Logo
image

এইম্‌ছৰ চূড়ান্ত প্ৰতিবেদন, হত্যা নহয়, সুশান্তই আত্মহত্যাই কৰিছিল

আমাৰ অসম, ০৪ অক্টোবৰঃ বলীউডৰ প্ৰতিশ্ৰুতিবান অভিনেতা সুশান্ত সিং ৰাজপুতক  হত্যা কৰা হোৱা নাছিল৷ সুশান্তৰ অস্বাভাৱিক মৃত্যুৰ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ গঠন কৰা এইমছৰ বিশেষজ্ঞ চিকিৎসক দলটোৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তই শনিবাৰে এই কথা নিশ্চিত কৰিছে৷ দুদিন পূৰ্বে সুধীৰ গুপ্তই সুশান্তক বিহপান কৰাই হত্যা কৰোৱাৰ অভিযোগ নাকচ কৰিছিল৷ তেতিয়াও বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে মৰণোত্তৰ পৰীক্ষাৰ সকলো বিশ্লেষণ সম্পূৰ্ণ কৰা নাছিল৷ সুশান্তৰ দেহৰ ‘ভিচেৰা’ৰ পৰীক্ষা আৰু চূড়ান্ত বিশ্লেষণৰ অন্তত শনিবাৰে চিকিৎসকৰ দলটোৱে অভিনেতাজনক হত্যা কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ চিকিৎসক সুধীৰ গুপ্তই কয়– ‘সুশান্তৰ মৃত্যু নিশ্চিতভাৱে আত্মহত্যাৰ ফলতে সংঘটিত হৈছে৷ হত্যা কৰাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই৷’ উল্লেখ্য এইমছৰ চিকিৎসকৰ দলটোৱে সুশান্তৰ দেহৰ ভিচেৰাৰ ২০% অংশহে পৰীক্ষা কৰিবলৈ পাইছিল৷ তদুপৰি পূৰ্বৰ মৰণোত্তৰ প্ৰতিবেদনো তেওঁলোকৰ হাতত তদন্তকাৰী চি বি আই-এ তুলি দিছিল৷ সুশান্তৰ মৃত্যু হত্যা নহয় বুলি এইমছৰ চিকিৎসকৰ দলটোৱে নিশ্চিত কৰিলেও অভিনেতাজনৰ অস্বাভাৱিক মৃত্যু প্ৰৰোচিত আত্মহত্যা হোৱাৰ সম্ভাৱনা এতিয়াও চি বি আই-এ নুই কৰা নাই৷ তদন্ত আগবাঢ়িলে তেওঁলোকে এতিয়াৰ পৰা মূলতঃ এই দিশটোৰ ওপৰত দৃষ্টি ৰাখি এই সম্ভাৱনা গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি জনাইছে৷  উল্লেখ্য যোৱা ১৫ জুনত সুশান্ত সিং ৰাজপুতে বান্দ্ৰাৰ নিজৰ ঘৰত ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰিছিল৷ তেওঁৰ মৃতদেহ ৰচী কাটি নমোৱাৰ সময়ত কোনো আৰক্ষী উপস্থিত নাছিল৷ যি কেইজন বন্ধু আৰু সতীৰ্থ তথা সহকৰ্মীয়ে সুশান্তৰ মৃতদেহ নমাই আনিছিল, তেওঁলোক সন্দেহৰ আৱৰ্তত থকাৰ বাবে ইতিমধ্যে তদন্তকাৰী সংস্থাই অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে৷ ১৫ জুনত মৃত্যুৰ দিনা মুম্বাইৰ কুপাৰ হাস্পতালত সুশান্তৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল৷ পাঁচজনীয়া চিকিৎসকৰ দলটোৱে জনাইছিল যে ‘এছফেক্সিয়া’ অৰ্থাৎ বেছি সময় ডিঙিত বান্ধি ওলমি থকাৰ ফলত সুশান্তৰ মৃত্যু হৈছিল৷ সেই কথা সুশান্তৰ পৰিয়ালে মানি লোৱা নাছিল৷ তেওঁলোকে এই ঘটনা হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ লগতে সুশান্তক বিহ পান কৰাই হত্যা কৰা বুলি অভিযোগ কৰিছিল৷ সেয়ে চি বি আই-এ এই দিশটোত গুৰুত্ব দি পুনৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰে৷ বিশেষজ্ঞ চিকিৎসকৰ দলটোৰ মতামত মুম্বাইৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে পৃথক নহয়৷ এওঁলোকে জনোৱা মতে সুশান্তক বিহ পান কৰাই আৰু শ্বাসৰুদ্ধ কৰি কোনোবাই হত্যা কৰাৰ কোনো প্ৰমাণ নাই৷ অৱশ্যে মুম্বাই কুপাৰ হাস্পতালত কৰা মৰণোত্তৰ পৰীক্ষাত কিছু গাফিলতি থাকি গৈছিল বুলি এইমছৰ চিকিৎসকৰ দলটোৱে প্ৰকাশ কৰিছে৷