Logo
image

ঘৰখন নাপালোঁ লাভলীনাৰ দুখ

আমাৰ অসম, ৩ ছেপ্টেম্বৰঃ প্ৰায় এবছৰ তেওঁ লক্ষ্য পূৰণৰ বাবে সাধনাত ব্ৰতী হৈ ঘৰলৈ আহিব পৰা নাছিল৷ মাতৃৰ অসুখৰ বাবে মাজতে দুই-এবাৰ আহিলেও দীঘলীয়াকৈ ঘৰত থাকিব পৰা নাছিল৷ কিয়নো তেতিয়া লাভলীনাৰ সন্মুখত লক্ষ্য এটাই আছিল– অলিম্পিকৰ স্বৰ্ণ পদক৷ স্বৰ্ণ পদক অৰ্জন কৰিব নোৱাৰিলে হয়, পিছে অসমৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে লাভলীনা বৰগোহাঁয়ে অলিম্পিকৰ পদক লাভ কৰি ৰাজ্যত নতুন ক্ৰীড়া ইতিহাসৰ সৃষ্টি কৰিলে৷ বিগত প্ৰায় আঠ বছৰ ধৰি দৈনিক প্ৰশিক্ষণ, অনুশীলন ইত্যাদিৰ বাবে একেৰাহে দীঘলীয়াকৈ তেওঁ ঘৰত থাকিব পৰা নাছিল৷ টকিঅ’ অলিম্পিকত মহিলাৰ বক্সিঙৰ পদক লাভ কৰাৰ পাছত প্ৰথমটো বৃহৎ লক্ষ্যত সফল হৈ লাভলীনাই কেইদিনমান ঘৰত থাকি আনন্দৰে পৰিয়ালৰ সৈতে কটোৱাৰ পৰিকল্পনা কৰিছিল৷ কঁচু থোৰৰ পিটিকা, কাঠ আলুৰ ভাজি, মাটি দাইলেৰে ভাত– এনে অনেক প্ৰিয় ব্যঞ্জনৰে মাকৰ হাতেৰে ৰন্ধা খাই কেইদিনমান ঘৰত সুখেৰে থকাৰ কথা আছিল লাভলীনাৰ৷ কিন্তু সেই পৰিকল্পনা মাটি হ’ল৷ নিজৰ ইচ্ছাত আপোন মনে ঘৰত কটাব নোৱাৰিলে তেওঁ৷ পিছে অলিম্পিকৰ পদক লাভ কৰাৰ পাছতেই স্বাভাৱিকভাৱে তেওঁ চেলেব্ৰিটিত পৰিণত হ’ল আৰু ইয়াৰ ফলতেই তেওঁৰ দৈনন্দিন সুখ-দুখ, আৱেগ-অনুভূতি আনৰ দ্বাৰা পৰিচালিত হ’ল৷ আজি লাভলীনাৰ বাসগৃহত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল-সংগঠন উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ এক অনুষ্ঠানত উপস্থিত থকা ধনশিৰি মহকুমাৰ সাংবাদিকসকলৰ আগত মনৰ ভাৱ প্ৰকাশ কৰি লাভলীনাই কয়– ‘টকিঅ’ অলিম্পিকত পদক অনাৰ পাছত নিজ ঘৰখনলৈ অহাৰ পিছতো মোৰ একো ইচ্ছাই পূৰণ নহ’ল৷ আগতে মই ঘৰত যেনেদৰে থাকিবলৈ পাইছিলো ঠিক তেনেদৰে মই এইবাৰ থাকিবলৈ পোৱা নাই৷ টকিঅ’ৰ পৰা নিজ ঘৰখনলৈ অহাৰ প্ৰথম কেইদিনমান খুবেই ভাল লাগিছিল৷ সকলো আহিছিল, কথা বতৰা পাতিছিলো৷ তথাপিও ভাবিছিলো শেষৰফালে মই অলপ ফ্ৰী হৈ থাকিবলৈ পাম৷ কিন্তু এটাও নহ’ল৷ ঘৰত থাকিবলৈ একেবাৰে সময়ে নাপালো৷ যি যি ভাবিছিলো একোৱেই নহ’ল৷ এতিয়া সোনকালে যাওগৈহে৷ মোৰ বক্সিং অনুশীলনো নহ’লে ক্ষতি হ’ব৷’ প্ৰসংগতঃ উল্লেখযোগ্য, ভাৰতৰ হৈ টকিঅ’ অলিম্পিকত জেভেলিনত স্বৰ্ণ পদক লাভ কৰা নীৰজ চোপ্ৰাও ইটোৰ পিছত সিটো সম্বৰ্ধনা অনুষ্ঠানত অতিষ্ঠ হৈ পৰিছিল৷ তেওঁ আনকি ৰ’দে-গৰমে আৰু তাৰ পাছতে এচি গাড়ীত উঠি বিসদৃশ পৰিৱেশত থাকিবলগীয়া হোৱাৰ ফলত অসুস্থ হৈ পৰিছিল৷ সেয়ে তেওঁ গ’ল্ডেন লীগ প্ৰতিযোগিতাত ভাগ লোৱাৰ পৰাও বঞ্চিত হৈছিল৷ তেতিয়াই নীৰজ চোপ্ৰাই এনে অনুষ্ঠান অত্যধিক হোৱাৰ বিৰুদ্ধে মন্তব্য কৰে৷ নীৰজ চোপ্ৰাই কৈছিল যে, খেলুৱৈ এজনে সফলতা লাভ কৰাৰ পাছত এমাহমান তেওঁক মৰমৰ আতিশয্যত ডুবাই ৰখা হয়৷ ইয়াৰ পাছত সকলোৱে পাহৰি যায়৷ ইয়াৰ বিপৰীতে তেওঁ খেলুৱৈৰ প্ৰতি একেৰাহে উৎসাহ যোগাই গ’লেহে ভাৰতীয় ক্ৰীড়াই সফলতা লাভ কৰিব বুলি মন্তব্য কৰিছিল৷ লাভলীনাৰ ক্ষেত্ৰতো ব্যতিক্ৰম ঘটা নাই৷ 

বাসগৃহতো উপৰ্যুপৰি সম্বৰ্ধনা

অলিম্পিকত ব্ৰঞ্জৰ পদক আজুৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ সমগ্ৰ দেশত বৰ্তমানেও অব্যাহত আছে আনন্দৰ জোৱাৰ৷ ১২৫ বছৰীয়া অলিম্পিকৰ ইতিহাসত অসমৰ মহিলা বক্সাৰ হিচাপে প্ৰথমবাৰলৈ ব্ৰঞ্জৰ পদক লাভেৰে অভিলেখ সৃষ্টি কৰা অসম কন্যা তথা বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ বাৰমুখীয়াৰ বাসগৃহত লাভলীনাক সম্বৰ্ধনা জনাবলৈ বৰ্তমান সোঁত বৈছে চৰকাৰী, বেচৰকাৰী বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা সংগঠন৷ আজিও ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ লগতে সৰুপথাৰ, দেৰগাঁও আৰু গোলাঘাট শাখা কাৰ্যালয়ৰ এটি প্ৰতিনিধি দল অসম কন্যা লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়াৰ বাসগৃহত উপস্থিত হয়হি৷ ভাৰতীয় জীৱন বীমা নিগমৰ প্ৰতিনিধি দলটোৱে প্ৰথমে লাভলীনাক এখন পাটৰ ফুলাম গামোচা আৰু সঁফুৰাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ তৰফৰ পৰা ২৫ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে৷ নিগমৰ যোৰহাট সংমণ্ডলৰ জ্যেষ্ঠ মণ্ডল প্ৰবন্ধক প্ৰকাশ মিশ্ৰই নিগমৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত এই ধনৰাশিৰ চেক লাভলীনাক আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ ভাৰতীয় জীৱন বীমা নিগম যোৰহাট সংমণ্ডলৰ অন্তৰ্গত সৰুপথাৰ ছেটেলাইট শাখাৰ প্ৰবন্ধক পংকজ হাজৰিকাই আঁত ধৰা চেক প্ৰদান অনুষ্ঠানত লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ উক্ত অনুষ্ঠানত ভাৰতীয় জীৱন বীমা নিগমৰ, গোলাঘাট শাখাৰ প্ৰবন্ধক তৰুণ বৰুৱা, সৰুপথাৰ ছেটেলাইট শাখাৰ প্ৰবন্ধক পংকজ হাজৰিকা, দেৰগাঁও ছেটেলাইট শাখাৰ প্ৰবন্ধক ৰঞ্জিত শইকীয়া, উন্নয়ন বিষয়াসহ নিগমৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷  ইফালে আজি একেদিনাই অসম কন্যা গৰাকীক নিজ বাসগৃহতে য়েছ বেংক, ঠেঙাল কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ, গোলাঘাট জিলা সাহিত্য সভা, বৰগোহাঁইৰ বংশাৱলী আদি বিভিন্ন অনুষ্ঠান সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ৩ ছেপ্টেম্বৰত লাভলীনা নিজ গৃহৰ পৰা বেংগালুৰুলৈ প্ৰশিক্ষণৰ বাবে ৰাওনা হয়।