Logo
image

দুবাৰৰ অলিম্পিয়ানক বাদ দি আজি ৰাজ্যত ক্ৰীড়া দিৱস

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ লাভলীনা বৰগোহাঁয়ে টকিঅ’ অলিম্পিকত পদক লাভ কৰাৰ পাছত অসমৰ ক্ৰীড়াৰ পৰিৱেশ আনন্দ উল্লাসত টগবগাই আছে৷ তাৰ মাজতে অসম চৰকাৰে অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী এথলীট ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে ৰাজ্যিক ক্ৰীড়া দিৱস হিচাপে উদ্‌যাপন কৰিবলৈ সিদ্ধান্ত লৈছে৷ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ কাৰণে মহানগৰীৰ ৰাজপথত বেনাৰ-হৰ্ডিং লগাই এক ক্ৰীড়ামুখৰ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে৷ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ পৰা ৰাজ্যিক ক্ৰীড়া দিৱস আয়োজন কৰা স্থান– শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পৰ্যন্ত সহস্ৰাধিক হৰ্ডিং লগাই এই অনুষ্ঠানৰ ব্যাপক প্ৰচাৰ চলোৱা হৈছে৷ এই বিজ্ঞাপনত স্ব-মহিমাৰে উজ্বলি আছে ভোগেশ্বৰ বৰুৱাৰ ফটো৷ এই হৰ্ডিঙত স্থান পাইছে প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা, আৰ্চাৰ জয়ন্ত তালুকদাৰ, স্প্ৰীণ্টাৰ হিমা দাস, দুবাৰকৈ অলিম্পিক খেলা বক্সাৰ শিৱ থাপা আৰু টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যৰ ক্ৰীড়া জগতত ইতিহাস সৃষ্টি কৰা বক্সাৰ লাভলীনা বৰগোহাঁয়ে৷ এই অনুষ্ঠানটোত এইসকল এথলীটে স্থান লাভ কৰাটো অতি আনন্দৰ কথা৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল অসমৰ দুবাৰৰ অলিম্পিয়ান দীপংকৰ ভট্টাচাৰ্যই এই এথলীটসকলৰ লগত হৰ্ডিঙত  স্থান লাভ নকৰিলে৷ অদৃশ্য হৈ থাকিল ১৯৯২ বাৰ্চিলোনা অলিম্পিক আৰু ১৯৯৬ আটলাণ্টা অলিম্পিকত প্ৰতিনিধিত্ব কৰি প্ৰি-কোৱাৰ্টাৰ পৰ্যন্ত খেলিবলৈ সক্ষম হোৱা বেডমিণ্টন খেলুৱৈ দীপংকৰ ভট্টাচাৰ্য৷ দীপংকৰে যে কেৱল এই বিজ্ঞাপনতে স্থান নাপালে তেনে নহয়, এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণো লাভ নকৰিলে প্ৰাক্তন খেলুৱৈজনে৷ দীপংকৰ ভট্টাচাৰ্যক এই ৰাজ্যিক ক্ৰীড়া দিৱসলৈ আমন্ত্ৰণ নকৰাৰ কথাটোত আনকি হতবাক হৈ পৰিছে অনুষ্ঠানটোৰ বাবে আমন্ত্ৰিত এথলীটো৷ ৰাজ্যিক ক্ৰীড়া দিৱসৰ দৰে এটা বৃহৎ অনুষ্ঠান আয়োজন কৰি দীপংকৰ ভট্টাচাৰ্যৰ দৰে ক্ৰীড়া ব্যক্তিত্বক ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগে কদৰ নকৰাৰ বিষয়টোৱে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলকো আচৰিত কৰি তুলিছে৷ এই বিষয়ে অসমৰ ক্ৰীড়া বিভাগৰ লগত যোগাযোগ কৰাত কেৱল অৰ্জুন বঁটা জয়ী খেলুৱৈ কেইজনক এই হৰ্ডিঙত স্থান দিয়া হৈছে আৰু অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি মন্তব্য কৰে৷ এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে এজন ক্ৰীড়াবিদৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ বাবে কেৱল ‘অৰ্জুন বঁটা’ মাপকাঠি নেকি? দুবাৰকৈ অলিম্পিকত খেলাৰ পাছতো অৰ্জুন বঁটা লাভ নকৰাৰ বাবেই দীপংকৰ ভট্টাচাৰ্যক যোগ্য সন্মানৰ পৰা বঞ্চিত কৰা হৈছে নেকি? বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা– অলিম্পিক প্ৰতিগৰাকী খেলুৱৈৰ চৰম লক্ষ্য৷ অলিম্পিক খেলা মানেই  ক্ৰীড়া জীৱনত কৰা কঠোৰ পৰিশ্ৰমৰ চৰম সফলতা লাভ কৰা৷ যি সফলতা ৯০ দশকতে লাভ কৰিছিল দীপংকৰে৷ দীপংকৰে তেওঁৰ অসামান্য প্ৰতিভাৰে একেকোবে অসমৰ ক্ৰীড়াক্ষেত্ৰক উচ্ছ স্থানলৈ আগবঢ়াই নিছিল৷ নিজৰ দিনত দীপংকৰ আছিল দেশৰ অপৰাজেয়৷ তথাপি তেওঁক অসম চৰকাৰে পাহৰি পেলোৱাত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত দীপংকৰ ভট্টাচাৰ্যৰ লগত যোগাযোগ কৰাত তেওঁক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই বুলি মন্তব্য কৰে৷ অৱশ্যে তেওঁ কয়– ‘অসমে মোক বহুত দিছে৷ সমগ্ৰ ক্ৰীড়া জীৱনত প্ৰতিগৰাকী অসমীয়াৰ পৰা লাভ কৰা মৰমৰ কথা ভাবিলে আজিও মোৰ মন ৰোমাঞ্চিত হৈ পৰে৷ মই পোৱা সন্মানৰ বাবে চৰকাৰ, ক্ৰীড়া সংগঠন আৰু সমগ্ৰ অসমবাসীৰ ওচৰত চিৰকৃতজ্ঞ৷