Logo
image

অবড়োৱে পাব ভূমিৰ অধিকাৰ

প্ৰমোদ বড়োৰ আছুতীয়া সাক্ষাৎকাৰ [২]

দীৰ্ঘদিনে এব্‌ছুৰ নেতৃত্ব দিয়া প্ৰমোদ বড়ো এতিয়া সক্ৰিয় ৰাজনীতিক৷ বিটিআৰৰ মুৰব্বী হিচাপে প্ৰমোদ বড়োৰ বিটিআৰক লৈ পৰিকল্পনা কি? তেওঁ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে? পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিৰ সৈতে তেওঁ কেনেকৈ মোকাবিলা কৰিছে? এই সন্দৰ্ভত ‘আমাৰ অসম’ৰ তৰফৰ পৰা গ্ৰহণ কৰা প্ৰমোদ বড়োৰ আছুতীয়া সাক্ষাৎকাৰৰ অন্তিম ভাগ পঢ়ুৱৈসকলৰ বাবে আগবঢ়োৱা হ’ল৷

◾ভূমিৰ অধিকাৰ সন্দৰ্ভত আপোনাৰ চৰকাৰে অলপতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ক’ব নেকি?

- বিটিএডিৰ বনভূমিত বসবাস কৰা লোকসকলক ডিচেম্বৰৰ ভিতৰত আমি বন অধিকাৰ আইন ২০০৬ ৰ আধাৰত ভূমিৰ অধিকাৰ দিয়াৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো৷ বুধবাৰে আৰু এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে৷ সেইটো হৈছে– বিটিএডিত সুদীৰ্ঘ সময় বসবাস কৰা অবড়ো যিসকলৰ ভূমি আছে তেওঁলোকক ষষ্ঠ অনুসূচীৰ আইন অক্ষুন্ন ৰাখি, বেল্ট এণ্ড ব্লকৰ আইন অক্ষুন্ন ৰাখি, বেল্ট এণ্ড ব্লকৰ বাহিৰত নিজৰ ভূমি দেউতাকৰ পৰা পুতেক বা নিজৰ সন্তানৰ নামত ট্ৰেন্সফাৰ, ৰেজিষ্টাৰ কৰাৰ কাৰণে আমাৰ চৰকাৰে যোৱা বুধবাৰে নটিফিকেশ্বন জাৰি কৰিছে৷ মই ভাবো যে ইয়াৰ দ্বাৰা বিটিআৰৰ অবড়োৰ এটা ডাঙৰ সমস্যা সমাধান হৈ গ’ল৷ ভূমি সংস্কাৰৰ ক্ষেত্ৰত আমাৰ বিটিআৰ চৰকাৰৰ এয়া এক ডাঙৰ পদক্ষেপ৷ ইয়াৰ ফলত যোগ্য মানুহবিলাকে নিজৰ নিজৰ মাটিবিলাক ৰেজিষ্টাৰ কৰিব পাৰিব৷ ১০ দিনৰ ভিতৰত আমাৰ চাৰ্কোল অফিচাৰবিলাকৰ সৈতে বিষয়টো আলোচনা কৰা হ’ব আৰু ইয়াক ৰূপায়ণ কৰা হ’ব৷

◾জলজীৱন মিছনৰ কাম কেনেদৰে আগবাঢ়িছে? 

- আমি জলজীৱন মিছনৰ [জেজেএম] থাৰ্ড ফেজৰ কামহে লাভ কৰিছো৷ আগৰ চৰকাৰৰ দিনতে প্ৰথম আৰু দ্বিতীয় ফেজৰ কাম সম্পূৰ্ণ হৈছে৷ কিন্তু এই দুই ফেজত বহুখিনি মানুহ, অঞ্চল জলজীৱন আঁচনিৰ সুফলৰ পৰা বঞ্চিত হৈ ৰ’ল৷ যিখিনি অঞ্চল বাদ পৰিল সেইখিনি এতিয়া আমি টাৰ্গেট কৰিছো৷ থাৰ্ড ফেজ ‘জেজেএম’ত আমি লেফট আউট গাঁৱবিলাকক ধৰিম৷

◾আজিও বিটিএডিৰ ভূটান-অৰুণাচল সীমান্তৰ মানুহে দোঙৰ পানী খাই জীয়াই থাকিবলগীয়া হৈছে৷ সেইসকলক আপোনাৰ আঁচনিয়ে ঢুকি পাবনে?

- আমাৰ বিটিআৰ চুক্তিত এটা দফা আছে– ভূটান পাহাৰ আৰু অৰুণাচল পাহাৰৰ ওচৰে পাজৰে যিবিলাক লোকে বসবাস কৰি আছে তেওঁলোকৰ খোৱাপানীৰ সমস্যা সমাধান কৰাৰ বাবে আমাৰ বিটিআৰ চুক্তিত এটা এনেক্সাৰ দফা আছে৷ সেই দফামতে আমি ভাৰত চৰকাৰৰ পৰা যথেষ্ট পুঁজি পাম৷ এই পুঁজি পালে বিটিআৰৰ ভূটান-অৰুণাচল সীমান্তৰ ৰাইজৰ খোৱাপানীৰ সমস্যা দূৰ হ’ব৷  ইতিমধ্যে আমি ইয়াৰ বাবে চাৰ্ভে আৰম্ভ কৰি দিছো৷

◾ৰাজপথৰ আন্দোলনৰ পৰা চুক্তি কৰিবলৈ টেবুললৈ গ’লে কিবা পোৱাৰ লগতে কিবা হেৰুৱাব লগীয়া হয়৷ বিটিআৰ চুক্তিক লৈ আপুনি সন্তুষ্টনে? 

- সন্তুষ্ট কাৰণেই চুক্তি কৰিছো৷ বিটিআৰ চুক্তি স্বাক্ষৰকাৰী অন্যান্য নেতৃবৃন্দৰ মাজত ময়ো এজন আছিলো৷ বিটিচি চুক্তিত যিখিনি ৰৈ গ’ল সেইখিনি বিটিআৰ চুক্তিত অনা হৈছে৷ এই চুক্তিখন কোনোবা অবড়ো মানুহে, কোনো বড়ো মানুহেও সমালোচনা কৰিছে৷ কিন্তু অসমৰ কাৰণে এটা ডাঙৰ  চেণ্টিমেণ্ট আছিল– অসম বিভাজন হ’ব নালাগে৷ বড়োৰ কাৰণে এটা চেণ্টিমেণ্ট আছিল কি– বড়োৱে নিজৰ অধিকাৰ পাব লাগে৷ ইয়াৰ মাজত সংগ্ৰাম হৈছে৷ বিটিআৰ চুক্তিয়ে অসমত চাৰি হাজাৰ বছৰৰ পৰাই বসবাস কৰি থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিছে৷ বিটিএডিৰ বাহিৰৰ বড়ো-কছাৰীসকলৰ কাৰণে ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হৈছে৷ কোকৰাঝাৰৰ পৰা তেজপুৰলৈকে এই বৃহৎ অঞ্চলটোত কোনো মেনেজমেণ্ট ইনষ্টিটিউট নাই৷ ভাল কাৰিকৰী প্ৰতিষ্ঠান নাই৷ স্বাধীনতাৰ ৭০ বছৰৰ পাছতো এনে প্ৰতিষ্ঠান আমাৰ নাই৷ সেই কাৰণে এই চুক্তিৰ দ্বাৰা আমি এখন এনআইটি পাইছো৷ এই চুক্তিৰ দ্বাৰা আমি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় পাইছো, এই চুক্তিত আমি জৈৱিক বিশ্ববিদ্যালয় পাইছো, এই চুক্তিত আমি আৰু বহুতখিনি শিক্ষা-মেনেজমেণ্ট-চিকিৎসা প্ৰতিষ্ঠান পাইছো৷ দুখনকৈ মেডিকেল কলেজ, নেৰিমছ, তামুলপুৰত মেডিকেল কলেজ পাইছো৷ চুক্তিৰ দ্বাৰা ৰুৰেল ডেভেলপমেণ্ট ইনষ্টিটিউট পাইছো৷ নেচনেল ষ্টেডিয়াম পাইছো৷ তিনিখনকৈ ছাই চেণ্টাৰ আমি বিচাৰিছো৷ কোকৰাঝাৰৰ ছাই চেণ্টাৰে ইমান লোড ল’ব নোৱাৰে৷ এই চুক্তিত আপুনি দেখিবলৈ পাব বাথৌ ছালি আছে৷ বাথৌটো আমাৰ সকলোতকৈ পুৰণা ধৰ্ম৷ সেই কাৰণে বাথৌ হাৰিমা পুৰী বুলি এটা প্ৰজেক্ট আনিছো, যাৰ দ্বাৰা আমাৰ বাথৌ ধৰ্মটো আন্তৰ্জাতিক পৰ্যায়লৈ লৈ যাব পৰা যাব৷ ইয়াৰ লগতে ‘খেৰাই ছালি’ৰ প্ৰস্তাৱ আনিছো৷ বড়ো কৃষ্টি-সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে কোনো অনুষ্ঠান-প্ৰতিষ্ঠান নাই৷ আমাৰ ধৰ্ম আৰু সংস্কৃতিৰ আদিটোৱেই হৈছে খেৰাই৷ খেৰাই গৱেষণা আৰু আন্তৰ্জাতিক প্ৰচাৰৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত খেৰাই ছালি আনিছো৷ বডোফা চেণ্টাৰ অব এক্সিলেঞ্চিৰ এটা দফা চুক্তিত আছে য’ত নেকি বড়ো জনগোষ্ঠীক অহা এশ-দুশ হাজাৰ বছৰত নতুন এটা পৰ্যায়ত লৈ যোৱাৰ কাৰণে গৱেষণা আদি কৰাৰ কাৰণে এটা গৱেষণা কেন্দ্ৰ ইয়াত আমি পাবলৈ সক্ষম হৈছো৷ অসমৰ বাহিৰৰ বড়োসকলৰ, বেংগলত থকা বড়োসকলৰ [মেছ], ত্ৰিপুৰাত থকা বড়োসকল [ককবৰক], মেঘালয়ত থকা বড়োসকল তথা সমগ্ৰ ভাৰততে থকা বড়োসকলৰ ভাষা-সংস্কৃতি উন্নয়নৰ বাবেও চুক্তিত আমি এটা দফা লৈ আহিব পাৰিছো৷ আগৰ চুক্তিত ৰৈ যোৱা সকলো বস্তুৱেই আমি আনিবলৈ সক্ষম হৈছো৷ সকলোতকৈ ডাঙৰ কথাটো হৈছে যোৱা ত্ৰিশ-চল্লিশ বছৰৰ বড়ো আণ্ডাৰগ্ৰাউণ্ড সমস্যাটো এই চুক্তিৰ দ্বাৰা সমাধান হৈছে৷

◾চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগ কেনে?

- চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা খুব পজিটিভ সঁহাৰি পাইছো৷ ক’ভিড হৈ থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে তিনি-চাৰিবাৰ ৰিভিউ কৰিছে৷ মই নিজে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত দুবাৰকৈ কথা পতাৰ সুযোগ পাইছো৷ আমাৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুক্তি ৰূপায়ণৰ বিষয়টো খুব চিৰিয়াছলি লৈ আছে৷ যেতিয়াই তেওঁ নতুন দিল্লীলৈ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী আদি শীৰ্ষ নেতাসকলক লগ ধৰিবলৈ যায় তেতিয়া আন এজেণ্ডাৰ লগতে বিটিআৰ চুক্তিৰ সম্পাদনৰ বিষয়টো লৈ যায়৷ ৰাজ্য চৰকাৰৰ নিজাববীয়া প্ৰচেষ্টাত চুক্তি ৰূপায়ণৰ বাবে কৰিবলগীয়া কাম খুব ফাষ্ট ট্ৰেকত তেওঁ আগুৱাই নিছে৷ বহুখিনি দফা ইতিমধ্যে ৰূপায়ণ হৈছে৷ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰচেষ্টাতে বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এতিয়া এটা বিভাগ হৈছে৷ শিক্ষাৰ বাবেও পৃথক সঞ্চালকালয় গঠন হৈছে৷

◾আপোনাৰ সপোনৰ বিটিআৰত প্ৰচুৰ সম্ভাৱনাময় পৰ্যটন খণ্ডক কেনেদৰে আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে? নিশাৰ ভিতৰতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হ’ল– অলপ ক’ব নেকি?

- পৰ্যটনৰ কাৰণে ১০ টা নতুন স্পট আমি চিনাক্ত কৰিছো৷ ৰাইমনাৰ পৰা আৰম্ভ কৰি এই দহটা টুৰিষ্ট স্পট আছে৷ ভাৰতবৰ্ষত বহুদিনৰ পিছত প্ৰথমবাৰৰ বাবে আমি এখন নেচনেল পাৰ্ক পাবলৈ সক্ষম হ’লো৷ বহুদিনৰ পৰা এনজিঅ’, প্ৰকৃতিবিদবিলাকে এই নেচনেল পাৰ্কৰ দাবী জনাই আহিছিল৷ বিশ্ব পৰিৱেশ দিৱসৰ আগদিনাহে মই চিএমক কৈছিলো যে ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিব লাগে৷ এটা ৰাতিৰ ভিতৰতে কাম কৰি পিছদিনা তেওঁ ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰি দিলে৷ ইয়াৰ দুদিন পাছত নটিফিকেশ্বন জাৰি হেণ্ডঅভাৰ কৰি দিলে৷ আন্তঃগাঁথনি আৰু ইমেজ নিৰ্মাণৰ ক্ষেত্ৰত এতিয়াও বহুখিনি কাম কৰিবলৈ বাকী আছে৷ বহু সময়ত আমাৰ ইমেজ ভাল নোহোৱাত পৰ্যটন খণ্ডত নেতিবাচক প্ৰভাৱ পেলাইছে৷  টুৰিষ্ট আহিবলৈ ইমেজটো ভাল হ’ব লাগিব৷ পৰ্যটকৰ ক্ষেত্ৰত বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় এজেন্সিয়ে আমাৰ লগত কাম কৰাৰ হেঁপাহ দেখুৱাইছে৷ আমি ভাবিছো নিশ্চয় আমি সফল হ’ম৷ হয়তো অলপ সময় লাগিব৷ এইখিনি সময়তে আমি আমাৰ আন্তঃগাঁথনি ঠিক কৰিব বিচাৰিছো৷ নৰ্থ ইষ্টৰ টুৰিজিম ক্ষেত্ৰত বড়োলেণ্ডৰ এটা সুকীয়া স্থান থাকিব লাগিব৷ অসমৰ আন আন টুৰিষ্ট স্পটৰ দৰেই আমাৰ ইয়াতো যথেষ্ট টুৰিষ্ট স্পট আছে৷ আমাৰ ডাঙৰ ডাঙৰ বিল আছে৷ চৰাচৰ বিল আছে, দিবলাই বিল আছে, ইয়াত হলিষ্টক কিবাও হ’ব পাৰে৷ ইয়াত শক্তিপীঠ আছে– মা মহামায়া দেৱালয়৷

◾চিকিম চৰকাৰৰ লগতো পৰ্যটনৰ বিকাশৰ বাবে চুক্তি হোৱা বুলি শুনিছো৷

- হয়, চিকিম চৰকাৰৰ লগতো আমি এক পৰ্যটন সন্দৰ্ভত বুজাবুজি কৰিছো৷ চিকিমৰ মুখ্যমন্ত্ৰীয়ে আমাক জনাইছে যে তেওঁ আমাক টুৰিষ্ট চাৰ্কিত বনোৱাত সহায় কৰিব৷ আমি গেংটকত এটা বড়োলেণ্ড টুৰিষ্ট লজ পাম৷ চিকিমকো আমি বড়োলেণ্ডত এটা টুৰিষ্ট লজ বনাবলৈ স্থান দিম৷ অৰ্গেনিক খেতিক লৈও চিকিম চৰকাৰ আৰু আমাৰ বড়োলেণ্ড চৰকাৰৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷

◾কলকাতাৰ দৰেই বিটিএডিতো হেনো হ’ব ট্ৰামলাইন– কথাতো সঁচানে?

- হয়, কচুগাঁৱৰ ফালে ট্ৰামলাইন ৰিভাইভ কৰিবলৈও আমি চেষ্টা কৰি আছো৷ কনচালটেণ্ট গ্ৰুপবিলাকৰ লগত ইতিমধ্যে কথা হৈছে৷

◾কাজিৰঙাৰ তুলনাত পৰ্যটনৰ আন্তঃগাঁথনি নিৰ্মাণত এতিয়াও পিছপৰি আছে মানস৷ আপোনাৰ পৰিকল্পনা?

- মানসত আমি এটা ডিজিটেল থীম পাৰ্ক বনাব বিচাৰিছো৷ এইটো হ’ব উত্তৰ পূবৰ প্ৰথমটো ডিজিটেল থীম পাৰ্ক৷ ইয়াৰ লগতে মানসত এটা ডাঙৰ কনভেনচন চেণ্টাৰ হ’ব৷ মানসত আমি এটা হেলিপেডৰ প্ৰস্তাৱ আনিছো৷ বাহিৰৰ টুৰিষ্ট গুৱাহাটী বিমানবন্দৰৰ পৰা পোনে পোনে হেলিকপ্টাৰেৰে মানসলৈ আহিব পাৰিব৷

◾বড়োভূমিত এতিয়াও সুপ্ত আগ্নেয়গিৰি হৈ আছে অবৈধ মাৰণাস্ত্ৰ৷ ইয়াৰ মাজতে বাথা পুনৰ শান্তিৰ পথলৈ আহিল৷ বিটিচিৰ চীফ হিচাপে আপোনাৰ মতামত?

- ভায়লেন্স, খং বা দুখ– এইটো এদিনতে শেষ হৈ নাযায়৷ ফিজিকেলি আৰ্মছ লে-ডাউন কৰি আহিলেও মানসিকভাৱে এডজাষ্ট হ’বলৈ কিছু সময় লাগিব৷ ‘কুলিং টাইম’ লাগিব৷ আমি চেষ্টা কৰি আছিলো যে বড়োলেণ্ডখন ১০০ শতাংশ অবৈধ ‘মাৰণাস্ত্ৰ ফ্ৰী’ হ’ব লাগে৷ ছাত্ৰ আন্দোলনত জড়িত থকাৰ পৰাই, ২০০৯ চনৰ পৰা আমি বড়োলেণ্ডত অবৈধ মাৰণাস্ত্ৰ ফ্ৰী অভিযান আৰম্ভ কৰিছিলো৷ আহি আহি ২০২০ চনত আমাৰ যিমানখিনি আণ্ডাৰগ্ৰাউণ্ড আছে তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰিলে৷ তাৰ পাছতো আমাৰ বাথাৰ গ্ৰুপটো ওলাই গ’ল৷ পিছত আমি গম পালো যে ইয়াত কিবা ৰাজনৈতিক চক্ৰান্ত আছিল, সেই কাৰণে সেই গ্ৰুপটো ওলাই গৈছিল৷ আমি পুনৰ তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিলো৷ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁহাৰি দিলে৷ সেই হিচাপে আলোচনা-বিলোচনা কৰি তেওঁলোকক ঘূৰাই আনিব পৰা গ’ল৷ কিন্তু বাথা আহিলে বা আন কোনোবা আহিলেও বড়োলেণ্ডত যি অলপ-চলপ মাৰণাস্ত্ৰ আছে, সেই লৈ আমাৰ সকলোৰে শংকা আছে৷ মই ৰাজ্য চৰকাৰক অনুৰোধ জনাইছো যে এতিয়াও বিটিআৰত যিখিনি অবৈধ মাৰণাস্ত্ৰ মজুত আছে সকলো জব্দ কৰিব লাগে৷ চৰকাৰৰ ইণ্টেলিজেন্সিয়াই সকলো কথা গম পায়৷ এশ শতাংশ ‘ডিছআৰ্ম’ কৰিব লাগে বিটিআৰ৷ এজন মানুহ হিচাপে মই নিবিচাৰো যে বিনা কাৰণত কোনোবা এজন নিৰ্দোষী মানুহৰ বিটিআৰত মৃত্যু হওক৷ কেৱল বিটিআৰতেই নহয় সমগ্ৰ দেশৰ ভিতৰতে এনেকুৱা আভ্যন্তৰীণ সশস্ত্ৰ গ্ৰুপবিলাক নথকাটো আমি বিচাৰো৷

◾এতিয়াও কেইবাটাও সৰু সৰু অবড়ো সশস্ত্ৰ সংগঠন অহা নাই মূলসূঁতিলৈ৷ কে এল অক মূলসূঁতিলৈ আনিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে?

- ইউজিপিঅৰ লগত আমাৰ আলোচনা চলি আছে৷ তেওঁলোক গোৰ্খাসকলৰ সৰু এটা আণ্ডাৰগ্ৰাউণ্ড গ্ৰুপ৷ তেখেতসকলে আৰ্মি ইণ্টেলিজেন্স, পুলিচৰ লগত আলোচনাত মিলিত হৈ আছে৷ মইও সহায় কৰি আছো৷ তেখেতসকলে আৰ্মছ লে ডাউন কৰিব আৰু ১০০ শতাংশই মূলসূঁতিলৈ আহিব৷ ইয়াৰ লগতে কেএলঅ’ৰ লগতো অলপ-চলপ আলোচনা আৰম্ভ হৈছে৷ ডাইৰেক্ট কেএলঅ’ৰ লগত হোৱা নাই, কিন্তু তেখেতসকলৰ জনগোষ্ঠীয় নেতাবিলাকে আলোচনা আৰম্ভ কৰিছে– কেএলঅ’কো মূলসূঁতিলৈ আনিব লাগে৷ ইতিমধ্যে চীজ ফায়াৰ বা ছাৰেণ্ডাৰ কৰা কিছুমান আদিবাসী গ্ৰুপ আছে– বীৰছা কমাণ্ডো, কোব্ৰা বা আনলা তেনেকুৱা বহুত গ্ৰুপ আছে৷ এই গ্ৰুপবিলাককো মেইন ষ্টীমত আনিবলৈ কৰণীয়খিনি কৰিবলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে আহ্বান জনাইছো৷ মুখ্যমন্ত্ৰী মহোদয়েও ইয়াত পূৰ্ণ সমৰ্থন দিছে৷

◾বিটিআৰৰ যুৱচামৰ উত্তৰণৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা?

- আমাৰ যুৱচামে ভাল এটা শিক্ষা পোৱা নাই, ইয়াত নিযুক্তিৰ বিশেষ সুবিধা পোৱা নাই৷ সেয়ে তেওঁলোক সোনকালে সশস্ত্ৰ পন্থা বা নেতিবাচক দিশত প্ৰভাৱিত হয়৷ যিমান সোনকালে পাৰি শিক্ষা ব্যৱস্থাটো ঠিক কৰাত আমি গুৰুত্ব দিছো৷ লগে লগে নিয়োগ সৃষ্টিতো আমি গুৰুত্ব দিছো৷ বিটিএডিৰ সক্ষম যুৱচামে ‘ডিগনিটি অব্‌ লেবাৰ’ আদৰ্শেৰে যাতে কাম কৰিব পাৰে ইয়াৰ বাবে আমি এশটা স্কীল চেণ্টাৰ আৰম্ভ কৰিব বিচাৰিছো৷ স্কীল আৰু নিয়োগ সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় এজেন্সিৰ লগতো আমি বুজাবুজি কৰিব বিচাৰিছো৷ আমাৰ ল’ৰা-ছোৱালী স্থানীয়, আঞ্চলিক আৰু গ্লৱেল পৰ্যায়ত কিমান কাম পোৱাৰ সক্ষম হ’ব পাৰে ইয়াৰ মেপিং কৰিব বিচাৰিছো৷

◾যুৱ বিপিএফৰ দাদাগিৰি এতিয়াও বিটিআৰত আছেনে?

- চৰকাৰ সলনি হোৱাৰ পাছেত যিসকলে আগতে দাদাগিৰি কৰি আছিল, মাৰপিট কৰি আছিল বা কিছুমান চৰকাৰী আঁচনিৰ ধন অবৈধভাৱে খাই আছিল– এই সকলোবিলাক নাইকিয়া হৈছে৷ যুৱ বিপিএফৰ কেম্পবিলাক এতিয়াও কিন্তু আছে৷ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মদ-ভং খুৱাই পথভ্ৰষ্ট কৰা এইসকল যুৱক এতিয়াও ঘৰলৈ ঘূৰি যোৱা নাই৷ আমি তেওঁলোকক বুজাই বঢ়াই ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰিছো৷ বিপথগামী যুৱকসকলৰ বাবে আমি বিশেষ কাউন্সেলিঙৰ ব্যৱস্থা কৰিছো৷ বিপথগামী যুৱকক কেনেদৰে ‘মটিভেট’ কৰিব পৰা যায় ইয়াৰ কাৰণে আমি ইউনিচেফৰ লগতো কথা আৰম্ভ কৰিছো৷ আমি বিচাৰিছো প্ৰত্যেকটো ভিচিডিচিত এটা কাউন্সেলিং চেণ্টাৰ স্থাপন কৰিব বিচাৰিছো৷ এইবাৰ বাজেটত দুটা নিচামুক্তি কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে৷

◾স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক লৈ আপোনাৰ পৰিকল্পনা?

- বিটিআৰৰ প্ৰতিজন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক আমি বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং দিব বিচাৰিছো৷ ইয়াৰ কাৰণে ফাষ্ট ফেজ কেৰিয়াৰ ছাৰ্ভে আমাৰ হৈ গ’ল হাইস্কুল লেভেলত৷ আমি আমাৰ ডেৰলাখ ল’ৰা-ছোৱালীক ছাৰ্ভে কৰি ইয়াৰ কিমানজন ডাক্তৰ হ’ব বিচাৰে, কিমানজনে ইঞ্জিনিয়াৰ হ’ব বিচাৰে, কিমানজনে ব্যৱসায় কৰিব বিচাৰে, কিমানজনে ৰাজনীতিবিদ হ’ব বিচাৰে, কিমানজনে আইনজ্ঞ হ’ব বিচাৰে, কিমানজনে খেতিয়ক হ’ব বিচাৰে– এইবিলাক আমি উলিয়াই ল’ব বিচাৰিছো৷ এই কেৰিয়াৰ ছাৰ্ভে তিনিবাৰ হ’ব, তিনিবাৰত আমি ফাইনেল কৰিম৷ আমাৰ ল’ৰা-ছোৱালীবোৰৰ নিজ জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ আমি সম্পূৰ্ণ সহায় আগবঢ়াম৷ তেনেকুৱা এটা আঁচনি আমি ইতিমধ্যে হাতত লৈছো৷

◾ভূটানৰ লগত থকা সম্পৰ্কৰ ওপৰত বিটিআৰৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰে৷ আপোনাৰ মতামত?

- ভূটানৰ লগত আমাৰ সম্পৰ্ক বহুত ভাল৷ আমি ক’ব বিচাৰো যে আমাৰ লগত শান্তিপূৰ্ণভাৱে যদি কোনোবা আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ আছে সেইটো ভূটানেই হ’ব৷ ভূটানৰ লগত আমি এটা নতুন সম্পৰ্ক স্থাপন কৰিব বিচাৰিছো৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে ভূটানৰ গেট বন্ধ কৰাত আমাৰ বহুত কষ্ট হৈছে৷ আমাৰ সীমাৰ মানুহবিলাক ভূটানৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল৷ তাত হাজিৰা কৰিবলৈ যায়, কাম কৰিবলৈ যায়৷ এইটো বন্ধ হৈ গৈছে৷ আমাৰ স্থানীয় মানুহে তাত কাম কৰিবলৈ নোযোৱাৰ বাবে মাইগ্ৰেণ্টবিলাকে চান্স লৈছে বুলিও শুনিছো৷ ভূটানৰ কিছুমান অঞ্চলত মাইগ্ৰেণ্টৰ কাৰণে শংকা অহা বুলি আমি গম পাইছো৷ এইটো ইছু্য আমি কথা পাতিম ভূটানৰ লগত, ক’ভিড পৰিস্থিতি উন্নত হ’লেই কামকাজ আৰম্ভ হ’ব৷ ভাৰত চৰকাৰ, অসম চৰকাৰক জনাই আমি ভূটানৰ সৈতে কিছু ব্যৱসায়িক কাম আৰম্ভ কৰিম৷

◾পূৰ্বৰ চৰকাৰৰ দিনত হোৱা চাপ্লাই কেলেংকাৰিৰ তদন্ত হ’বনে? দোষীয়ে শাস্তি পাবনে?

- পূৰ্বৰ চৰকাৰৰ দিনত হোৱা চাপ্লাই কেলেংকাৰি সন্দৰ্ভত অডিট কৰিবৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ এটা ভাল প্ৰতিষ্ঠানক দায়িত্ব দিছো৷ সময়ত এই প্ৰতিষ্ঠানৰ বিষয়ে বিশদভাৱে আপোনাক জনাম৷ পূৰ্বৰ চৰকাৰৰ প্ৰতিটো চাপ্লাই স্কীমৰ বিপৰীতে অডিট হৈ আছে৷ অডিট সম্পূৰ্ণ হ’লে কেন্দ্ৰীয় প্ৰতিষ্ঠানটোৱে আমাক ৰিয়েল ডাটা দিব৷ তেতিয়া আমি ইয়াৰ ওপৰত অসম চৰকাৰৰ লগত কথা পাতি সিদ্ধান্ত ল’ম৷ কাম নকৰাকৈ গড়কাপ্তানিত কেনেকৈ বহু প্ৰশাসনিক  অনুমোদন দিয়া হৈছিল, বিল মুভ কৰিছিল– এইবিলাক কথা আমি চাম৷ যদি ক’ৰবাত ১০ কোটিৰ কাম দিব পাৰে তাত ৫০ কোটিৰ  দিছিল৷ আৰু তাৰ পৰা ১০ শতাংশ কমিছন লৈ গুচি গৈছে আগৰ চৰকাৰখন৷ কমিছন দিয়া সেই মানুহবিলাকে এতিয়া কাম-পইচা বিচাৰি লাইন পাতি আছে৷ অসমৰ আপুনি কল্পনা কৰিব নোৱৰা বহু মানুহৰো আমাৰ ইয়াত চাপ্লাইৰ বিল আছে৷ সেই মানুহবিলাকেও যে ইয়াত চাপ্লাই দি থৈছিল, আপুনি চাৰপ্ৰাইজ হ’ব৷ যোৱা ১৭ বছৰত সূতা-কম্বলৰ চাপ্লায়েই ৫০০ কোটিৰ কম নহয়৷ ছাতি চাপ্লাই দিয়েই ১০ কোটি ১৫ কোটি, ২০ কোটি টকা উলিয়াই লৈ গৈছিল৷ সেই সংস্কৃতিটোকে লৈ এতিয়াও বহুতে মোৰ ওচৰলৈ চাপ্লাই বিচাৰি আহি আছে৷ আমাৰ এনুৱেল প্লেনত চাপ্লাই একেবাৰে মিনিমাইজ কৰা হৈছে৷ কিছুমান স্কীম যেনে বড়োলেণ্ড গেষ্ট হাউচ ৰিন’ভেশ্বনত বছৰ বছৰ ধৰি এক কোটি টকা ফিক্স হিচাপে খৰচ কৰা হৈছিল৷ একেদৰে ক’ৰবাত ফাৰ্নিছাৰ চাপ্লাইৰ নামত বছৰে বছৰে ২৫ কোটি টকা ধৰি আহিছিল৷ ৰেছম বিভাগত ধাৰাবাহিকভাৱে তিনি বছৰ ১০ লাখ, কম্পিউটাৰ চাপ্লাইৰ বাবতেই দহ লাখকৈ খৰচ কৰা হৈছিল৷ এই সকলো বিষয় এতিয়া তন্ন তন্নকৈ অডিট কৰা হৈছে৷

◾গোষ্ঠী সংঘৰ্ষত গৃহহীন হৈ শৰণাৰ্থীৰ জীৱন কটোৱা সকলোৰে ঘৰ এতিয়াও আছেনে?

- সকলোৰে ঘৰ নাই৷ কিন্তু সকলোকে ঘৰ নালাগে৷ একাংশক কেৱল পুলিচ আউটপোষ্ট দিলেই হৈ যায়৷ একাংশক অৱশ্যে ঘৰ লাগিব৷ কিয়নো সংঘৰ্ষত তেওঁলোকৰ ঘৰৰ চিনচাব নাইকিয়া হৈ গ’ল৷ চকুৰ আগতে ঘৰ জ্বলি গ’ল৷ যোৱা সুদীৰ্ঘ বছৰে তেওঁলোকৰ সংস্থাপনৰ কাৰণে চৰকাৰে কোনো ব্যৱস্থা নল’লে৷ এই গৃহহীন সকলক ঘৰ দিয়াৰ কাৰণে আমি তালিকা প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছো৷ এমজিএনৰেগাৰ অধীনত তেওঁলোকক ঘৰ দিয়া হ’ব৷

◾গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ সন্দৰ্ভত আপুনি কি ক’ব?

- বিটিআৰত গাঁও কৰ্তন আৰু অন্তৰ্ভুক্তিৰ সন্দৰ্ভত ‘অগমেণ্টেশ্বন’ কৰা হ’ব৷ যিখিনি বাহিৰত লেফট আউট গাঁও আছে, সেইবিলাকক কাষৰীয়া অঞ্চলৰ গাঁওবিলাক অন্তৰ্ভুক্ত কৰা হ’ব৷ বিটিআৰৰ বাহিৰৰ সীমাৰ দুই-এখন অবড়ো গাঁও কটাও যাব পাৰে৷

◾এসময়ত আপুনি সুদক্ষ ফুটবল খেলুৱৈ আছিল৷ ফুটবল তথা ক্ৰীড়াত সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কেনে?

- হয়, মই নিজেও ১৪ বছৰ ফুটবল খেলিছিলো৷ মই অলপ কাবাদী, ক্ৰিকেটো খেলিছিলো৷  মই ভাবো, ৰাজনীতি আৰু লবীৰ বাবেও বহু ক্ৰীড়া প্ৰতিভা ওলাই আহিব নোৱাৰে৷ ক্ৰীড়া খণ্ডক উৎসাহিত কৰিবৰ বাবে আমি কাউন্সিল লীগ ফুটবল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ গোটেই নৰ্থ ইষ্টৰ কাউন্সিলক লৈ এই কাউন্সিল লীগ অনুষ্ঠিত হ’ব৷ প্ৰথমে আমিয়েই এই খেলৰ স্পনচৰ কৰিম৷ আমি বড়োলেণ্ডত এটা নতুন বড়োলেণ্ড ক্ৰীড়া পলিচী কৰিবলৈ গৈ আছো৷ ইয়াৰ বাবে লক্ষ্মীবাঈ ইনষ্টিটিউটৰ বিশ্বজিৎ বসুমতাৰীক আমি উপদেষ্টা হিচাপে দায়িত্ব দিছো৷

◾কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা বিটিআৰৰ পেকেজৰ ধন পাইছেনে? ধন কেনেদৰে খৰচ কৰাৰ পৰিকল্পনা কৰিছে?

- এতিয়া আমাৰ হাতত পেকেজৰ পৰা পোৱা ১৫০০ কোটি টকা মজুত আছে৷ ভাৰত চৰকাৰৰ ৭৫০ কোটি আৰু অসম চৰকাৰে ৭৫০ কোটি টকা দিছে৷ এই ধনৰ প্ৰতিটো পইচা যাতে সঠিকভাৱে খৰচ হয় সেই কথা আগত ৰাখি আমি অত্যন্ত সাৱধানে আগবাঢ়িছো৷ পৰিকল্পনা নোহোৱাকৈ আমি এই টকা খৰচ কৰিব বিচৰা নাই৷ এই বছৰ আমি সকলো পৰিকল্পনা প্ৰস্তুতি সম্পূৰ্ণ কৰি ল’ব বিচাৰিছো৷ ইয়াৰ বাবে আমি প্ৰয়োজনত ‘ব্ৰেইন আৰু হেণ্ড’ৰো সহায় ল’ম৷

◾হিন্দীভাষী সকলক লৈ আপোনাৰ পৰিকল্পনা?

- ৰাজনীতিলৈ অহাৰ পাছত যিমান হিন্দীভাষী আছে, সেই সকলৰ লগত জড়িত হ’লো৷ তেওঁলোকৰ সমস্যা মই বুজিবলৈ চেষ্টা কৰিছো৷ হিন্দী স্কুলসমূহৰ শিক্ষক, আন্তঃগাঁথনিৰ সমস্যা সমাধানত মই গুৰুত্ব দিছো৷ বহু জেগাত ষঠ পূজাৰ বাবে ভাল ঘাট নাই৷ ঘাট বনোৱাৰ কামো আমি আৰম্ভ কৰিছো৷ ভোজপুৰী, ৰবিদাস সমাজৰ নিজা নিজা দাবীসমূহ সমাধানতো আমি গুৰুত্ব দিছো৷ আমি হিন্দীভাষী ডেভেলপমেণ্ট ব’ৰ্ড বনাবলৈ গৈ আছো৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত হিন্দীভাষী সকলেও ভূমিৰ অধিকাৰ পাব৷ নিযুক্তিৰ ক্ষেত্ৰতো হিন্দীভাষীক সম অধিকাৰ দিয়া হ’ব৷

◾বিটিআৰত অনাবড়োৰ ভূমিৰ অধিকাৰ সুৰক্ষিত নে?

- বিটিআৰত অনাবড়োৰ ভূমিৰ অধিকাৰ আছে৷ জলাশয়, খাচ লেণ্ড, চৰণীয়া পথাৰৰ পৰা মাটি উচ্ছেদ হ’ব বুলি কোনোবাই অপপ্ৰচাৰ চলাইছিল৷ জলাশয়, খাচ লেণ্ডৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যত যি আইন আছে সেয়া ইয়াতো খাটে৷ এতিয়া সেই বিষয়টো সমাপ্ত হৈ গ’ল৷ আমি ইতিমধ্যে এইটো ক্লিয়েৰ কৰি দিলো৷

◾বিজেপি আৰু হাগ্ৰামা মহিলাৰীৰ কিবা গোপন বুজাবুজি চলি আছে নেকি?

- বিজেপি আৰু হাগ্ৰামা মহিলাৰীৰ কিবা সম্পৰ্কৰ বিষয়ে মই জ্ঞাত নহয়৷ পূৰ্বৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগত যি সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল, সেই একে সম্পৰ্ক এতিয়াৰ সভাপতি ভৱেশ কলিতাৰ লগতো আছে৷ ফণীন্দ্ৰ নাথ শৰ্মাক, অজয় জামলকে ধৰি বিজেপিৰ নেতাসকলৰ লগত আমাৰ সঘন যোগাযোগ হৈ আছে৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমাৰ কোনো গেপ নাই৷ ছাত্ৰ আন্দোলনত জড়িত থকাৰ পৰাই বিজেপিৰ বহুতো ৰাষ্ট্ৰীয় নেতাৰ লগত আমাৰ সু-সম্পৰ্ক আছে৷ কিন্তু তেওঁলোকৰ কোনেও আপোনালোকে সংবাদ মাধ্যমে কোৱাৰ দৰে হাগ্ৰামাৰ লগত কিবা কথা চলি থকা বুলি আমাক জনোৱা নাই৷ পানীত পৰা মানুহে বিপদৰ পৰা বাচিবলৈ খেৰ এডালকে সাৱটি লোৱাৰ দৰে হয়তো কোনোবাই সম্ভাব্য বিপদ আগত দেখি বাচিবলৈ চেষ্টা কৰিব পাৰে৷ কথা-বতৰা বিভিন্ন নেতাসকলৰ মাজত হৈয়েই থাকে৷ ইয়াত কোনো ৰাজনৈতিক নতুনত্ব নাই৷

◾ছাত্ৰ নেতাৰ পৰা ৰাজনীতিবিদলৈ আপোনাৰ বৰ্ণাঢ্য জীৱন যাত্ৰা– দুই পৰিচয়ৰ মাজত কি পালে কি হেৰুৱালে?

- ১৯ বছৰ ছাত্ৰ আন্দোলনত জড়িত থাকি মই যিখিনি কথা জানিব পৰা নাছিলো যোৱা জ্জ্ব মাহৰ ৰাজনৈতিক অভিজ্ঞতাই মোক সেইখিনি জনাৰ সুযোগ দিলে৷ নিৰ্বাচনতৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহৰ সংস্পৰ্শলৈ আহিলো, ১০০ খনৰো অধিক স্মাৰকপত্ৰ পালো৷ এই সংস্পৰ্শই মোক তেওঁলোকৰ বিভিন্ন দিশ জনাৰ সুযোগ দিয়াৰ লগতে ওপজা দিনৰ পৰা দেখি অহা মোৰ জন্মভূমিখনক নতুনকৈ আৱিষ্কাৰ কৰাৰ সুযোগ দিলে৷

কোক্‌ৰাঝাৰৰ পৰা ‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ পলাশ খাউণ্ড