Logo
image

বায়ুসেনাত যুঁজাৰু বিমান চলাব অসমীয়া যুৱতীয়ে

আমাৰ অসম, ২৮ আগষ্টঃ অসমবাসীৰ বাবে সুখবৰ৷ বায়ুসেনাৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত পৰীক্ষাত পাৰদৰ্শিতাৰে সাফল্য লাভ কৰি যুঁজাৰু বিমানৰ লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ এগৰাকী সম্ভ্ৰান্ত পৰিয়ালৰ যুৱতী৷ বায়ু্‌সেনাত যুঁজাৰু বিমান চলাবলৈ কৃতিত্ব অৰ্জন কৰা অসমীয়া যুৱতীগৰাকী হৈছে আকাংক্ষা চৌধুৰী৷ গুৱাহাটীৰ ছয়মাইল জুৰিপাৰৰ বিশিষ্ট ব্যক্তি অলিন্দ্ৰ চৌধুৰী আৰু বেলি চৌধুৰীৰ জীয়ৰী আকাংক্ষাই চলিত বৰ্ষৰ এপ্ৰিলত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত ভাৰতীয় বায়ুসেনা বিভাগৰ পৰীক্ষাত ১,২০০ যুৱতী পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বভাৰতীয় পৰ্যায়ত বিশেষ স্থান দখল কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ সফল পৰীক্ষাৰ্থী হিচাপে বিৰল কৃতিত্ব অৰ্জন কৰিছে৷ আকাংক্ষাই এনে পাৰদৰ্শিতাৰ ভিত্তিতে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান শাখাত লেফটেনেণ্ট হিচাপে যোগদান কৰিবলৈ সক্ষম হৈছে৷ স্বাভাৱিকতে এগৰাকী অসমীয়া যুৱতীৰ এনে ঈৰ্ষনীয় সাফল্য এক গৌৰৱৰ বিষয়৷ উল্লেখ্য, পাঠশালাৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত সম্পূৰ্ণানন্দ তালুকদাৰৰ নাতিনী আকাংক্ষাৰ এনে বিৰল কৃতিত্বৰ বাবে পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পাঠশালা টাউন ক্লাব, পাঠশালা ৰঙালী বিহু সন্মিলনী, পাঠশালা প্ৰেছ ক্লাব, বজালী জিলা প্ৰেছ গীল্ড আদিয়ে আকাংক্ষাক অভিনন্দন জ্ঞাপন কৰিছে৷