Logo
image

মূল্যবোধৰ ৰাজনীতি

কেইদিনমানৰ আগতে উচ্ছমাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৬,৯৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীক লেপ্‌টপ্‌ কিনিবৰ বাবে বিছ হাজাৰকৈ ধন বিতৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে৷ বাক্যটো প্ৰশংসনীয় আৰু উদ্ধৃতিযোগ্য৷ চৰকাৰে কেৱল ছাত্ৰ-ছাত্ৰীসকলকে বঁটা প্ৰদান কৰা নাই, ল’ৰা, বুঢ়া, মহিলা, কৃষক, বনুৱা সকলোলৈকে এইবছৰত চৰকাৰৰ মনত পৰিছে আৰু প্ৰত্যেক গোট মানুহৰ ভিতৰত কোনে চৰকাৰী ধন, উপঢৌকন, সা-সুবিধা লাভ কৰিব সেইসকলৰ নাম হিতাধিকাৰী হিচাপে নামভৰ্তি কৰি লোৱা হৈছে৷ অৱশ্যে কোনো কোনো সমালোচকে হিতাধিকাৰীৰ সৰহসংখ্যক বিজেপিৰ সদস্য বুলিও ক’বলৈ প্ৰয়াস কৰিছে৷  আনকি একেবাৰে শেহতীয়াকৈ একলাখ খিলঞ্জীয়া লোকক মাটিৰ ম্যাদীপট্টা দিব বুলিও ঘোষণা কৰিছে৷ তদুপৰি এইবছৰটোৰ ভিতৰত প্ৰায় একডজনমান মেডিকেল কলেজ, বিশ্ববিদ্যালয় স্থাপনৰ উপৰিও চাহবাগিচাত প্ৰায় ছকুৰি উচ্ছ নে উচ্ছতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ ঘোষণাও ইতিমধ্যেই হৈ গৈছে৷ কোনো সন্দেহ নাই ক’ভিডে মানুহৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে আৰু অনেকেই ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ চৰকাৰে ক’ভিড হস্পিটেল অস্থায়ীভাৱে স্থাপন কৰিছে আৰু আনকি হস্পিটেলত য’ত আই চি ইউ নাই তাতো আৱশ্যকীয় ব্যৱস্থা কৰা হৈছে বুলি কৈছে৷ কেৱল অনেক ক’ভিড ৰোগীৰ কেন্দ্ৰত শৌচাগাৰৰ অৱস্থাই বেমাৰ মাতি অনাৰ সম্ভাৱনা বুলি কোৱা শুনা গৈছে আৰু খাদ্যৰ ক্ষেত্ৰতো কোনো স্তৰত পেলাব নোৱৰা খাদ্যও ক’ৰবাত ক’ৰবাত পৰিৱেশন কৰা হৈছে বুলি অভিযোগ উঠি আছে৷ জানিবৰ কোনো উপায় নাই এই সমগ্ৰ কাৰবাৰটোত কিমান শ কোটি টকা চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে৷

শেহতীয়াকৈ আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত, দহৰ পৰা পোন্ধৰ লাখ পৰ্যন্ত ধনৰ বিনিময়ত পৰীক্ষাৰ আগতে বিক্ৰী কৰাৰ ঘটনাই মুখ্যমন্ত্ৰীৰ হাতত থকা গৃহবিভাগৰ স্ব-ৰূপটো অতি ভয়ংকৰভাৱে উদঙাই দিছে৷ কেৱল সেয়ে নহয় টিংখাং সমষ্টিৰ বিধায়কে পৰীক্ষাৰ আগত বছা বছা কিছু পৰীক্ষাথীৰ্ক প্ৰশ্ন কাকত লৈ ‘ক’চিং’ কৰাৰো খা-খবৰ বাতৰি কাকতত ওলাই গৈছে৷ ইয়াৰ উপৰিও লক্‌ডাউনৰ সময়ত ৰাতি ৰাতি জাৰি কৰা সান্ধ্যআইন চলি থকাৰ সময়ত ডাঙৰ ডাঙৰ আঢ়ৈশ-তিনিশ ট্ৰাকেৰে লিডু-মাৰ্ঘেৰিটাৰ পৰা চোৰাং কয়লা আৰক্ষীৰ চকুৰ আগেদিয়েই লৈ যোৱাৰ ঘটনাও ঘটি আছিল৷ আনকি বাংলাদেশলৈ অসমৰ গৰু-ম’হৰ চোৰাং বেপাৰো চলি থকাৰ নানা বতৰা কাকত-পত্ৰত ওলাই গৈছে৷ এ পি এছ চিৰ কেলেংকাৰী ধৰা পৰাৰ সময়ৰ পৰা মুখ্যমন্ত্ৰীয়ে শূন্য সহনশীলতা অৱলম্বন কৰিব আৰু কোনো সাৰি যাব নোৱাৰিব বুলি জোৰেৰে ঘোষণা কৰি আছে৷ যদিও মুখ্যমন্ত্ৰীৰ বিভাগৰ চকুৰ আগেদি ঘটনাবোৰ ঘটি আছে৷ 

ইয়াৰ উপৰিও অসম চুক্তিৰ ছয় নম্বৰ দফা আখৰে আখৰে পালন কৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসমৰ মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তদন্ত সমিতিৰ প্ৰতিৱেদন গ্ৰহণ নকৰিলে আৰু ৰাজ্য চৰকাৰলৈ ঠেলিলে৷ মুখ্যমন্ত্ৰীয়ে সম্পূৰ্ণ ব্যৱস্থা ল’ব বুলি ঘোষণা কৰাৰ মাজতে শুনা গ’ল যে ইতিমধ্যে পোন্ধৰ হাজাৰ বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদান কৰা হৈছেই৷ ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকা ব্যয় কৰি পূজা-পাতল কৰা চৰকাৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এ’প্ৰেছ হাইৱে বান্ধি উলিয়াব বুলি কৰা ঘোষণা সৰু ল’ৰা-ছোৱালীক ওমলাবলৈ কোৱা সাধুকথাৰ শাৰীলৈ পৰ্যবসিত হ’ল৷ আনকি ভাৰতবৰ্ষৰ অন্যান্য প্ৰায়বোৰ ৰাজ্যত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ ক’ৰবাত ক’ৰবাত ছশৰীয়া হ’লেও আমাৰ অসমৰ ৰাজহাড়স্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথ দুটা বিশেষকৈ নগাঁৱৰ পৰা উজনিৰ ফালে বিধবস্ত হৈ গৈ আছে৷

উল্লিখিত ইত্যাদি ইত্যাদি ঘটনাবোৰেই বোধকৰোঁ মূল্যবোধৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ উদাহৰণ৷ মূল্যবোধ শব্দটো শাসকীয় দলৰ ৰাজনীতিকৰ মুখত ‘ভূতৰ মুখত ৰাম নাম’ যেন লগা হৈছে৷ আমাৰ ৰাজনীতিকসকলে এনেবোৰ কথা আৰু কামেৰেই দেশৰ ল’ৰা-ছোৱালীক মূল্যবোধৰ শিক্ষা দিবনে, তেওঁবিলাকৰ নৈতিক মূল্যবোধৰ ৰাজহাড় ভাঙি পেলাব?  কিছুদিনৰ আগতে মই কৈছিলোঁ যে হিতাধিকাৰী আঁচনিৰ আধাৰত ল’ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে বিভিন্ন স্তৰৰ লোকৰ হাতত বিনা পৰিশ্ৰমে তুলি দিয়া ধন আৰু উপঢৌকন হ’ল আইনৰ পৰা হাত সাৰিবলৈ নিবাৰ্চনৰ দিন ঘোষণা কৰাৰ যথেষ্ট আগতে তুলি দিয়া ভেটী৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ভেটী দিয়াটোৱেই নহয় লোৱাটোও সমান দোষী বুলি কৈছে৷ যদি সেয়ে হয় চৰকাৰে বিনা পইচাই মানুহৰ হাতত তুলি দিয়া চাউলকে ধৰি বিভিন্ন উপঢৌকন দিয়াজনতকৈয়ো এতিয়া লোৱাজনহে দোষী হোৱাৰ ইংগিত ফুটিও উঠিছে বুলি কোৱাৰ বাট ওলোৱা নাইনে? 

২০১৪ খ্ৰীষ্টাব্দত নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ শুনি দেশৰ মানুহে কংগ্ৰেছৰ দুৰ্দিনৰ ঠাইত শুভ দিন আহিছে বুলি ভাবি আনন্দেৰে বিজেপিৰ পক্ষত থিয় দিছিল৷ ইন্দিৰা গান্ধীৰ দিনৰ পৰা কংগ্ৰেছত ধীৰে ধীৰে আৰম্ভ হোৱা মূল্যবোধৰ অৱনমনে যেতিয়া চূড়ান্ত ৰূপ পালেহি মানুহ অতিষ্ঠ হ’ল৷ অসমতো পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈ উঠা মানুহ বিজেপিক আদৰি লোৱা চাৰে চাৰিবছৰ পাৰ হৈ নৌ যাওঁতেই এতিয়া ত্যক্ত আৰু অতিষ্ঠ হৈ উঠিছে৷ অসমক ভাৰতবৰ্ষৰ ‘ইঞ্জিন’ বুলি কোৱা প্ৰধানমন্ত্ৰীৰ বাণীৰ অসাৰ্থকতা মৰ্মে মৰ্মে মানুহে অনুভৱ কৰিছে৷ কংগ্ৰেছৰ কেৱল দুনীৰ্তি বহু ওপৰলৈ উঠিছিল৷ কিন্তু এওঁবিলাকৰ দিনত এতিয়া দুনীৰ্তিৰ লগতে পুঁজিবাদ আৰু ধমাৰ্ন্ধতা এই দুটাও লগ লাগি এক সহ্যাতীত অৱস্থাৰ সৃষ্টি কৰিছে৷ মূল্যবোধ সম্পূৰ্ণৰূপে মূল্যহীন হৈ পৰিছে৷ মূল্যবোধৰ ৰাজহাড় ভাঙি পেলোৱা হৈছে৷ মন্ত্ৰীসকলে, বিধায়কসকলে নিজেই নিজৰ মস্তিষ্কক সোধক তেওঁবিলাক গাদীৰক্ষাৰ বাবে কোন স্তৰলৈ নামি গৈছে৷ 

এই পটভূমিত মানুহে নতুন আঞ্চলিকতাবাদী শক্তিৰ উত্থান বিচাৰিছে৷ কিন্তু ১৯৮৫ খ্ৰীষ্টাব্দত আৱেগত সৃষ্টি হোৱা আঞ্চলিক দলৰ চৰিত্ৰৰ প্ৰতিৰূপ এটা বিচৰা নাই৷ বিচাৰিছে সম্পূৰ্ণৰূপে তত্ত্ব, তথ্য আৰু যুক্তিৰ ভিত্তিত গঢ়ি উঠিব পৰা এটা আঞ্চলিক শক্তি৷ ইয়াৰ লগত নিশ্চয় ৰাজ্যখনক ভালপোৱা, দেশখনক ভালপোৱা আৱেগ থাকিব৷ কিন্তু আৱেগ পৰিচালনাৰ শক্তিলৈ ৰূপান্তৰিত হ’ব নালাগিব বা নোৱাৰিব৷ স্বাভাৱিকতেই আৱেগ-পৰিচালিত গোট যে নাথাকিব এনে নহয়, কিন্তু আঞ্চলিক শক্তি থিয় হ’ব লাগিব পূৰ্বে কৈ অহা তত্ত্ব, তথ্য আৰু যুক্তিৰ ওপৰত৷ 

নিঃসন্দেহে ৰাজনীতি হ’ল অৰ্থনীতিৰ এটা ঘণীভূত ৰূপ৷ এতেকে অৰ্থনৈতিক দৃষ্টি অবিহনে ৰাজনীতি গঢ়ি নুঠে৷ স্বাধীনতাৰ পৰৱৰ্তী কালৰ পৰা ভাৰতবৰ্ষই গ্ৰহণ কৰি অহা মিশ্ৰ অৰ্থনীতি বিজেপিৰ শাসনত পুঁজিবাদী অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে৷ এতেকে নতুন আঞ্চলিক দলে সমাজবাদী আদৰ্শক চকুৰ আগত ৰাখি অসমৰ লগত খাপ খোৱাকৈ তাৰ পুনৰ্গঠন কৰি ল’ব লাগিব৷ বিজেপিৰ ধমাৰ্ন্ধতাৰ ঠাইত নতুন আঞ্চলিক শক্তিয়ে ধৰ্মনিৰপেক্ষ উদাৰ মানৱীয় দৃষ্টিভংগীক আধাৰ কৰিব লাগিব৷ তদুপৰি নেতাসকলে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ কিবা থাকিলে তাক বলি দিবলৈ সকলো সময়তে সাজু হৈ থাকিব লাগিব৷ তেহে মূল্যবোধ গঢ় লৈ উঠিব আৰু জাতিটোৰ মেৰুদণ্ড পোন আৰু শক্তিশালী হ’ব৷ 

ইতিমধ্যে ‘অসম জাতীয় পৰিষদে’ ধীৰ-স্থিৰভাৱে নিজক প্ৰস্তুত কৰিবলৈ যত্ন কৰিছে৷ আনহাতেদি ‘ৰাইজৰ দল’ নামেৰে আৰু ‘অসম গণমঞ্চ’ নামেৰে আন দলো গঠিত হৈছে৷ মই পূৰ্বে কৈ অহাৰ দৰে তত্ত্ব, তথ্য আৰু যুক্তিৰ ভিত্তিত সকলোকে ঐক্যবদ্ধ হ’বলৈ আগতো অনুৰোধ কৰিছোঁ আৰু এতিয়াও অনুৰোধ কৰোঁ৷ ৰাজনীতিটো যেন আৱেগৰ খেলা বুলি আৰু ব্যক্তিগত স্বাৰ্থপূৰণৰ থল বুলি এই নতুনসকলৰ কোনেও ভাবি নলয়৷ ইতিমধ্যে এনেভাৱে কেইবাটিও দল হোৱাৰ নিমিত্তে অসমৰ বিজেপিৰ নেতাৰ সৰু-ডাঙৰ কোনো কোনোৱে কটাক্ষপাট কৰিবলৈও ধৰা দেখা গৈছে৷ মোকো ক’ৰবাত ক’ৰবাত নাজোঁৰাকৈ থকা নাই৷ কিন্তু মই জানো, মোৰ বয়সটোৰ বাহিৰে সমালোচকসকলৰ সমান মই জ্ঞানীও নহওঁ, বুদ্ধিজীৱীও নহওঁ আৰু ৰাজনীতিজ্ঞও নহওঁ৷ মই প্ৰথমতে মোৰ জন্মভূমি অসমক আৰু দেশ ভাৰতবৰ্ষক মনে-প্ৰাণে ভালপোৱা এজন সাধাৰণ মানুহ৷ মই আশা কৰোঁ অসমৰ ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিকসকলেও প্ৰথমতে অসমৰ কথা ভাবিবলৈ যত্ন কৰিলে তেওঁলোকৰ মাজত থকা বা থাকিব পৰা সংকীৰ্ণতা, স্বাৰ্থপৰতা, ক্ষুদ্ৰতা, সৰ্বজ্ঞানী মনোভাব আৰু অহংবোধ দূৰ হ’ব আৰু অসমৰ মংগল সাধনাত তেওঁবিলাকৰ বৰঙনি নিশ্চয় প্ৰশংসনীয় হ’ব৷ মূল্যবোধ প্ৰতিষ্ঠাৰ তেনে এটা দিনলৈ বাট চালোঁ৷