Logo
image

অসম চুক্তিৰ শ্মশান যাত্ৰাৰ পাছতো আজি মুখ্যমন্ত্ৰীৰে আছুৰ বৈঠক

আমাৰ অসম, ৭ ছেপ্টেম্বৰঃ অসমৰ ৰাইজৰ আৱেগ-অনুভূতি জড়িত হৈ থকা অসম চুক্তিক লৈ পুনৰ নাটক আৰম্ভ কৰিছে নেকি চৰকাৰে? বহুজনৰ মনত এই প্ৰশ্ন এইবাবেই উত্থাপিত হৈছে যে অসমৰ ৰাইজে মনে-প্ৰাণে নিবিচৰা নাগৰিকত্ব সংশোধনী আইন [কা] প্ৰণয়ন কৰি অসম চুক্তিৰ আত্মাক ধবংস কৰা বিজেপি চৰকাৰে আকৌ অসম চুক্তিক লৈ আলোচনাৰ দিহা কৰিছে৷ সংবিধানবিৰোধী আৰু সাম্প্ৰদায়িক ‘কা’ প্ৰণয়নৰ জৰিয়তে অসম চুক্তিক গুৰুত্বহীন আৰু অপ্ৰাসংগিক কৰি তোলা বিজেপি চৰকাৰে অসম চুক্তি সন্দৰ্ভত আলোচনা কৰিবৰ বাবে পুনৰ আমন্ত্ৰণ জনাইছে অসম আন্দোলনৰ প্ৰধান সংগঠন তথা অসম চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থাক৷ ৭ ছেপ্টেম্বৰ মঙলবাৰে আবেলি ৩ বজাত ৩৬ বছৰীয়া অসম চুক্তি সন্দৰ্ভত আছুৰ সৈতে আলোচনাত মিলিত হ’ব অসম চৰকাৰ৷ কইনাধৰাত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক আমন্ত্ৰণ জনাইছে অসম চুক্তি ৰূপায়ণ বিভাগে– যি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছে আছুৰ প্ৰাক্তন সভাপতি অতুল বৰা৷ উল্লেখ্য, অসম চুক্তিমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে অতুল বৰাই আছুৰ কাৰ্যালয়লৈ গৈ অসম চুক্তি ৰূপায়ণকে ধৰি বিভিন্ন ক্ষেত্ৰত আছুৰ সহযোগিতা কামনা কৰিছিল৷ অৱশ্যে ‘কা’ সন্দৰ্ভত অতুল বৰাৰ দল অসম গণ পৰিষদে গ্ৰহণ কৰা ৰহস্যজনক স্থিতিৰ ফলত অসমৰ ৰাইজৰ মনত সৃষ্টি হোৱা ক্ষোভ আৰু আশংকা আজিকোপতি প্ৰশমিত হোৱা নাই৷ চৰকাৰৰ দ্বাৰা ৩৬ বছৰ ধৰি অৱহেলিত অসম চুক্তি সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিতব্য বৈঠকত পৌৰোহিত্য কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই৷ কোৱা বাহুল্য যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত আৰু নিৰ্বাচনী প্ৰচাৰ সভাসমূহত অসম চুক্তি সন্দৰ্ভত তুচ্ছ-তাচ্ছিল্য কৰিছিল ড॰ শৰ্মাই৷ তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত অৰ্থাৎ কংগ্ৰেছৰ আমোলত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব বহন কৰা ড॰ শৰ্মাই সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰূপে ব্যৰ্থতাৰ পৰিচয় দিয়াৰ পাছত সোণোৱালৰ আমোলত অসম চুক্তি সন্দৰ্ভত সততে বহু তীৰ্যক আৰু অসন্মানজনক মন্তব্য কৰিছিল৷ অসম চুক্তিত বহু ভুল-ভ্ৰান্তি ৰৈ যোৱা বুলি মন্তব্য কৰাৰ উপৰি ড॰ শৰ্মাই ‘অসম চুক্তি গীতা বা বাইবেল নহয়’ বুলি মন্তব্য কৰাৰ লগতে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন হ’ব লাগে বুলি মন্তব্য কৰিছিল৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত অসম চুক্তি সন্দৰ্ভত ড॰ শৰ্মাই এতিয়ালৈকে কোনো তাচ্ছিল্যসূচক মন্তব্য কৰা নাই৷ সেই আপাহতে অসম চুক্তি প্ৰসংগত ড॰ শৰ্মাৰ স্থিতি সলনি হোৱা বুলি একাংশই ধাৰণা কৰিছে যদিও ‘কা’ বাতিল নোহোৱাপৰ্যন্ত অসম চুক্তি প্ৰসংগত কৰা কোনো আলোচনা যে ফলপ্ৰসু হ’ব নোৱাৰে সেয়া কাৰ্যতঃ নিশ্চিত৷ ইফালে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন বিজেপি চৰকাৰে ডাষ্টবিনত নিক্ষেপ কৰিলে৷ এনেবোৰ ঘটনাৰ জৰিয়তে অসম চুক্তিক লৈ বিজেপি দল আৰু চৰকাৰ যে মুঠেও আগ্ৰহী আৰু দায়বদ্ধ নহয় সেয়া স্পষ্ট হৈ পৰিছে৷ সেয়ে অসম চুক্তিৰ শ্মশান যাত্ৰাৰ সময়তে অসম চুক্তিক লৈ আছুৰ সৈতে চৰকাৰৰ আলোচনাক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশই এয়া চৰকাৰৰ পৰিৱৰ্তিত স্থিতি আৰু অসমৰ গৰিষ্ঠসংখ্যক লোকৰ আৱেগ-অনুভূতিৰ প্ৰতি সন্মান জনাব খোজাৰ প্ৰয়াস বুলি ক’ব খোজাৰ বিপৰীতে আন একাংশৰ মতে অসম চুক্তি তথা বিদেশী সমস্যাক লৈ এয়া বিজেপি দল আৰু চৰকাৰৰ নতুন নাটক৷ কেইবাটাও সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ সৈতে এই প্ৰসংগৰ সম্পৰ্ক থকা বুলিও বহুতে ক’ব খোজে৷ অৱশ্যে অসম চুক্তি সন্দৰ্ভত আছু আৰু যুৱ-ছাত্ৰ পৰিষদৰ স্থিতি এতিয়াও পূৰ্বৰ দৰেই আছে– যেনেদৰে আজিকোপতি কঠোৰ হৈয়েই আছে ‘কা’বিৰোধী স্থিতি৷ মঙলবাৰৰ অসম চুক্তি সম্পৰ্কীয় আলোচনাত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাসহ ৩৬জনীয়া প্ৰতিনিধি দলে ভাগ ল’ব৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সভাপতিত্ব কৰিবলগীয়া এই বৈঠকত অসম চুক্তি ৰূপায়ণমন্ত্ৰী অতুল বৰাৰ উপৰি ৰাজ্যৰ মুখ্য সচিব, গৃহ সচিব আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত সচিবকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গই ভাগ ল’ব৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ২০০৫ চনৰ ২ মে’ত অসম চৰকাৰ আৰু আছুৰ মাজত অনুষ্ঠিত অসম চুক্তি সম্পৰ্কীয় দ্বিপাক্ষিক বৈঠকত তদানীন্তন মুখ্যমন্ত্ৰীয়ে ভাগ লৈছিল৷ ২০০৫ চনৰ ৫ মে’ত প্ৰধানমন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত হৈছিল ত্ৰিপাক্ষিক বৈঠক৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মূলতঃ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপি চৰকাৰে ‘কা’ প্ৰণয়ন কৰিলে যদিও এই সন্দৰ্ভত উচ্ছতম ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰৰ উপৰি আন কেতবোৰ ৰাজনৈতিক কাৰণত আজিকোপতি ‘কা’ বলৱৎ হোৱা নাই৷ আনকি ‘কা’ৰ বিধি প্ৰণয়নৰ কামো সম্পূৰ্ণ কৰা নাই নৰেন্দ্ৰ মোদী চৰকাৰে৷ লক্ষণীয় যে কেৱল অসম চুক্তি বা অসম চুক্তিৰ ৬নং দফাৰ বিশেষজ্ঞ প্ৰতিবেদনেই নহয়, অসম চুক্তি সম্পৰ্কীয় আলোচনাৰ ফচল এনআৰচিৰ ক্ষেত্ৰতো এতিয়ালৈকে ইপ্সিত ফল লাভ কৰা নাই অসমৰ ৰাইজে৷ কংগ্ৰেছ, অগপ, বাঁওপন্থী, বিজেপি– সকলো দলেই অসম চুক্তিক লৈ ৩৬ বছৰে ৰাজনীতি কৰিলে৷ সেইসূত্ৰে মঙলবাৰে কইনাধৰা পাহাৰত অনুষ্ঠিত হ’বলগীয়া অসম চুক্তি সম্পৰ্কীয় বৈঠকৰ ফলাফলক লৈ অসমৰ ৰাইজ স্বাভাৱিকতেই দ্বিধাগ্ৰস্ত, শংকিত, উদ্বিগ্ন, সন্দিহান৷ অসমৰ ৰাইজে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তিৰ যথাযথ ৰূপায়ণ বিচাৰিছে৷ অসম চুক্তিক লৈ কোনেও ৰাজনীতি কৰাটো বিচৰা নাই৷ অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই এই সন্দৰ্ভত কয়– ‘অসম চুক্তি সন্দৰ্ভত ছাত্ৰ সন্থাই চৰকাৰৰ লগত পতা প্ৰতিটো কথা, প্ৰতিটো শব্দ মন কৰিম৷ আগৰ প্ৰতিশ্ৰুতিবিলাকৰ পুনৰাবৃত্তি হয় নে নতুন কিবা হয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিম৷ আগৰ কথাবোৰলৈ চাই এই আলোচনাক লৈ আমি মুঠেও আশাবাদী নহয়৷ সীমান্ত চাবলৈ গ’ল, নাৱত উঠি সীমান্ত চাবলৈ গ’ল– কিন্তু এতিয়াও সকলো মুকলি হৈয়েই আছে৷ আগৰ আশ্বাসৰ পুনৰাবৃত্তি হ’ব নালাগে৷’ অসম আন্দোলনৰ অন্যতম অংশীদাৰী সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– ‘অসম চুক্তিৰ প্ৰাসংগিকতা-গ্ৰহণযোগ্যতা বাঢ়িছেহে৷ বিগত দিনবোৰত চৰকাৰসমূহে অসম চুক্তিক অৱহেলা কৰাৰ বাবে বা অসম চুক্তিৰ ক্ষেত্ৰত কৰণীয়খিনি নকৰাৰ জৰিয়তে চুক্তিক অপ্ৰাসংগিক কৰিব খুজিছে৷ চৰকাৰৰ কাৰ্যকলাপেহে অসম চুক্তিক অপ্ৰাসংগিক কৰি পেলাইছে৷ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ বাবে কমিটী গঠন কৰা হ’ল৷ কমিটীয়ে প্ৰতিবেদন দিলে৷ কিন্তু প্ৰতিবেদন আজিকোপতি দিল্লী গৈ নাপালে৷ যিখন প্ৰতিবেদন দাড়ি-ক’মা সলনি নকৰাকৈ কাৰ্যকৰী কৰা হ’ব বুলি বিজেপি দল আৰু চৰকাৰে কৈছিল৷’ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়– ‘অসম চুক্তি সন্দৰ্ভত আলোচনা হোৱাৰ পূৰ্বে ‘কা’ কাৰ্যকৰী নকৰিবলৈ আলোচনা হ’ব লাগে৷ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ দাবী উত্থাপনৰ লগে লগেই ‘কা’খন বাতিল কৰিব লাগে বুলি ক’ব লাগিব৷ ‘কা’ কাৰ্যকৰী নকৰিবলৈ বিধানসভাত প্ৰস্তাৱ ল’ব লাগে৷ ‘কা’ থকাৰ পাছত অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ কোৱাটো অৰ্থহীন৷ অসম চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে অসম চুক্তি অক্ষত থকাটো প্ৰথম দাবী হ’ব লাগিব৷ ‘কা’ই অসম চুক্তিক নস্যাৎ কৰিছে৷ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ হ’লে প্ৰথমে ‘কা’ বাতিল কৰিব লাগিব৷’