Logo
image

ডেৰ বছৰৰ মূৰত খুলিছে শিক্ষানুষ্ঠান, ৰাস্তাত অবিশ্বাস্য ভিৰ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ অৱশেষত সুদীৰ্ঘ প্ৰায় ডেৰ বছৰৰ অন্তত শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাৰ দুৱাৰ খোল খালে৷ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত ৫৫০ ৰো অধিক লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ সময়তে শিক্ষানুষ্ঠানৰ দুৱাৰ খোলাক লৈ একাংশ শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীও চিন্তিত হৈ পৰা দেখা গৈছে৷ কেৱল গুৱাহাটী মহানগৰীতে বৃহস্পতিবাৰে ডেৰ শতাধিক লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিডৰ এনে সংক্ৰমণৰ সৈতে সহাৱস্থান কৰি চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত বৃহস্পতিবাৰে ৰাজ্যৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু কাৰিকৰি শিক্ষানুষ্ঠানৰ তলা খুলিলে শিক্ষক-শিক্ষয়ত্ৰীয়ে৷ বুধবাৰে স্বাস্থ্যমন্ত্ৰীয়ে  ক’ভিডৰ নতুন এছ অ’ পি ঘোষণা কৰাৰ পাছতেই শিক্ষানুষ্ঠানৰ অধ্যক্ষৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে ক’ভিড ভেক্‌চিন লোৱাৰ তথ্য প্ৰমাণ দাখিল কৰা দেখা যায়৷ বৃহস্পতিবাৰে নিজ নিজ শিক্ষানুষ্ঠানত উপস্থিত হৈ একাংশ শিক্ষক-শিক্ষয়ত্ৰীয়ে কদৰ্যময় ৰূপ লোৱা শ্ৰেণীৰ কোঠাৰ লগতে শিক্ষানুষ্ঠানৰ চৌহদ চাফ-চিকুণ কৰাও পৰিলক্ষিত হয়৷ তদুপৰি একাংশ শিক্ষানুষ্ঠান ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে কতৃৰ্পক্ষই৷ অৱশ্যে বৃহস্পতিবাৰে শিক্ষানুষ্ঠানৰ দুৱাৰ-খিৰিকী খুলিলেও সমাগত সোমবাৰ অৰ্থাৎ ৬ ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ’ব পাঠদান৷ উচ্ছতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লগতে স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব৷ চৰকাৰৰ নিৰ্দেশ মতে শ্ৰেণী কোঠাত এটা শাখাত সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে যদিও ভেক্‌চিনক লৈ বিবুধিত পৰিছে শিক্ষানুষ্ঠানৰ কতৃৰ্পক্ষ৷ কিয়নো ১৮ বছৰ ঊধবৰ্ৰ ভেক্‌চিন নোলোৱা শিক্ষাৰ্থী আহিলে ঘূৰাই পঠাব লাগিব নেকি বুলিও বিবুধিত পৰিছে শিক্ষানুষ্ঠানৰ মুৰব্বীসকল৷ অৱশ্যে পাঠদান আৰম্ভ হ’লেও কেৱল উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণীৰহে পাঠদান হ’ব৷ কিয়নো স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত ষান্মাসিকৰ বৰ্তমান পৰীক্ষা চলি থকাত উক্ত শ্ৰেণীৰ পাঠদান দিবলগীয়া নহ’ব৷ ইপিনে সোমবাৰৰ পূৰ্বে শিক্ষানুষ্ঠান আৰু কাৰ্যালয়সমূহৰ সকলো শিক্ষক-কৰ্মচাৰীয়ে এপালি হ’লেও ভেকচিন ল’ব লাগিব৷ শিক্ষানুষ্ঠান আৰু কাৰ্যালয়সমূহৰ মুৰব্বীয়ে সোমবাৰে ‘ক’ভিড ভেকচিন সম্পূৰ্ণ’ বুলি কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত ফলক আঁৰিব লাগিব বুলিও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিৰ্দেশ দিছে৷ লক্ষণীয়ভাৱে শিক্ষানুষ্ঠানৰ দুৱাৰ-খিৰিকী খোলাই নহয়, বৃহস্পতিবাৰৰ পৰা আন্তঃজিলা যাতায়াতৰে বাছৰ চকা ঘূৰিল ৰাজপথত৷ যাত্ৰীবাহী বাহনৰ আন্তঃজিলা চলাচলৰ অনুমতি দিয়াৰ লগে লগে ৰাজপথত ব্যাপক ভিৰ পৰিলক্ষিত হয়৷ প্ৰায় চাৰিমাহ ধৰি আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাত নাগৰিকে ব্যাপক সমস্যাৰ সন্মুখীন হৈছিল যদিও আন্তঃজিলা বাছৰ চলাচলত অনুমতি দিয়াৰ লগে লগে বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজপথত যাত্ৰীৰ লগতে বাহনৰো ভিৰ দেখা যায়৷ অৱশ্যে, সদৌ অসম মটৰ পৰিবহণ সংস্থাই ৫০ শতাংশ ভাৰা বৃদ্ধিৰ দাবী জনাইছিল যদিও চৰকাৰে সংস্থাৰ দাবী মানিবলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু বৃহস্পতিবাৰে কম দূৰত্বৰ যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰ, উইংগাৰ, মেজিক আদি বাহনে পূৰ্বৰ নিৰ্ধাৰিত ভাৰাতকৈ অধিক ভাৰা লোৱাৰ অভিযোগ উঠিছে৷ যাত্ৰীবাহী বাহনৰ চালক-হেণ্ডিমেনে যাত্ৰীৰ পৰা বলপূৰ্বক অধিক ভাৰা আদায় কৰা দেখা গৈছে৷ অৱশ্যে দূৰণিবটীয়া দিবা-নৈশ বাছসমূহে পূৰ্বৰ নিৰিখতে চলাচল আৰম্ভ কৰিছে৷ স্বাস্থ্যমন্ত্ৰীয়ে বাছৰ ভাৰা আৰু ক’ভিড প্ৰট’কল বিষয়টো পৰিবহণ বিভাগৰ লগতে সংশ্লিষ্ট কতৃৰ্পক্ষই নিৰীক্ষণ কৰিব বুলি ঘোষণা কৰিছিল যদিও বাস্তৱত বৃহস্পতিবাৰে চৰকাৰী বিষয়াৰ ভূমিকা আছিল শূন্য৷ যাৰ বাবে একাংশ বাহনে যাত্ৰীক মাধমাৰ সোধাই অধিক ভাৰা আদায় কৰা দেখা গ’ল৷

নবম, দশম শ্ৰেণীৰ পাঠ্যক্ৰম হ্ৰাস কৰিলে ছেবাই

২০২১-২০২২ শিক্ষাবৰ্ষৰ বাবে ছেবাৰ অধীনৰ নবম আৰু দশম শ্ৰেণীৰ প্ৰায় ৪০ শতাংশ পাঠ্যক্ৰম সংকোচন কৰা হৈছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছেবাৰ অধীনৰ শ্ৰেণী দুটাৰ পাঠ্যক্ৰম সংকোচন কৰা হৈছে৷ ২০১৯-২০ শিক্ষাবৰ্ষৰ তুলনাত প্ৰতিটো বিষয়ত প্ৰায় ৪০ শতাংশ পাঠ্যক্ৰম সংকোচন কৰা হৈছে৷ ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ‘আমাৰ অসম’ক এই কথা জানিবলৈ দিয়ে৷ ছেবাই প্ৰকাশ কৰা জাননীত উল্লেখ কৰা হৈছে যে ক’ভিডসৃষ্ট পৰিস্থিতিত শৈক্ষিক ক্ষেত্ৰত যি ক্ষতি হ’ল সেয়া ২০২১-২০২২ শিক্ষাবৰ্ষৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা সম্ভৱ নহয়৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ছেবাই পাঠ্যক্ৰম সংকোচনৰ সিদ্ধান্ত লৈছে৷ বিগত শিক্ষাবৰ্ষৰ তুলনাত প্ৰতিটো বিষয়ৰ প্ৰায় ৪০ শতাংশ পাঠ্যক্ৰম সংকোচন কৰা হৈছে৷ ইতিমধ্যে ছেবাই ২০২১-২০২২ বৰ্ষৰ বাবে প্ৰস্তুত কৰা নতুন পাঠ্যক্ৰমৰ বিষয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শক, শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ প্ৰেৰণৰ দিহা কৰিছে৷