Logo
image

আজি জন্মাষ্টমী

আমাৰ অসম, ৩০ আগষ্টঃ আজি ৰাতি শিলা বৰষিশে অ’যনুশুনি প্ৰজাৰে মাত/পালি প্ৰহৰীয়া সবে নিদ্ৰা গৈলাযউপজিলা জগন্নাথ...৷ এই পবিত্ৰ ভাদ মাহতে কংসৰ কাৰাগাৰত দৈবকীৰ উদৰত জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ৷ শ্ৰীমদ্ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল৷ সেই অনুসৰি হিন্দু ধৰ্মাৱলম্বী লোক সকলে ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উলহ মালহেৰে পালন কৰি আহিছে৷ শ্ৰীকৃষ্ণৰ জন্ম ভূমি ভাৰত ভূমি পুণ্য স্থান আৰু জগতৰ সৃষ্টি কৰ্তাক জন্মাষ্টমীৰ দিনা বিশেষভাবে আৰাধনা কৰি অহা হৈছে৷ আজি জন্মাষ্টমী৷ জন্মাষ্টমী উপলক্ষে ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে৷ সেইদৰে মথুৰাত জন্মাষ্টমীক লৈ বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ৷ শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ৷ সনাতন ধৰ্মাৱলম্বী সকলৰ জনবিশ্বাস অনুসৰি সমগ্ৰ বিশ্বত যেতিয়া অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই বিশ্ববাসীক ৰক্ষা কৰিবলৈ আৰু সঠিক পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানৱ ৰূপ ধৰি ‘ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছিল৷ দুষ্টক দমন আৰু সন্তৰ পালন কৰ্তা শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যজুৰি প্ৰস্তুতি চলোৱা হৈছে৷ জগতৰ সৃষ্টি কৰ্তাৰ আৰাধনাৰ বাবে ৰাজ্যৰ নামঘৰ, সত্ৰ, মন্দিৰ সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে৷ এইবাৰ জগতৰ সৃষ্টি কৰ্তা শ্ৰী কৃষ্ণৰ আৰাধনা ক’ভিড বিধি মানি ৰাজ্যজুৰি পালন কৰা হ’ব৷  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো এইবাৰ ক’ভিড বিধি মানি জন্মাষ্টমী পালনৰ প্ৰস্তুতি চলোৱা হৈছে৷ সেই অনুসৰি উলুবাৰীৰ ইস্কন মন্দিৰ প্ৰাংগণত শ্ৰীকৃষ্ণৰ নাম কীত্তৰ্ন সীমিত সংখ্যক ভক্তৰ উপস্থিতিত ক’ভিড বিধি মানি পালন কৰা হ’ব৷  এই উপলক্ষে উলুবাৰীৰ কস্তুৰবা আশ্ৰম এটা এল ই ডি লগোৱা হ’ব যাৰ জৰিয়তে ভক্ত সকলে শ্ৰী কৃষ্ণৰ নাম-কীৰ্তন উপভোগ কৰিব পাৰিব৷ তদুপৰি মন্দিৰ প্ৰাংগণৰ পৰা ফেচবুক লাইভ যোগে ভক্তসকলৰ বাবে ঘৰতে শ্ৰী কৃষ্ণৰ নাম-কীৰ্তন উপভোগ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে৷ সেইদৰে হৰেকৃষ্ণ মুভমেণ্টৰ উদ্যোগত আমিনগাঁৱত থকা মন্দিৰ প্ৰাংগণত ক’ভিড বিধি মানি জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ এইবাৰৰ কৃষ্ণ জন্মাষ্টমী সম্পূৰ্ণ কভিড প্ৰটকল অনুযায়ী সম্পন্ন কৰা হব৷ এই পবিত্ৰ উৎসৱ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে৷ হিন্দু কেৱল ভাৰততেই নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ দেশৰ দহৰ মংগলৰ বাবে জন্মাষ্টমীৰ দিনা ধূপ দ্বীপ নৈবদ্যৰে কৃষ্ণৰ নাম-কীৰ্তন কৰিবলৈ সাজু হৈছে সনাতন ধৰ্মাৱলম্বী লোকসকল৷ হিন্দু ধৰ্মাৱলম্বী লোক সকলে ঘৰে ঘৰেও জন্মাষ্টমীৰ বিশেষ আয়োজন কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপালে অধ্যাপক জগদীশ মুখীয়ে জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীক ওলগ জনাইছে৷