Logo
image

দুসপ্তাহত পুনৰবাৰ বৃদ্ধি ৰন্ধন গেছৰ দাম

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ পুনৰ গ্ৰাহকক মাধমাৰ৷ ঘৰুৱা ব্যৱহাৰৰ এল পি জি চিলিণ্ডাৰৰ মূল্য আজি ১৫ টকা বৃদ্ধি পালে৷ উল্লেখ্য, যোৱা ১৫ দিনত প্ৰতিটো ঘৰুৱা ব্যৱহাৰৰ এল পি জি চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি পালে৷ যোৱা ১৮ আগষ্টত প্ৰতিটো ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ মূল্য ২৫ টকাকৈ বৃদ্ধি কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তেল কোম্পানীসমূহে৷ এই মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীত আজি প্ৰতিটো ৰাজসাহায্যযুক্ত ঘৰুৱা ব্যৱহাৰৰ এল পি জি চিলিণ্ডাৰৰ মূল্য ৯৩৩ টকালৈ বৃদ্ধি পালে৷ লক্ষণীয় ঘৰুৱা ব্যৱহাৰ্য এল পি জি চিলিণ্ডাৰৰ মূল্য তেল কোম্পানীসমূহে এনেদৰে নিজস্ব খেয়াল খুচি মতে বঢ়াই আছে যদিও গ্ৰাহকক প্ৰাপ্য ৰাজসাহায্যৰ ধন বেংক একাউণ্টত ঘূৰাই নিদিয়াৰ অভিযোগ উঠিছে৷ বহু গ্ৰাহকক একেবাৰেই ৰাজসাহাৰ্যৰ ধন বেংক একাউণ্টৰ জৰিয়তে ওভোটাই নিদিয়াৰ বিপৰীতে আন একাংশক আকৌ ৪০-৫০ টকাহে ৰাজসাহায্যৰ ধন দিয়াৰ অভিযোগ উঠিছে৷