Logo
image

আঞ্চলিক গণ মৰ্চাৰ ভৱিষ্যত মসৃণ নে

... গণ মৰ্চাই বিজেপিক পৰৱৰ্তী নিৰ্বাচনত প্ৰতিহত কৰাৰ স্বাৰ্থত ‘কা’ অৰ্থাৎ, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পৃথক পৃথকভাৱে আন্দোলন-প্ৰতিবাদ কৰা সকলো দল-সংগঠনকে চামিল হ’বলৈ আহ্বান জনাই আহিছে৷ আপাত দৃষ্টিত এয়া সমৰ্থনযোগ্য হ’লেও অসমীয়া মূল সূঁতিৰ জনসাধাৰণৰ কংগ্ৰেছ আৰু এই আই ডি ইউ এফ এই দুয়োটা দলৰ প্ৰতি কেৱল ‘কা’-বিৰোধিতা কৰা বুলিয়ে কোমলতা প্ৰদৰ্শন কৰিব বুলি ভৱা অনুচিত৷  কাৰণ, শাসনৰ সুদীৰ্ঘ বাঘজৰী হাতত থকা সময়ত কংগ্ৰেছ দলটোৱে অসম আৰু অসমীয়াৰ স্বাৰ্থত কোনো উল্লেখযোগ্য কাম কৰা বুলি জনা নাযায় ...

অসম গণ পৰিষদ [অগপ বা এজিপি] দলে অসমৰ জনসাধাৰণক ৰাজনৈতিকভাৱে একত্ৰিত কৰাত বিফল হোৱাৰ মূলতে হ’ল— জনসাধাৰণৰ হৃদয়ৰ সমৰ্থনক চূড়ান্তভাৱে উপেক্ষা কৰি কেৱল নিজৰ ক্ষমতা আৰু প্ৰতিপত্তি জাহিৰ কৰা বাবে উদ্বাউল হোৱা নেতৃত্বৰ ঠেক মানসিকতা৷  আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ মৰ্মাৰ্থক মনে-প্ৰাণে হৃদয়ংগম কৰিবলৈ ব্যৰ্থ অগপ নেতৃত্বই দল গঠনৰ কালৰে পৰা বৰ্তমানলৈকে অৰ্থাৎ, সুদীৰ্ঘ ৩৫ বছৰেও একেটা ভুলকে কৰি অহাত সমৰ্থনকাৰী জনগণে দলটোৰ প্ৰতি মোহ ত্যাগ কৰিবলৈ বাধ্য হৈছে৷  জন্মক্ষণৰে পৰা অগপ দলটোৰ নেতৃত্বত থকা নেতাসকলৰ মাজত অবিৰত চলি থকা খোৱা-কামোৰাই দলটো কেইবাবাৰো ভঙা-পতা হৈ হৈ বৰ্তমানৰ নেতৃত্বৰ হাতত পৰি সমূলঞ্চে নিপাত হ’বলৈ আগবঢ়াটোৱে অসমত আঞ্চলিকতাবাদ আৰু বৃহত্তৰ অসমীয়াৰ জাতীয়তাবাদ সন্দৰ্ভত বহুবোৰ অমীমাংসিত প্ৰশ্নৰ উদ্ভৱ ঘটাইছে৷ অগপ নেতৃত্বৰ ধাৰাবাহিক ব্যৰ্থতাৰ বাবেই কংগ্ৰেছ দলে ১৯৯১ চনৰ পৰা১৯৯৬ চনলৈ আৰু ২০০১ চনৰ পৰা ২০১৬ চনলৈকে অসম শাসন কৰাৰ সুবিধা পাইছিল৷ সমান্তৰালভাৱে, ৰাজ্যখনত এ আই ইউ ডি এফ নামেৰে সংখ্যালঘূৰ ৰাজনীতি এটাইয়ো বিগত ডেৰ দশকে নিজৰ সবল স্থিতি ঘোষণা কৰি আহিছে৷ আনহাতে, অগপ দলে নিজৰ ৰাজ্যখনতে নিজা শক্তি বৃদ্ধিৰ বাবে আৱশ্যকীয় কৰ্মসূচী লৈ তৎপৰ হোৱাৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টী [ভাজপা বা বিজেপি]ক ৰাজ্যখনত খোপনি পুতিবলৈ সুযোগ দিয়াই নহয় অসমত শাসনত বহিবলৈয়ো ঠাই চিকুণাইয়ো দিলে৷ এতিয়া পৰিস্থিতি এনে হ’লগৈ যে ভাজপাৰ দয়াতহে যেন অগপৰ প্ৰাণবায়ু চলি আছে৷ ৰাজনৈতিক বিশ্লেষকসকলে সেয়ে কোৱাৰ সুযোগ পাইছে — অগপই নিজৰ কফিনত নিজেই গঁজাল মাৰি এতিয়া বাহিৰ ওলাব পৰা নাই আৰু নোৱাৰেও!

আজিৰ অসমৰ ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটত উক্ত আলোচনা প্ৰাসঙ্গিকভাৱে আহিছে৷ অগপ দলৰ প্ৰত্যক্ষ শাসন দুটা দশকৰ পূৰ্বেই লোপ পাইছিল৷ পৰৱৰ্তী তিনিটা কাৰ্যকাল অৰ্থাৎ, পোন্ধৰ বছৰ ধৰি অসমত শতিকা পুৰণি কংগ্ৰেছ দলে চলোৱা অপশাসনৰ অৱসান বিচাৰি হাবাথুৰি খোৱা অসমৰ জনসাধাৰণে বিকল্প ৰাজনৈতিক দলৰ সন্ধান চলাই থাকোঁতে  ২০১৪ চনৰ লোকসভাৰ সাধাৰণ নিৰ্বাচনত  ভাজপা দলে দেশৰ পৰৱৰ্তী প্ৰধান মন্ত্ৰীৰূপে গুজৰাটৰ মুখ্য মন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীক প্ৰক্ষেপ কৰি সমগ্ৰ ভাৰততে তোলা ৰাজনৈতিক আলোড়নত অসমতো ভাজপাই লোকসভাৰ সাতখন আসন দখল কৰিবলৈ সক্ষম হ’ল৷  তেতিয়ালৈকে অসমৰ গাদীত থকা মুখ্য মন্ত্ৰী তৰুণ গগৈ বাহিনীয়ে কংগ্ৰেছৰ লজ্জা কিছু পৰিমাণে ৰাখিবলৈ সক্ষম হ’ল যদিও ভাজপাৰ পূৰ্ণ সহযোগিতা সত্ত্বেও অগপ দলে ১৪ খন আসনৰ এখনতো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে৷  তাৰ দুবছৰৰ পাছতে অনুষ্ঠিত ৰাজ্যৰ বিধান সভা সমষ্টিৰ নিৰ্বাচনটোত ভাজপাই সামান্য আসনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে যদিও মিত্ৰ দল অগপ আৰু বড়োলেণ্ড সংযুক্ত মৰ্চাৰ [বি পি এফ] সহযোগত চৰকাৰ পাতিবলৈ সক্ষম হ’ল৷  অগপৰ বৰ্তমানৰ নেতৃত্বই বিজেপিৰ বহতীয়াত পৰিণত হৈ অসমৰ সাধাৰণ ৰাইজৰ মন গহনৰ পৰা ক্ৰমাৎ আঁতৰি যোৱাৰ সময়তে বিজেপি দলে সম্পূৰ্ণ স্বেচ্ছাচাৰী আচৰণেৰে নাগৰিকত্ব আইনখন সংশোধন কৰি হিন্দুকে ধৰি অনা-মুছলমান বিদেশী নাগৰিকক ভাৰত তথা অসমতো ২০১৪ চনলৈকে নাগৰিকত্ব দান দিয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে অগপ দলে লোৱা দুতলীয়া নীতিৰ ফলশ্ৰুতিতে অসমত নতুন আঞ্চলিক দলৰ প্ৰাসংগিকতা জোৰদাৰ হৈ পৰিল৷ আঞ্চলিক দলৰ প্ৰয়োজনীয়তা যিমানে বাঢ়িব ধৰিলে সিমানে আঞ্চলিক মনোভাৱাপন্ন বিভিন্ন জাতীয় সংগঠন আৰু অনুষ্ঠানৰ মাজত ঐক্যৱদ্ধ হোৱাাৰ বিপৰীতে অভিলেখ সৃষ্টিৰ লক্ষ্যৰেহে যেন আঞ্চলিক দল গঠনৰ জোৱাৰ উঠিব ধৰিলে অসমত৷  ইতিপূৰ্বেই লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টী [এল ডি পি], অসম সংগ্ৰামী মঞ্চ, অসম নিৰ্মাণ দল আদি নামেৰে  কেইবাটাও আঞ্চলিক দল আছিলেই৷  প্ৰথমে ‘কেব’ৰ আৰু পাছলৈ ‘কা’ অৰ্থাৎ, নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ জনোৱাৰ নামতে আঞ্চলিক গণ মৰ্চা, সংযুক্ত আঞ্চলিক দল গঠন হৈছে৷ সদৌ অসম ছাত্ৰ সন্থা [আছু] আৰু অসম জাতীয়তাবাদী  যুৱ ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত  ‘অসম জাতীয় পৰিষদ’ গঠন হৈছে৷ তেওঁলোকে ৰাজনৈতিক সহযোগ নিবিচৰাৰ প্ৰতিবাদত সহযোগী ৭০ সংগঠনৰে মিলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু এটা আঞ্চলিক দল গঠন কৰিলে৷ বিভিন্ন জনগোষ্ঠীয়েও নিজাকৈ দল গঠনৰ কুচকাৱাজ চলাই থকা থকা দেখা গৈছে৷ অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি পৰ্যবেক্ষণ কৰি থকা সচেতন লোক মাত্ৰেই উদ্বিগ্ন হৈ পৰিছে যে অসম আৰু অসমীয়া জাতি বা সমাজখনৰ বাবে অপকাৰী বুলি স্পষ্ট হৈ পৰা ভাজপা আৰু অগপ দলক ক্ষমতাচু্যত কৰাৰ মূল সংকল্পকে যেন পৰিৱৰ্তনৰ দোহাই দি হোৰাহোৰে গঠন হোৱা আঞ্চলিক দল বিলাকে ক্ষমতাচু্যত কৰা দূৰৰ কথা নিজৰ নিজৰ অত্যুৎসাহী অসমপ্ৰেমৰ জোৰতহে ভাজপা দলে অসমত পূৰ্বতকৈ গজগজীয়াকৈহে পুনৰ শাসন হস্তগত কৰিবগৈ৷

ইমান বিলাক আঞ্চলিক দলক লৈ পৰ্যালোচনা কৰাটো সময়ৰে আহ্বান যদিও ইয়াৰে মাজৰ ‘আঞ্চলিক গণ মৰ্চা’ৰ সন্দৰ্ভতহে আমাৰ মনত দোলা দিয়া কথাচেৰেক আলোচনা কৰিব বিচৰা হৈছে৷ প্ৰথিতযশা সাংবাদিক, অসমত মানৱাধিকাৰ আন্দোলন গঢ়ি তোলা অন্যতম পূৰোধা ব্যক্তি তথা পৰিস্থিতিৰ অনিবাৰ্যতাত ৰাজ্যসভাৰ সাংসদৰূপে নিদৰ্লীয়ভাৱে নিৰ্বাচিত হোৱা অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঢ় লোৱা এই গণ মৰ্চাই অনাগত দিনত অসমৰ ৰাজনীতিত কেনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব তাক লৈ যিমান আলোচনা বা বিতৰ্ক হ’ব লাগিছিল সেয়া বৰ বেছি প্ৰত্যক্ষ কৰিবলৈ পোৱা হোৱা নাই৷ নতুন নতুন অধিক আঞ্চলিক দলৰ আৰ্ৱিভাৱ ঘটা বাবেই হয়তো গণ মৰ্চাক লৈ বিশেষ হৈ চৈ হোৱা দেখা নগ’ল৷ ইয়াৰ সমান্তৰালভাৱে এইটোও অস্বীকাৰ কৰিব নোৱাৰি যে গণ মৰ্চাই  বিগত চাৰে তিনি মাহত যিমান সক্ৰিয়তা প্ৰদৰ্শন কৰিব পাৰিব লাগিছিল সেইখিনি কৰিব নোৱৰা বাবেই হয়তো সংবাদ মাধ্যম আৰু ৰাইজৰ মাজত গণ মৰ্চাক লৈ নিৰুৎসাহ ভাৱ জাগি উঠিছে৷ এই লেখক ব্যক্তিগতভাৱে গণ মৰ্চাৰে অন্যতম অংশীদাৰ ‘জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি’ৰ সৈতে জড়িত হৈ অহা সত্ত্বেও নিম্নোক্ত কথাখিনি বা দিশ কেইটা গণ মৰ্চাৰ মুখ্য আহ্বায়কৰূপে থকা ভূঞাদেৱে গুৰুত্ব নিদিয়া বাবেই গণ মৰ্চাই আশাব্যঞ্জক গতি ল’ব পৰা নাই যেন অনুভৱ হৈছে৷ যিহেতু সময় এতিয়াও অতীত হোৱা নাই;  সেয়ে, ভূঞা সমন্বিতে মৰ্চাৰ আগশাৰীত থকাসকলে কথাবোৰ মন কৰিলে নিশ্চয় মৰ্চাৰে লাভ হ’ব৷

১৷ যোৱা ১৪ জুনত অনুষ্ঠিত প্ৰথমখন বৈঠকত উপস্থিত থকা মাত্ৰ ৬ টা সংগঠনক লৈয়ে আহ্বায়ক সমিতিখন গঠন কৰাৰ পৰিৱৰ্তে আৰু বুজন সংখ্যক সংগঠন-সচেতন ব্যক্তিৰ উপস্থিতিতহে পৰৱৰ্তী সভা এখনতহে আহ৩ায়ক সমিতিখন গঠন কৰিব লাগিছিল ৷

২৷   যি কেইটা সংগঠনক লৈ আঞ্চলিক গণ মৰ্চা গঠন  কৰা হ’ল সেই সংগঠনসমূহৰ সভাপতি আৰু    সম্পাদকদ্বয়ক প্ৰতিনিধি-সদস্য আৰু কেইগৰাকীমান জাতীয়তা মনৰ বিশিষ্ট ব্যক্তিক লৈ গঠন কৰা আহ্বায়ক সমিতিযে দলটোৰ প্ৰাৰম্ভিক কাম-কাজ চলাই আছে৷ আদিতে সৰু-বৰ মাত্ৰ ছটাহে দল-সংগঠনৰ প্ৰতিনিধি থকা দলটোত পৰৱৰ্তী চাৰে তিনি মাহত আৰু কিমানটা নতুন দল-সংগঠনক অংশীদাৰৰূপে অন্তৰ্ভুক্ত কৰা হ’ল সেই সংখ্যা ৰাইজে অদ্যাপি জানিব পৰা নাই৷

৩৷   আৰম্ভণিৰ পৰা পৰৱৰ্তী সময়ত অন্তৰ্ভুক্ত হোৱা দল-সংগঠনৰ সকলো নেতা-কৰ্মীৰ উপস্থিতিত আঞ্চলিক গণ মৰ্চাৰ এখন বিশেষ সভা চাৰে তিনি মাহত পাতিব পাৰিব লাগিছিল৷  যাতে, পৰস্পৰে চিনা-পৰিচয় হৈ দলটোক ঐক্যৱদ্ধতাৰে আগুৱাই নিয়াৰ লগতে সকলোকে দায়ৱদ্ধ কৰাটো খুবেই জৰুৰী  প্ৰয়োজন আছিল৷

৩৷ উক্ত জৰুৰী সভাখন অনুষ্ঠিত নকৰাত গণ মৰ্চাৰ প্ৰতি বীতশ্ৰদ্ধ হৈয়ে প্ৰথমে এল ডি পি আৰু পাছত অসম সংগ্ৰামী মঞ্চৰ বুজন সংখ্যকে মৰ্চাৰ লগতে নিজা দল ত্যাগ কৰি আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ ঔৰসত জন্ম লভা অসম জাতীয় পৰিষদলৈ ধাৱমান হ’ল৷  এই দল সলনিৰ মূলতে হয়তো গণ মৰ্চাৰ প্ৰতি তেওঁলোকৰ মোহভঙ্গতাকে সূচাইছে৷ 

৪৷ গণ মৰ্চাই উক্ত সভাখন পাতিব নে নাই সেয়া মুখ্য আহ্বায়ক ভূঞাৰ লগতে নেতৃত্ব বহনকাৰীসকলৰ ভিতৰুৱা কথা ৷ কিন্তু এই সভাখনৰ আয়োজনত যিমান পলম কৰা হ’ব সিমানে ক্ষতিৰ আশংকা আছে গণ মৰ্চাৰ৷

৫৷ গণ মৰ্চাই বিজেপিক পৰৱৰ্তী নিৰ্বাচনত প্ৰতিহত কৰাৰ স্বাৰ্থত ‘কা’ অৰ্থাৎ, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পৃথক পৃথকভাৱে আন্দোলন-প্ৰতিবাদ কৰা সকলো দল-সংগঠনকে চামিল হ’বলৈ আহ্বান জনাই আহিছে৷ আপাত দৃষ্টিত এয়া সমৰ্থনযোগ্য হ’লেও অসমীয়া মূল সূঁতিৰ জনসাধাৰণৰ কংগ্ৰেছ আৰু এই আই ডি ইউ এফ এই দুয়োটা দলৰ প্ৰতি কেৱল ‘কা’-বিৰোধিতা কৰা বুলিয়ে কোমলতা প্ৰদৰ্শন কৰিব বুলি ভৱা অনুচিত৷  কাৰণ, শাসনৰ সুদীৰ্ঘ বাঘজৰী হাতত থকা সময়ত কংগ্ৰেছ দলটোৱে অসম আৰু অসমীয়াৰ স্বাৰ্থত কোনো উল্লেখযোগ্য কাম কৰা বুলি জনা নাযায়৷ ইউ ডি এফৰো জন্ম কাহিনীতে সিক্ত হৈ আছে মূল সূঁতিৰ অসমীয়াই নিবিচৰা বাংলাদেশী মূলৰ নাগৰিকৰ স্বাৰ্থতহে গঠন হোৱা ৰাজনৈতিক দল বুলি৷ গণ মৰ্চাই এই দল দুটাকো লৈয়ে বৃহৎ মঞ্চ গঠনৰ বাবে লোৱা উদ্যোগক সেয়ে বাকী দল-সংগঠনে সমৰ্থন কৰিব নোৱাৰি মৰ্চাৰ পৰা দূৰত অৱস্থান কৰিছে তথা অসম জাতীয় পৰিষদ গঠন হোৱাই নহয়  কৃষক মুক্তিয়েও দল গঠন কৰিলে৷ এই দল দুটা গঠন আৰু গণ মৰ্চাৰ পৰা আঁতৰি থকা মানে মৰ্চাই লক্ষ্য প্ৰাপ্তিৰ দিশত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ 

৬৷ অপ্ৰিয় হ’লেও বৃহৎ স্বাৰ্থৰ খাটিৰত ক’বলগীয়া কথা উনুকিয়াই আমি নিজেও ভাল পোৱা নাই৷ কথাটো হ’ল — মুখ্য আহ্বায়ক ভূঞাই আৰম্ভণিৰ পৰাই সহযোগী হিচাপে লোৱা দুগৰাকীমান সদস্যৰ ভাৱমূৰ্তি জনমানসত খুব সুখৰ নহয়৷ আমি নিজে বিভিন্ন সংগঠন আৰু ব্যক্তিবিশেষৰ সৈতে হোৱা ভাৱৰ আদান-প্ৰদানৰ সময়ত উক্ত ব্যক্তি কেইগৰাকী নেতৃত্বৰ শাৰীত থকালৈকে কেৱল ভূঞাৰ ভাৱমূৰ্তিয়ে দলটোলৈ আনবোৰ দল-সংগঠন আৰু ৰাইজ নালাগে ব্যক্তিবিশেষকো আকৰ্ষিত কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়াটো প্ৰণিধানযোগ্য ৷

৭৷ গণ মৰ্চাই প্ৰতিখন জিলালৈ এটা শুভেচ্ছামূলক ভ্ৰমণ কৰি ৰাইজৰ মাজত গণ মৰ্চাৰ লক্ষ্য-উদ্দেশ্য সন্দৰ্ভত জাগৰণ সৃষ্টি কৰিব পাৰিব লাগিছিল৷

উক্ত আলোচনাৰ উদ্দেশ্য হ’ল আঞ্চলিক গণ মৰ্চাই সঁচা অৰ্থত আঞ্চলিক মৰ্চা হৈ উঠিবলৈ তথা বিজেপি দলক ক্ষমতাৰ পৰা অপসাৰণ কৰাত সফল হোৱাকৈ অসমৰ প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠী, দল-সংগঠনক ঐক্যৱদ্ধ কৰি অসমত শক্তিশালী জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ ৰাজনীতি সূচনা কৰিবলৈ সমৰ্থৱান হৈ উঠক৷