Logo
image

ছইবৰৰ লকাৰ খালী! প্ৰথম পত্নীক লৈ বেংকত ভিজিলেঞ্চৰ অভিযান ব্যৰ্থ

আমাৰ অসম, ২ ছেপ্টেম্বৰঃ আয়ৰ সৈতে সামঞ্জস্য নথকা অগাধ সম্পত্তিৰ গৰাকী ধৃত দুৰ্নীতিপৰায়ণ এ চি এছ বিষয়া ছইবৰ ৰহমানৰ প্ৰথমা পত্নীক লগত লৈ বুধবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গুৱাহাটীৰ হাতীগাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ ছইবৰৰ লকাৰত অভিযান চলাই ব্যৰ্থ হয়৷ দুৰ্নীতিৰ বহু তথ্য লাভৰ আশাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ছইবৰ ৰহমানৰ বেংক লকাৰত অভিযান চলাই যদিও লকাৰটোৰ পৰা তদন্তকাৰী সংস্থাটোৱে একোৱে উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ মূলতঃ খালী হাতেৰে তদন্তকাৰী সংস্থাটোৱে উভতি আহিবলগীয়া হয়৷ ইপিনে, ভাৰতীয় ষ্টেট বেংকৰ লকাৰ ব্যৱহাৰ কৰাৰ বাবে ধৃত ছইবৰ ৰহমান প্ৰতি মাহে ২১০০ টকা আদায় দিব লাগে বুলি বেংক কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ তদুপৰি দীৰ্ঘদিন ধৰি বেংকৰ লকাৰ ছইবৰ ৰহমানে ব্যৱহাৰ কৰা নাই বুলি বেংক কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ কিয়নো বেংকৰ লকাৰ ব্যৱহাৰ কৰিলে বেংকৰ গ্ৰাহকে বেংক কতৃৰ্পক্ষৰ পৰা অনুমতি ল’ব লাগে বুলি বেংক কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ আনহাতে, নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়া ধৃত ছইবৰ ৰহমানৰ বিৰুদ্ধে তিনি মাহৰ ভিতৰত অভিযোগনামা আদালতত দাখিল কৰিব নোৱাৰে বুলি তদন্তকাৰী বিষয়াজনে স্পষ্ট কৰি দিয়ে৷ ৰাজ্যৰ ১০৮ স্থানত ভূমি থকা ছইবৰ ৰহমানৰ ২৪টা বেংক একাউণ্ট আৰু ৫০টা জীৱন বীমা পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব বুলি তদন্তকাৰী বিষয়াজনে জানিবলৈ দিয়ে৷ উল্লেখ্য, যোৱা ২৪ আগষ্টত নামে-বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৰাজ্য চৰকাৰৰ সংখ্যালঘু উন্নয়ন পৰিষদৰ উপ-সচিব ছইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল৷ এ চি এছ বিষয়া ছইবৰক গ্ৰেপ্তাৰৰ পাছতেই তদন্তকাৰী সংস্থাটোৱে ৰাজ্যৰ বিভিন্ন স্থানৰ ১০৮ ঠাইত মাটি থকাৰ তথ্য লাভ কৰিছিল৷ সম্প্ৰতি ধৃত ছইবৰ ৰহমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বিচাৰাধীন কয়দী হিচাপে বাস কৰিবলগীয়া হৈছে৷