Logo
image

৪ ছেপ্টেম্বৰত প্ৰশিক্ষণৰ বাবে যাব লাভলীনা

আমাৰ অসম, ১ আগষ্টঃ ‘অলিম্পিকৰ পৰা উভতি অহাৰ পাছত মোৰ ঘৰত বহু মানুহে ভিৰ কৰিছে৷ তেওঁলোকক মই না ক’ব পৰা নাই৷ ফলত মই অনুশীলন কৰিব পৰা নাই৷ সেয়ে মই সোনকালে প্ৰশিক্ষণলৈ উভতি যাব বিচাৰোঁ৷ ৪ ছেপ্টেম্বৰত মই অসমৰ পৰা প্ৰশিক্ষণৰ বাবে ৰাওনা হ’ম৷’ –এই ভাষ্য অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে আয়োজিত ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে ৰূপায়ণ কৰা ‘জন অংশীদাৰিত্ব আৰু জন আন্দোলন’ৰ অংশৰূপে মঙলবাৰে যোৰহাটৰ ৰৰৈয়াস্থিত চিআৰপিএফৰ ১১৯নং বেটেলিয়নৰ সদৰত আয়োজিত চাইকেল যাত্ৰাৰ শুভাৰম্ভণী অনুষ্ঠানত ভাগ লৈ লাভলীনাই আৰু কয়– ‘যিসকলে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে তেওঁলোকক মই শুভকামনা যাচিছোঁ৷ মই সৰ্বশিক্ষাৰ অধীনৰ বিদ্যালয়ৰ পৰা আহিছোঁ৷ সৰ্বাশিক্ষাৰ অধীনৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস তুলনামূলকভাৱে কম৷ অৱশ্যে তেনে বিদ্যালয়তো যথেষ্ট জ্ঞানী শিক্ষক-শিক্ষয়িত্ৰী থাকে৷’ উল্লেখ্য, অসম সৰ্বশিক্ষা অভিযান মিছনে শেহতীয়াকৈ এটা শীৰ্ষগীত প্ৰস্তুত কৰিছে৷ গীতটো গাইছে জুবিন গাৰ্গে৷ এই গীতৰ ভিডিঅ’টোত লাভলীনাৰ বক্সিঙৰ দৃশ্যাংশ সন্নিৱিষ্ট হৈছে৷ মঙলবাৰে চিআৰপিএফৰ সদৰত লাভলীনা বৰগোহাঁইৰ উপস্থিতিত চাইকেল যাত্ৰাৰ ফ্লেগ অফ কৰে কৃষিমন্ত্ৰী অতুল বৰাই৷ যোৰহাটত আৰম্ভ হোৱা এই যাত্ৰাই দিল্লীৰ ৰাজঘাটলৈকে ২০,৪১৩ কিলোমিটাৰ সামৰি ল’ব৷ যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰা ২৫ জনীয়া দলটোৱে সৰুপথাৰ, মাঞ্জা, দবকা, জাগীৰোড হৈ গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ৫ ছেপ্টেম্বৰত আন এটা দল ৰাওনা হ’ব৷ যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰা দলটোৰ নেতৃত্ব প্ৰদান কৰিছে খটখটিস্থিত চিআৰপিএফৰ ডিআইজি হনুমন্ত সিং ৰাৱতে৷ চাইকেল যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত অসম গৌৰৱ লাভলীনা বৰগোহাঁইয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি দিয়া ভাষণত অলিম্পিক ক্ৰীড়া সম্পৰ্কত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷ মন্ত্ৰী অতুল বৰাই ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষ দিৱসৰ এই গৌৰৱপূৰ্ণ মুহূৰ্তত স্বাধীনতা সংগ্ৰামৰ গুৰুত্ব তথা স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগৰ কথা দেশবাসীয়ে সোঁৱৰণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে৷ লাভলীনা বৰগোহাঁইয়ে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত চিআৰপিএফৰ অনবদ্য অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ তেওঁ অলিম্পিক ক্ৰীড়া সম্পৰ্কত নিজৰ অভিজ্ঞতা ব্যক্ত কৰে আৰু নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি মনোনিৱেশ কৰিবলৈ আহ্বান জনায়৷ অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈ, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে চিআৰপিএফৰ উচ্ছ পদস্থ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, চিআৰপি এফে দেশৰ চাৰিটা কোণৰপৰা এই চাইকেল যাত্ৰা আৰম্ভ কৰিছে৷ চাৰিওটা দল ২ অক্টোবৰত ৰাজঘাটত উপনীত হ’ব৷  ইয়াৰে প্ৰথমটো দলে উত্তৰ মণ্ডলৰ জন্মু কাশ্মীৰৰ পৰা, দ্বিতীয়টো দলে পশ্চিম মণ্ডলৰ গুজৰাটৰ সৱৰমতী আশ্ৰমৰ পৰা, তৃতীয়টো দলে যোৰহাটৰ পৰা আৰু চতুৰ্থটো দলে দক্ষিণ মণ্ডলৰ কন্যাকুমাৰীৰ পৰা ৰাজঘাটলৈ যাত্ৰা কৰিছে৷ পূব মণ্ডলৰ দলটোৱে যোৰহাটৰ পৰা গুৱাহাটী,  শিলিগুৰি, পাটনা, বাৰাণসী, প্ৰয়াগৰাজ, কাণপুৰ হৈ ৰাজঘাটলৈ ২০,৪১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব৷