Logo
image

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা পাক্কাঃ আজমল

আমাৰ অসম, ০৪ অক্টোবৰঃ দেওবাৰে জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে৷ জিএমচিএইচত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ খবৰ লবলৈ উপস্থিত হয় এআইইউডিএফ প্ৰধান গৰাকী৷ সাক্ষাতৰ পাছতেই মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ মন্তব্য প্ৰকাশ কৰে বদৰুদ্দিন আজমলে৷ তেঁও কয় যে, কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা পাক্কা৷ তৰুণ গগৈ আমাৰ মেইন মুৰব্বী৷ অতি সোনকালে তৰুণ গগৈ সুস্থ হৈ উঠিব৷ নতুন আঞ্চলিক ৰাজনৈতিক দলক শুভেচ্ছা জনোৱাৰ লগতে কংগ্ৰেছ আৰু এআইইউডিএফৰ সৈতে মিত্ৰতাৰ বাবে আহ্বান জনায়৷ বিজেপি দলক উদ্দেশ্যি তেওঁ কয়,এইবাৰ বিজেপি অকলশৰীয়া হৈ যাব৷