Logo
image

বিপজ্জনক! চপৰা চপৰে খহিছে নামনি সোৱণশিৰি বান্ধ

আমাৰ অসম, ২৭ আগষ্টঃ ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত এতিয়া তীব্ৰ আতংকৰ সৃষ্টি হৈছে৷ ২ হাজাৰ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পটো প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়তে মূল বান্ধৰ ওপৰেৰে পানী বাগৰিবলৈ লোৱাত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ গেৰুকামুখ পাহাৰৰ পৰা সোৱণশিৰি নদীয়েদি কোবাল সোঁতত বৈ অহা পানীৰ ঢলে এতিয়া প্ৰকল্পটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷  অৰুণাচল প্ৰদেশৰ লগতে গেৰুকামুখ পাহাৰত একেৰাহে হৈ থকা প্ৰবল বৰষুণৰ ফলত সোৱণশিৰি নদীত কোবাল সোঁতৰ সৃষ্টি হৈছে৷ আটাইতকৈ ভয়ংকৰ কথাটো হ’ল সোৱণশিৰি নদীয়েদি কোবাল গতিত অহা পানীৰ সোঁতে বিপদাপন্ন কৰি তুলিছে এন এইচ পি চিৰ গাৰ্ডৱালত৷ এন এইচ পি চিৰ এক সূত্ৰে সদৰি কৰা অনুসৰি পানী কোবাল সোঁতে চপৰা চপৰে খহাবলৈ ধৰিছে গাৰ্ডৱাল৷ যদিহে ধাৰাষাৰ বৰষুণ হৈ থাকে তেনেহ’লে এন এইচ পি চিৰ নিৰ্মীয়মান বান্ধৰ বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে এন এইচ পি চিত স্তব্ধ হৈ পৰিছে নিৰ্মাণকাৰ্য৷ যোৱা কেইদিনমানলৈকে যুদ্ধকালিন তৎপৰতাৰে নিৰ্মাণকাৰ্য চলি আছিল যদিও সম্প্ৰতি নদীৰ কোবাল সোঁতে সেয়া বিধ্বস্ত কৰি তুলিছে৷ উল্লেখ্য, এন এইচ পি চিয়ে আগন্তুক ২০২২ ৰ ভিতৰতে বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে তৎপৰতা চলাই আহিছে৷ দুদিন পূৰ্বে কেন্দ্ৰীয় শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে এনএইচপিচিৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈছিল৷