Logo
image

‘দুহাজাৰ কোটি’ৰ বাবে বিধায়ক পদ এৰিব ফণীয়ে

আমাৰ অসম, ২৩ আগষ্টঃ দুই হাজাৰ কোটি টকাৰ কাৰণে এআইইউডিএফ এৰি বিজেপিমুখী হৈছে ভৱানীপুৰৰ বিধায়ক ফণী তালুকদাৰ৷ ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেনো তেওঁক দুই হাজাৰ কোটি টকাৰ পেকেজ দিব বুলি প্ৰতিশ্ৰুতি দিছে৷ পূৰ্বেও ইউডিএফৰ দখলত থকা সমষ্টিটোত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি দুবাৰ পৰাজিত ফণী তালুকদাৰে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বহু কষ্ট স্বীকাৰ কৰি বিধানসভালৈ নিৰ্বাচিত হৈছে৷ ভৱানীপুৰ সমষ্টিটো হৈছে মূলতঃ সংখ্যালঘুপ্ৰধান সমষ্টি৷ সমষ্টিটোত সংখ্যালঘু ভোট আছে প্ৰায় ৫৩ হাজাৰ৷ সৰুপেটা, ভৱানীপুৰ এলেকাৰ হিন্দু ভোটাৰৰ মাজত ফণী তালুকদাৰৰ ‘ইমেজ’ অতি বেয়া৷ ইতিমধ্যে ভৱানীপুৰৰ অগপৰ সমৰ্থকে বিজেপিক ভোট নিদিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ফণী তালুকদাৰক প্ৰাৰ্থিত্ব দিলে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বদ্ধপৰিকৰ অগপ সমৰ্থকসকল৷ দেওবাৰে ভৱানীপুৰত সমষ্টিটোৰ অগপৰ ১২খন আঞ্চলিকৰ প্ৰতিনিধিৰ মাজত এখন সভা অনুষ্ঠিত হয়৷ এই সভাত নেতৃত্ব দিয়ে প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে৷ ফণী তালুকদাৰে সমষ্টিটোৰ প্ৰায় ঘৰে ঘৰে মতামত লৈ ফুৰিছে তেওঁৰ দল সলনি সন্দৰ্ভত৷ কিন্তু তেওঁৰ সমৰ্থকৰ প্ৰায় প্ৰতিটো পৰিয়ালে তেওঁ বিজেপিলৈ গ’লে ভোট নিদিওঁ বুলি মত প্ৰকাশ কৰিছে৷ গতিকে এই মুহূৰ্তত তালুকদাৰৰ জয়ৰ সম্ভাৱনাক লৈ প্ৰশ্ন উঠিছে৷ আনহাতে, তালুকদাৰে ২০০০ কোটি টকাৰ লোভত দল সলনি কৰিবলৈ সাজু হৈছে যদিও সেই আশা যে পূৰণ হ’ব তাৰ সম্ভাৱনা প্ৰায় নায়েই৷ কিয়নো বিধায়ক হ’লেহে তেওঁ সমষ্টিটোৰ বাবে ২০০০ কোটি টকা খৰচ কৰিব পাৰিব৷ ইফালে, তালুকদাৰে দেওবাৰে এটা অনুষ্ঠানত ভাগ লৈ কয়– বিৰোধীৰ আসনত বহি থাকিলে বিধায়ক হৈ থাকিব পাৰি৷ কিন্তু সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰি৷ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰি৷ ভৱানীপুৰ বিধানসভা সমষ্টিটো অসমৰ ভিতৰত অন্যতম পিছপৰা তথা অনুন্নত সমষ্টি হেতুকে এই সমষ্টিটোৰ বিভিন্ন ৰাজহুৱা উন্নয়নৰ স্বাৰ্থত এজন বিধায়ক হিচাবে কাম কৰিব লাগিব৷ মই অসমৰ মুখ্যমন্ত্ৰীৰ সৈতেও ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়ন সন্দৰ্ভত আলোচনাত মিলিত হৈছো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিক অসমৰ ভিতৰত অন্যতম এটা বিধানসভা সমষ্টিৰূপে গঢ়ি তুলিব বুলি কৈছে৷ আজিলৈ প্ৰায় এমাহ ধৰি সমষ্টিটোৰ সৰ্বস্তৰৰ ৰাইজৰ সৈতে কথা পাতি আছো৷ ৰাইজে মোক ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত শাসক দলত যোগদান কৰাটো বিচাৰিছে৷ ৰাইজৰ স্বাৰ্থতেই বিধায়ক পদ ত্যাগ কৰিব লাগিব৷ বিধায়ক ফণীধৰ তালুকদাৰে আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাভিঠা গাঁৱত তেওঁৰ ব্যক্তিগত কাৰ্যালয়ত অনুষ্ঠিত কেন্সাৰ ৰোগীক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজৰ চেক বিতৰণ কৰি ভৱানীপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুহেজাৰ কোটি টকাৰ পেকেজ দিব বুলিও কয়৷ অৱসৰপ্ৰাপ্ত শিক্ষক নন্দেশ্বৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তৰ ২৫জন কেন্সাৰ ৰোগীৰ প্ৰতিজনকে ২৫ হেজাৰ টকাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পূজিৰ চেক বিতৰণ কৰে বিধায়ক তালুকদাৰে৷ ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বুদ্ধদেব পাটগিৰিয়ে আঁত ধৰা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক নিৰঞ্জণ ডেকা, সমাজকৰ্মী নৰেন্দ্ৰ নাথ তালুকদাৰৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অতিথিৰূপে উপস্থিত থাকে৷

বিজেপিৰ বিৰুদ্ধে অগপ দলে প্ৰক্ষেপ কৰিব প্ৰাৰ্থী 

ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউএফৰ বিধায়ক ফনীধৰ তালুকদাৰে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ ঘোষণা অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ইতিমধ্যে মুকলিভাৱে ঘোষণা কৰাৰ পাছত সমষ্টিটোত উপ-নিৰ্বাচন নিশ্চিত হৈ পৰিছে৷ তদুপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ফণীধৰ তালুকদাৰে বিজেপি দলৰ হৈ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ সমান্তৰালকৈ অগপ দলেও উপ-নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হোৱা বুলি ঘোষণা কৰিছে৷ ভৱানীপুৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন হ’লে বিজেপিয়ে ফণীধৰ তালুকদাৰক প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সমান্তৰালকৈ অগপ দলেও সমষ্টিটোত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ এই কথা স্পষ্ট হৈ পৰে আজি ভৱানীপুৰত অনুষ্ঠিত অগপ দলৰ এখন সভাত৷ সভাত অগপৰ বিধান পৰিষদৰ সাধাৰণ সম্পাদক শৰৎ ডেকাই এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য অগপ দলৰ পশ্চিম মণ্ডলৰ এখন সভা আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ অগপৰ কেন্দ্ৰীয় উপসভাপতি তথা প্ৰাক্তন মন্ত্ৰী-সাংসদ কুমাৰ দীপক দাসৰ সভাপতিত্বত অগপৰ বাৰখন জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত ভৱানীপুৰ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন হ’লে অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিগত বিধানসভা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ হৈ অগপ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷