Logo
image

আশীৰ্বাদ যাত্ৰাৰ মহাআয়োজন

আমাৰ অসম, ২০ আগষ্টঃ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পাছত ২১ আগষ্টত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ ক’ভিড প্ৰটকলৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যিক বিজেপিয়ে৷ বৰঝাৰৰ পৰা ডিব্ৰুগড়লৈ ৩ দিনীয়াকৈ আয়োজিত “জন আশীৰ্বাদ” যাত্ৰাৰে সোণোৱালক আদৰিব বিজেপিয়ে৷ ২১ আগষ্টত গুৱাহাটীত আৰম্ভ হ’ব জন আশীৰ্বাদ যাত্ৰা৷ সেইদিনা পুৱা ১০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’বহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিমানবন্দৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক দলীয় নেতৃত্বই জনাব উষ্ম আদৰণি৷ বৰঝাৰৰ পৰাই সৰ্বানন্দ সোণোৱালক লৈ হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্যালয়লৈ হ’ব বিশাল ৰ’ড শ্ব৷ ইয়াৰ মাজতে মহানগৰীৰ কেইবাটাও স্থানত আদৰণি জনাব প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক৷ এই যাত্ৰা পথত সোণোৱালে ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাব৷ কামাখ্যা মন্দিৰত সেৱা আগবঢ়োৱাৰ লগতে লাচিত বৰফুকনলৈ শ্ৰদ্ধা নিবেদন কৰি হেঙেৰাবাৰীৰ দিশে অগ্ৰসৰ হ’ব সোণোৱাল৷ প্ৰদেশ বিজেপিৰ হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত  বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলীয়া নেতা-কৰ্মীয়ে আদৰণি জনাব সোণোৱালক৷ ২১ আগষ্টত গুৱাহাটীত নিশাটো কটাই পিছদিনা অৰ্থাৎ ২২ আগষ্টত নগাঁও আৰু মৰিগাঁৱত জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ জাগীৰোডত বিজেপিৰ কৰ্মকৰ্তাৰে মত বিনিময়ৰ পাছত সীতাজখলাত এক আদৰণি অনুষ্ঠানত অংশ ল’ব সোণোৱালে৷ যাত্ৰা পথত বিষ্ণু মন্দিৰত সেৱা লোৱাৰ লগতে বটদ্ৰৱাতো সেৱা ল’ব সোণোৱালে৷ ২২ আগষ্টত যোৰহাটত নিশাটো কটাব সোণোৱালে৷ ২৩ আগষ্টৰ পুৱা ১১ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক আদৰণি অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ পৰা গৈ মৰিয়নীত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত ডিব্ৰুগড় অভিমুখে আগবাঢ়িব জন আশীৰ্বাদ যাত্ৰা৷ ডিব্ৰুগড়লৈ যোৱাৰ পথত বিভিন্ন প্ৰান্তত সৰ্বানন্দ সোণোৱালক আদৰণি জনাব দলীয় নেতা-কৰ্মীয়ে৷ উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰাৰ বাবে আয়োজিত এই জন আশীৰ্বাদ যাত্ৰাত বিজেপিৰ লক্ষাধিক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰাৰ কথা৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত সমগ্ৰ দেশতে নতুনকৈ নিযুক্ত হোৱা কেন্দ্ৰীয় মন্ত্ৰীসকলক আদৰাৰ বাবে বিজেপিয়ে এই জন আশীৰ্বাদ যাত্ৰাৰ আয়োজন কৰিছে৷ উল্লেখ্য যে, ৰাজ্যত ১৮ আগষ্টৰ পৰা আৰম্ভ হৈছে ব্যক্তিগত বাহনেৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা৷ কিন্তু এতিয়াও গুৱাহাটীৰ পৰা আন্তঃজিলালৈ আহ-যাহত বাধা আছে৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰাৰ বাবে ৰাজ্য চৰকাৰে কেনে ধৰণৰ নীতি অৱলম্বন কৰে সেয়া লক্ষণীয় হ’ব৷