Logo
image

কাগজ কল কৰ্মীক ৬৫০ কোটি দিবলৈ সাজু মুখ্যমন্ত্ৰী, আজি বৈঠক

আমাৰ অসম, ৬ ছেপ্টেম্বৰঃ ১৫ দিনৰ ভিতৰত কোৱাটাৰ খালী কৰি দিয়াৰ নিৰ্দেশৰ পিছতে সোমবাৰে কাছাৰ আৰু জাগীৰোডৰ নগাঁও কাগজ কলৰ কৰ্মচাৰীৰে দ্বিতীয় লানি বৈঠকত মিলিত হয় ৰাজ্য চৰকাৰ৷ ইয়াৰ মাজতে ২০১৯ চনলৈ প্ৰাপ্য দৰমহাৰ মুঠ ৬৫০ কোটি টকা মোকলাই দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ৷ এই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়–ৰাজ্য চৰকাৰে ইতিমধ্যে ৬৫০ কোটি টকা কাগজ-কলৰ কৰ্মচাৰীসকলক দিবৰ বাবে সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ মাজতে সোমবাৰে দিছপুৰত অনুষ্ঠিত হয় কাগজ কল দুটাৰ কৰ্মচাৰী আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মাজত বৈঠক৷ উল্লেখ্য যে ১৫ ছেপ্টেম্বৰৰ পিছত কাগজ কল চৌহদৰ বিদ্যুৎ কৰ্তনৰ জাননী জাৰি কৰিছে এ পি ডি চি এলয়ে৷ এনে পৰিস্থিতিত কাগজ কল দুটাৰ কৰ্মচাৰীসকলে চৰকাৰে দিয়া ৬৫০ কোটি টকা লৈ কল চৌহদ ত্যাগ কৰিব নে নিজৰ প্ৰাপ্যৰ দাবীত অব্যাহত ৰাখিব প্ৰতিবাদ৷ বিশেষকৈ ২০১৯ চনৰ পিছৰ বকেয়া দৰমহা কি হ’ব তাক কেন্দ্ৰ কৰি উত্থাপিত হৈছে প্ৰশ্ন৷ মুখ্যমন্ত্ৰীয়ে ৬৫০ কোটি টকা আদায়ৰ সিদ্ধান্ত সদৰি কৰাৰ লগতে কৈছে যে কল দুটাৰ যিসকল কৰ্মচাৰীৰ বয়স কম তেওঁলোকৰ ১০০ জনক চৰকাৰী চাকৰিত নিযুক্তিও দিয়া হ’ব৷ কৰ্মচাৰী সকলে টকা-পইচা লৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাওক৷ ১০০০ কৰ্মচাৰীৰ বিপৰীতে ৬৫০ কোটি টকা দিয়া হৈছে৷ ইয়াতকৈ আৰু অধিক দিব নোৱাৰে ৰাজ্য চৰকাৰে৷ আনহাতে মন্ত্ৰী পীয়ূষ হাজৰিকাই এই সন্দৰ্ভত কয়–মুখ্যমন্ত্ৰীয়ে বিগত ১০০ দিনত ৪ বাৰ আলোচনাত বহিছে কাগজ কল দুটাৰ ইউনিয়নৰে৷ লিকুইডেটৰক কাগজ কলৰ বিষয়া-কৰ্মচাৰীয়ে প্ৰাপ্য ৫৩০ কোটি টকা বকেয়া দাবী কৰিছিল৷ অতিৰিক্ত বকেয়াকে ধৰি মুঠ ৬০০ কোটি টকা হ’ব বুলি কৰ্মচাৰী সকলে জানিবলৈ দিছিল৷ মুখ্যমন্ত্ৰীয়ে ৬৫০ কোটি টকা মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে৷ আনহাতে লিকুইডেটৰ কুলদীপ বাৰ্মাই ১৫ দিনৰ ভিতৰত আৱাসগৃহ খালীৰ যি জাননী জাৰি কৰিছে তাক অবৈধ বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে কাগজ কল কৰ্মচাৰী ইউনিয়নৰ সভাপতি মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে৷

প্ৰতিৰোধ-আন্দোলনৰ হুংকাৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

জাগীৰোডৰ নগাঁও কাগজ কল দীৰ্ঘ দিন ধৰি বন্ধ হৈ থকা বাবে তাত কাম কৰা কৰ্মচাৰী সকলৰ পৰিয়ালবোৰে জীয়াই থকাৰ সামৰ্থ হেৰুৱাই পেলোৱাৰ সময়তে কৰ্মচাৰী সকলক শীঘ্ৰে কলনিৰ ঘৰ সমূহ খালি কৰিবলৈ দিয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷ এনে নিৰ্দেশৰ ববে চৰকাৰক কঠোৰ সমালোচনা কৰি সাংসদ বৰদলৈয়ে আজি নগাঁৱত কয়, ‘এই নিৰ্দেশ প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে পাষাণ হৃদয়ৰ পৰিচয় দিছে৷ এইখন চৰকাৰ দুখীয়া জনসাধাৰণৰ প্ৰতি অতি নিৰ্দয়৷ কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহাৰ অভাৱত পেট ভাতৰ বাবে দিন হাজিৰা কৰিব লগা হৈছে৷ তাৰ পিছত চৰকাৰে এইসকল কৰ্মচাৰীক ১৫ দিনৰ ভিতৰত ঘৰ খালি কৰিবলৈ নিৰ্দেশ দি কঠিন হৃদয়ৰ পৰিচয় দিছে৷ আমি এয়া কেতিয়াও হ’বলৈ নিদিও৷ আমি ইয়াৰ প্ৰতিবাদ কৰাই নহয় ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধো গঢ়ি তুলিম, প্ৰয়োজনত আমি আন্দোলন কৰিম৷ ‘ আনহাতে কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰ কেৱল পুঁজিপতিৰ নিৰ্দেশত চলে বুলি মন্তব্য কৰি সাংসদ জনে কয়, ‘এইখন চৰকাৰ পুঁজিপতিৰ চৰকাৰ৷ পুঁজিপতিৰ নিৰ্দেশতহে বৰ্তমান কেন্দ্ৰীয় চৰকাৰ চলি আছে৷ আদানী আম্বানীৰ স্বাৰ্থত কাম কৰিছে বিজেপি চৰকাৰে৷  নগাঁও চহৰৰ হয়বৰগাঁও ৰে’ল ষ্টেচনত সৃষ্টি হোৱা যান জঁট সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ আজি বুজ লবলৈ উপস্থিত হোৱা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে৷ বৰ্তমানৰ বিজেপি চৰকাৰে পুঁজিপতিৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদ বৰদলৈয়ে৷  বিজেপি চৰকাৰে আদানী আম্বানীৰ দৰে পুঁজিপতিৰ স্বাৰ্থত কাম কৰিছে বুলি অভিযোগ কৰি কাগজ কলটো আদানী আম্বানীক গতাই দিয়াৰ সন্দেহ প্ৰকাশ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে৷

কাগজ কলৰ আবাস গৃহ খালী কৰিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী

কাগজ কলৰ আবাস গৃহ খালী কৰিবলৈ দিয়া নিৰ্দেশ প্ৰত্যাহাৰৰ দাবী জনাইছে- উদ্যোগ বচাওক শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতি, অসমে [কামৰূপ মহানগৰ]৷ এই সম্পৰ্কে উদ্যোগ বচাওক, শ্ৰমিক বচাওক যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক পংকজ কুমাৰ দাস আৰু ৰমেন দাসে সংবাদ মাধ্যমক কয় ‘নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীক চলিত মাহৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত আবাস গৃহ খালী কৰিবলৈ লিকুইডেটৰ কুলদীপ বাৰ্মাই নিৰ্দেশ দিয়া আৰু অসম চৰকাৰে বিজুলী সংযোগ কৰ্তনৰ বাবে দিয়া হুমকিৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ৷ এনে কাৰ্য চৰম অমানৱীয় আৰু স্বৈৰতান্ত্ৰিক৷ অতি শীঘ্ৰে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ আমি দাবী জনাইছো৷  মন্ত্ৰী পিয়ুষ হাজৰিকাই কাগজ কলৰ কৰ্মচাৰীয়ে আবাস গৃহ খালী নকৰা কাৰ্যক বে আইনী বুলি কৰা মন্তব্যক আমি কঠোৰ ভাষাৰে গৰিহণা দিছো আৰু কাগজ কল খোলাৰ বাবে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি বিশ্বাসঘাটকতা কৰা বিজেপি চৰকাৰৰ মন্ত্ৰী পাৰিষদৰ মাত মতাৰ কোনো নৈতিক অধিকাৰ নাই৷ আমি আবাস গৃহত থকাৰ অধিকাৰ কৰ্মচাৰী সকলৰ আইনসন্মত সাংবিধানিক অধিকাৰ বুলি অভিহিত কৰিছো৷ উল্লেখ্য, কাগজ কলৰ কৰ্মচাৰীসকলে বিগত ৫৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে আৰু ৯৩জন কৰ্মচাৰীয়ে আৰ্থিক অনাটনত অকাল মৃত্যুক সাৱটি ল’বলৈ বাধ্য হৈছে আৰু বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ ফলতে এনে মৃত্যুৰ ঘটনা সংঘটিত হৈছে৷ আনহাতে চৰকাৰে কৰ্মচাৰীৰ সম্পূৰ্ণ দৰমহা আদায় দিয়াৰ পৰিবৰ্তে কিছু মাহৰ দৰমহাৰ বাবদ ৬০০ কোটি টকাৰ যি পেকেজৰ কথা হিমন্ত বিশ্ব শৰ্মাৰচৰকাৰে কৈছে সি চৰকাৰে কাগজ কল খোলাৰ প্ৰতিশ্ৰুতিৰ পৰা কৌশলেৰে আঁতৰি আহি আন এক প্ৰতাৰণাৰ জাল তৈয়াৰ কৰাৰ বাহিৰে আন একো নহয়৷ কাগজ কল খোলাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি পালন আৰু সম্পূৰ্ণ ৫৬ মাহৰ দৰমহা আদায় দিয়া তথা মৃত্যু হোৱা কৰ্মচাৰীসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীত আমি ঐক্যৱদ্ধ গণ সংগ্ৰাম গঢ়ি তোলাৰ বাবে কাগজ কল কৰ্মীসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ৷’