Logo
image

আকৌ মাধমাৰ! বাছ ভাৰা বাঢ়িব ৫০ শতাংশ

আমাৰ অসম, ২৩ আগষ্টঃ আকৌ মাধমাৰ! আনল্‌ক হ’লেই বাছভাৰা ৫০ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিলে বেচৰকাৰী বাছ মালিক সন্থাই৷ দেওবাৰে তেজপুৰৰ এঞ্জেল হোটেলৰ সভাকক্ষত অনুষ্ঠিত সদৌ অসম পৰিবহন সন্থাৰ এক বিশেষ জৰুৰী সভাত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সন্থাৰ সভাপতি ৰাতুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ জৰুৰী সভাৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি সন্থাৰ ৰাজ্যিক সম্পাদক প্ৰদীপ দাসে কয় যে পহিলা ছেপ্টেম্বৰৰ পৰা আনলক হোৱাৰ পাছতে যাত্ৰীভাৰা ৫০ শতাংশ বৃদ্ধি হ’ব৷ ক’ভিডৰ বাবেই ২০২০ আৰু ২০২১ বৰ্ষত স্তব্ধ হৈ পৰা অসমৰ ব্যক্তিগত পৰিবহন খণ্ডৰ অধীনস্থ বাছসমূহৰ লক ডাউনৰ সময়ৰ পথ কৰ ৰেহাই দিয়া, এবছৰৰ বাবে টোলকৰ ৰেহাই, উক্ত সময়ৰ বাছসমূহৰ বীমাৰ ম্যাদ আই আৰ ডি এৰ লগত আলোচনা কৰি এবছৰলৈ বৃদ্ধি কৰাৰ বাবেও চৰকাৰক দাবী জনায় সন্থাই৷ সন্থাই সম্পাদক প্ৰদীপ দাসে কয় যে লকডাউনৰ সময়ত ব্যক্তিগত পৰিবহন খণ্ডৰ লগত জড়িত হৈ সংস্থাপন লাভ কৰা যুৱকসকলে সন্মুখীন হোৱা সমস্যা সম্পৰ্কে আজিৰ জৰুৰী সভাত আলোচনা হয়৷ সভাত ৰাজ্যখনৰ ২৫খন জিলাৰ ডেৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ আজিৰ সভাত ২৫খন জিলাৰ ১৫০ বেচৰকাৰী বাছ মালিকসকলে এই প্ৰস্তাৱ গ্ৰহণ কৰে৷ আজিৰ উক্ত সভাত শোণিতপুৰ জিলা বেচৰকাৰী বাছ মালিক সন্থাৰ সভাপতি অমৃত নাথ, কাৰ্যকৰী সভাপতি পূৰ্ণ ৰাজখোৱাও অংশগ্ৰহণ কৰে৷ ইফালে, ক’ভিড পৰিস্থিতিৰ বাবে সুদীৰ্ঘ তিনি মাহ ফেৰীসেৱা বন্ধ হৈ থকাৰ পাছত পুনৰ মাজুলী যোৰহাট সংযোগী ফেৰীসেৱা আৰম্ভ হৈছে যদিও ব্যক্তিগত ফেৰীৰ মালিকসকলে নিজা খেয়ালখুচি মতে ফেৰীৰ ভাৰা বৃদ্ধি কৰাৰ অভিযোগ উঠিছে৷ এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্যকুমাৰ ভূঞা আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পৱিত্ৰ গোস্বামীৰ লগতে মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই এক প্ৰেছ বিবৃতি জাৰি কৰি এনেদৰে উল্লেখ কৰিছে– “পূৰ্বতে প্ৰতি যাত্ৰীৰ ভাৰা পোন্ধৰ টকা আছিল যদিও এতিয়া ৩০ টকাকৈ সংগ্ৰহ কৰিছে৷ পূৰ্বতে মটৰ চাইকেলৰ ভাড়া ত্ৰিশ টকা হোৱাৰ পৰিৱৰ্তে এতিয়া পঞ্চাশ টকা লৈছে৷ পূৰ্বতে চাৰিচকীয়া বাহনৰ ভাৰা ৬০০-৭০০ টকা হোৱাৰ পৰিৱৰ্তে এতিয়া ৮০০ টকাকৈ সংগ্ৰহ কৰিছে৷ এই সন্দৰ্ভত আমি জিলা উপায়ুক্তৰ হস্তক্ষেপ কামনা কৰিছো৷ এই অতিৰিক্ত ভাৰা শীঘ্ৰে বন্ধ কৰক প্ৰশাসনে৷ ফেৰীভাৰা বৃদ্ধিৰ ফলত ৰাইজ বিপাঙত পৰিছে৷ ছাত্ৰ-ছাত্ৰীসকল এই ভাৰা বৃদ্ধিৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত হ’ব৷ ক’ভিডে সৰ্বসাধাৰণৰ আৰ্থিক অৱস্থা কোঙা কৰি পেলাইছে৷ তাৰ সমান্তৰালভাৱে এচাম লোকে নিজৰ মুনাফাৰ বাবে হঠাৎ এনেধৰণে মূল্যবৃদ্ধি কৰি সৰ্বসাধাৰণক ৰাম টাঙোন সোধোৱা কাৰ্য কোনো কাৰণত মানি লোৱা নহ’ব৷’