়া বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকৰ পাছতে বৃহস্পতিবাৰে ভৱানীপুৰত উপস্থিত হৈ প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই ঘোষণা কৰে যে পহিলা ছেপ্টেম্বৰত বিধায়ক ফনীধৰ তালুকদাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব৷ ভৱানীপুৰ সমষ্টিতো পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ফনীধৰ তালুকদাৰেই পুনৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ভৱানীপুৰৰ পৰা বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷ এইখিনিতে প্ৰশ্ন উঠিছে বহু চেষ্টাৰ মূৰত সংখ্যালঘু অধ্যুষিত ভৱানীপুৰৰ দৰে সমষ্টি এটাত বিধায়ক নিৰ্বাচিত হৈয়ে কিয় বিধায়কৰ পদ এৰি বিজেপিৰ পৰা নিৰ্বাচন খেলিবলৈ ওলাইছে ফনীধৰ তালুকদাৰে৷ বিধায়কগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই দাবী কৰা মতে বিজেপি দলৰ ধাৰাবাহিক হেঁচা আৰু ভাবুকিত অৱশেষত ফনীধৰ তালুকদাৰে সেও মানিবলগীয়া হ’ল৷ বিজেপিয়ে যিকোনো প্ৰকাৰে চৰকাৰ গঠনৰ মেজিক সংখ্যা ৬৪ নিজাববীয়াকৈ গোটোৱাৰ পৰিকল্পনা কৰিছে৷ যাতে মিত্ৰদল অগপ, ইউ পি পি এলৰ সমৰ্থন নহলেও অসমত বিজেপিৰ চৰকাৰ অটুট থাকে৷ বিধানসভাৰ নিৰ্বাচনৰ পাছত উপনিৰ্বাচনৰ পৰিকল্পনা কৰিছে বিজেপিয়ে৷ সেই সূত্ৰে ৰাজ্যত ছয় সমষ্টিৰ উপনিৰ্বাচন নিশ্চিত হৈ পৰিছে৷ বিজেপিৰ প্ৰাৰ্থী হৈ ভৱানীপুৰত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিলে জয় কঠিনৰ পৰা কঠিন হ’ব– এই কথা জানিও বিধায়ক ফনীধৰ তালুকদাৰে ৰিস্ক ল’বলগীয়া হৈছে৷ এই ৰিস্কৰ আঁৰত আছে বিজেপিয়ে গোচৰ জাপি দিয়াৰ ভয়৷ কিয়নো বিধায়ক ফনীধৰ তালুকদাৰ কেইবাটাও ভূমি সংক্ৰান্তীয় গোচৰত অভিযুক্ত৷ ভূমি সংক্ৰান্তীয় গোচৰত আনকি এসময়ত বিধায়কগৰাকীয়ে জেলৰ ভাতো খাবলগীয়া হৈছিল৷ বিধায়কগৰাকীৰ মনত শেহতীয়াকৈ এই ভয়ে স্থান পাইছে যে বিজেপিত যদিহে তেওঁ যোগদান নকৰে তেন্তে বিজেপিয়ে এই গোচৰলৈ খেলা খেলিব পাৰে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কামৰূপ মহানগৰ জিলাত ভূমি দখলৰ সংক্ৰান্তত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ৪২৭, ৩৭৯ আৰু ৩৪ ধাৰাত কেইবাটাও গোচৰ পঞ্জীয়ন হৈ আছে বিধায়ক ফনীধৰ তালুকদাৰৰ বিৰুদ্ধে৷

ভৱানীপুৰত এইবাৰ পদুম ফুলিবঃ ভবেশ কলিতা

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান সন্দৰ্ভত সৰব চৰ্চা চলি থকা সময়ছোৱাতেই আজি বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই ভৱানীপুৰত স্পষ্টভাৱে ঘোষণা কৰিলে বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান নিশ্চিত বুলি৷ বিজেপিৰ ভৱানীপুৰস্থিত কাৰ্যালয়ত আজি বিয়লি অনুষ্ঠিত এখন সংবাদ মেলত বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভবেশ কলিতাই কয় যে- এক ছেপ্টেম্বৰত ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব৷ বিধায়ক ফণীধৰ তালুকদাৰে এআইইউএফ দল ত্যাগ কৰিব৷ বিধায়ক পদো ত্যাগ কৰিব৷ ভৱানীপুৰ বিধানসভা সমষ্টি উপ-নিৰ্বাচনৰ পিনে গতি কৰিব৷ উপ-নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখল কৰাটো এশ শতাংশই নিশ্চিত৷ ভৱানীপুৰত এইবাৰ পদুম ফুলিব৷ অসমত হ’বলগীয়া উপ-নিৰ্বাচনত আটাইবোৰ আসন মিত্ৰজোঁটে দখল কৰিব৷ যোৱা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত অগপ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ বিধায়ক ফণীধৰ তালুকদাৰে অগপ দলত যোগদান কৰিলে অগপ দলৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিলেহেঁতেন৷