Logo
image

তালিবানৰ বাবে সংকট গাঢ়তৰ অসমৰ চাহ উদ্যোগৰ

আমাৰ অসম, ২২ আগষ্টঃ তালিবানে আফগানিস্তান দখল কৰাতে ক্ষান্ত নাথাকি, অসমৰ অৰ্থনীতিলৈও সংকট নমাই আনিছে৷ ক’ভিড বিধবস্ত অসমৰ অৰ্থনীতি অধিক শোচনীয় অৱস্থালৈ ঠেলি দিছে তালিবানে৷ নক’লেও হ’ব যে আফগানসকলে চাহক অনানুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পানীয় হিচাপে স্বীকৃতি দি আহিছে৷ চাহ আফগান নাগৰিকৰ অন্যতম প্ৰিয় পানীয় হিচাপে পৰিচিত৷ ভাৰতৰ পৰা প্ৰতি বছৰে বৃহৎ পৰিমাণৰ চাহ আফগানিস্তানলৈ ৰপ্তানি হৈ আহিছে৷ তাৎপৰ্যপূৰ্ণভাৱে আফগানিস্তানলৈ ৰপ্তানি হোৱা ভাৰতীয় চাহৰ ৩০ শতাংশই হৈছে অসমত উৎপাদিত চাহ৷ ৰপ্তানিকাৰী প্ৰতিষ্ঠানে অসমৰ উৎপাদিত চাহ নিয়মীয়াকৈ প্ৰেৰণ কৰি আহিছে যদিও শেহতীয়াকৈ তালিবানে কাবুল দখল কৰাৰ পাছতেই এই ৰপ্তানি বন্ধ হৈ পৰিছে৷ এক কথাত তালিবানে অসমৰ অৰ্থনীতিলৈ সংকট নমাই  আনিছে৷ নৰ্থ ইষ্ট টি এছ’চিয়েশ্বনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে জানিবলৈ দিয়া অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ক’ভিডৰ মাজতে আফগানিস্তানলৈ ভাৰতৰ পৰা সৰ্বমুঠ ০.৭৬ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি কৰা হৈছিল৷ যিটো ভাৰতৰ মুঠ ৰপ্তানিৰ ২.১৭ শতাংশ৷ আনহাতে, ২০১৯-২০ বিত্তীয় বৰ্ষত ২.১৭ মিলিয়ন কিলোগ্ৰাম চাহ ৰপ্তানি কৰা হৈছিল কাবুললৈ৷ ভাৰতৰ পৰা ৰপ্তানি হোৱা চাহৰ এক তৃতীয়াংশ চাহ হৈছে অসমত উৎপাদিত৷ স্বাভাৱিকভাৱেই তালিবানৰ আফগান দখলৰ পাছতেই দেশখনলৈ ভাৰতৰ পৰা ৰপ্তানি সম্পূৰ্ণ বন্ধ হৈ পৰিছে৷ ইয়াৰ ফল অসমৰ অৰ্থনীতিত পৰিছে৷