Logo
image

ইংৰাজী মাধ্যমৰ হেঁচাত শিক্ষা বিভাগৰ আত্মসমৰ্পণ

আমাৰ অসম, ২০ আগষ্টঃ অসমীয়া ভাষা ৰক্ষাৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ অসমীয়া বিষয় বাধ্যতামূলক হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাছতেই অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প ইংৰাজী [অল্টাৰনেটিভ ইংলিছ] বিষয় উঠাই দি উচ্ছতৰ মাধ্যমিকৰ সকলো শিক্ষাৰ্থীৰ বাবে অসমীয়া তথা আধুনিক ভাৰতীয় ভাষা [এম আই এল] সহযোগী মূল বিষয় হিচাপে বাধ্যতামূলক কৰিছিল৷ শিক্ষা সংসদৰ এই সিদ্ধান্তক ৰাজ্যৰ সচেতন মহলে আদৰণি জনাইছিল৷ শিক্ষা সংসদৰ এই পদক্ষেপে অসমীয়া ভাষা ৰক্ষাত অৰিহণা যোগাব বুলিও সকলোৱে আশা প্ৰকাশ কৰিছিল যদিও মূৰকত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ হেঁচাত শিক্ষা বিভাগে সেও মানিবলৈ বাধ্য হ’ল৷ অসম মাধ্যমিক শিক্ষা সংসদৰ সচিবে চলিত বৰ্ষ ৪ জানুৱাৰীত AHSEC/ACA/ENG/243/2004/02 নম্বৰৰ নিৰ্দেশনা যোগে ২০২১-২২ শৈক্ষিক বৰ্ষৰ পৰা কাৰ্যকৰী হোৱাকৈ বিকল্প ইংৰাজী বিষয় প্ৰত্যাহাৰ কৰি সকলো শিক্ষাৰ্থীৰ বাবে অসমীয়া অৰ্থাৎ এম আই এল বিষয় বাধ্যতামূলক কৰিছিল৷ ইতিমধ্যে সংসদৰ এই নিৰ্দেশনাৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল৷ কিন্তু সংসদৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ পৰিছিল ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ৷ অসমীয়া ভাষাক বিশেষ গুৰুত্ব নিদিয়া একাংশ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু  অভিভাৱকেও সংসদৰ লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাৰম্বাৰ হেঁচা প্ৰয়োগ কৰে৷ এই হেঁচাত অৱশেষত সেও মানিবলৈ বাধ্য হ’ল চৰকাৰ৷ বুধবাৰে শিক্ষা সংসদৰ সচিবে AHSEC/IT/OAS/22/2020/86 নম্বৰৰ আন এক নিৰ্দেশনা যোগে পূৰ্বৰ নিৰ্দেশ বাতিল কৰি বিকল্প ইংৰাজী বিষয়টো প্ৰচলিত মূল পাঠ্যক্ৰমৰ অংশ হিচাপে থাকিব বুলি স্পষ্ট কৰি দিয়ে৷ শিক্ষাৰ্থীসকলৰ নামভৰ্তিত অনলাইন প-পত্ৰ পূৰণতো এতিয়া বিকল্প ইংৰাজী বিষয়টো অন্তভুক্ত হ’ব বুলিও প্ৰকাশ কৰিছে৷ ইপিনে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও ছ’চিয়েল মিডিয়া যোগে শিক্ষা সংসদৰ নতুন সিদ্ধান্তৰ কথা ৰাজহুৱা কৰি আধুনিক ভাৰতীয় ভাষাৰ সলনি ‘বিকল্প ইংৰাজী’ বিষয়টো বাহাল থাকিব বুলি সদৰি কৰিছে৷