Logo
image

ক’ভিডক প্ৰত্যাহ্বান জনাই পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰ আৰম্ভৰ প্ৰস্তুতি

আমাৰ অসম, ২৩ আগষ্টঃ অস্তগামী সূৰুযৰ অন্তত প্ৰভাতী কিৰণ বিচাৰি ওলাইছে তেওঁলোক৷ কাল কৰ’নাৰ বিভীষিকাৰ মাজতো সাহস নহয়, দুঃসাহস কৰি যেন যুদ্ধজয়ৰ বাবে সাজু হৈছে তেওঁলোক৷ সন্মুখত অন্ধকাৰ পথ দেখিও তেওঁলোক পিছ পৰি ৰ’ব বিচৰা নাই৷ পুনৰ অসমবাসীক হৰ্ষ-বিষাদ, হাঁহি-কান্দোন, প্ৰেম-বিৰহৰ মনোৰঞ্জনেৰে বাস্তৱ জীৱনৰ সৈতে পৰিচয় কৰোৱাই দিয়াৰ বাবে কঁকালত টঙালি বান্ধিছে এইসকল যুঁজাৰু সৈনিকে৷ তেওঁলোক আন কোনো নহয়, তেওঁলোক হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা-কুশলী৷ অভিনয়ৰ সৈতে থকা বিশেষ টানৰ বাবেই মৃতপ্ৰায় অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোক জীয়াই তোলাৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছে এইসকল শিল্পীয়ে৷ কৰ’নাৰ বাবে প্ৰায় দুটা নাট্যবৰ্ষ বন্ধ হৈ থকাৰ পাছত পুনৰ ভ্ৰাম্যমাণৰ নাটবৰ্ষ আৰম্ভ কৰিছে কেইবাটাও থিয়েটাৰ প্ৰযোজক গোষ্ঠীয়ে৷ ক’ভিডৰ বাবেই বিগত বৰ্ষৰ মাৰ্চৰ পৰা ৰাজ্যৰ গাঁৱে-ভূঞে দপ্‌দপাই থকা প্ৰায় একুৰি থিয়েটাৰলৈ নামি আহিছিল কাল অমানিশা৷ থিয়েটাৰকে জীৱিকা হিচাপে লৈ দশক দশক ধৰি অসমীয়া দৰ্শক তথা নাট্যপ্ৰেমীৰ বুকুৰ মাজত সোমাই পৰা শিল্পী, কলা-কুশলীসকলেও ক’ভিডত দিকবিদিক হেৰুৱাই পেলালে৷ এফালে প্ৰযোজকৰ মূৰে-কপালে হাত দিয়া পৰিস্থিতি সৃষ্টি হোৱাই নহয়, থিয়েটাৰৰ সা-সামগ্ৰী ৰ’দে-বৰষুণে নষ্ট হ’বলৈ আৰম্ভ কৰিলে৷ আনফালে, আৰ্থিক দুৰৱস্থাই কোঙা কৰা শিল্পী, কলা-কুশলীসকলে বিকল্প জীৱিকাৰ সন্ধানত নামি পৰিল৷ বিকল্পৰ সন্ধানত বহু শিল্পী, কলা-কুশলীয়ে দিনহাজিৰা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হ’ল৷ ৰাজনৈতিক সমাৱেশত ক’ভিড নাথাকিলেও খাটি খোৱা লোকক ক’ভিডৰ ভয় দেখুৱাই চৰকাৰে বাৰে বাৰে জাৰি কৰিছে এছঅ’পি৷ চৰকাৰৰ এনে ক’ভিড এছঅ’পিয়ে অতিষ্ঠ কৰিলেও একাংশ প্ৰযোজক আৰু শিল্পীয়ে নতুনকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সপোন দেখিছে৷ চৰকাৰে ৰ ছেপ্টেম্বৰৰ পৰা আনলকৰ পৰিকল্পনা কৰাত বুকুত সাহস বান্ধি ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোক জীয়াই তোলাৰ বাবে সাজু হৈছে কেইবাজনো প্ৰযোজক-শিল্পী৷ দুমাহ পলমকৈ হ’লেও পহিলা ছেপ্টেম্বৰৰ পৰা নতুন নাট্যবৰ্ষৰ আখৰা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে আৱাহন, ভাগ্যদেৱী, উদয়ন, ইতিহাস, বীণাপানী আৰু নয়নতৰা থিয়েটাৰে৷ ইতিমধ্যে এইসমূহ থিয়েটাৰৰ কোনে কোনোৱে মঞ্চস্থ কৰিবলগীয়া নাটকৰ নাম ৰাজহুৱা কৰাৰ লগতে শিল্পীকো চুক্তিবদ্ধ কৰিছে৷ অৱশ্যে, এই ৬খন থিয়েটাৰে নাট্যযাত্ৰা আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলালেও একাধিক জনপ্ৰিয় থিয়েটাৰৰ প্ৰযোজকে এইবাৰ নাট্যাৰম্ভ নকৰে৷ এইসমূহ থিয়েটাৰৰ ভিতৰত বৰদৈচিলা, ৰাজতিলক, বৃন্দাবন, কহিনুৰ, ৰাজমুকুট, শংকৰদেৱ, সূৰ্য, হেঙুল, সুদৰ্শন, প্ৰাগজ্যোতিষ থিয়েটাৰ অন্যতম৷ অৰ্থাৎ এইসমূহ থিয়েটাৰৰ প্ৰযোজকৰ অধিকাংশই আৰ্থিক সংকটৰ লগতে ক’ভিডৰ তৃতীয় ঢৌৰ শংকাতে উদ্যোগটোত পুনৰ আত্মপ্ৰকাশৰ বাবে বৰ্তমানেও সাহস গোটাব পৰা নাই৷ ৰজাঘৰেও অসমীয়া থিয়েটাৰ উদ্যোগটোক ক’ভিডৰ সৈতে যুঁজ দিয়াত আৰ্থিকভাৱে সহায় কৰাৰ কোনো আঁচনি গ্ৰহণ নকৰাত উদ্যোগটোৰে জড়িত হাজাৰ হাজাৰ পৰিয়াললৈ দুৰ্যোগ নামি আহিল৷ অৱশ্যে এই সংকটৰ মাজতে দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকসকলে এখন বৈঠকত মিলিত হয়৷ পৰিষদে এই বৈঠকত থিয়েটাৰ উদ্যোগটোৰ দুৰৱস্থাৰ বুজ লোৱাৰ লগতে চৰকাৰক শীঘ্ৰেই প্ৰতিখন থিয়েটাৰৰ প্ৰযোজকক ২৫ লাখ টকাকৈ এককালীন সাহায্য দিবলৈও আহ্বান জনায়৷