Logo
image

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়

আমাৰ অসম, ৮ ছেপ্টেম্বৰঃ ‘এতিয়াই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়৷’–মঙলবাৰে এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়–‘এতিয়াই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহয়৷ এতিয়াৰ টীমটোৰেই কাম বহুত ধুনীয়াকৈ চলি আছে৷ বহুত কাম হাতত আছে৷ কাম বিলাক কৰি যাব লাগিব৷’ অৱশ্যে সদ্যহাতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহ’লেও অচিৰেই যে নিকায়-নিগমৰ অধ্যক্ষ-উপাধ্যক্ষৰ নিযুক্তি হ’ব, সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে৷ সকলো ঠিকে থাকে থাকিলে অহা সপ্তাহত নিগম নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষৰ নিযুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত বাহৰ পাতি থকা সময়তে ৰাজ্যৰ একাংশ সংবাদ মাধ্যমে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি বাতৰি প্ৰকাশ কৰিছিল৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতো আলোচনাত বহা বুলি খবৰ ওলাইছিল৷ কিন্তু এই খবৰ যে গুজবহে আছিল, সেয়া মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি স্পষ্ট কৰিলে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বৰ্তমানৰ মন্ত্ৰীসভাৰ দুই এজন মন্ত্ৰীৰ কাম-কাজত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সন্তুষ্ট নহয় বুলিও চৰ্চা অব্যাহত আছে৷ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’লেই দুই এজন মন্ত্ৰীৰ নাম তালিকাৰ পৰা বাদ পৰাৰ লগতে বৰ্তমানৰ মন্ত্ৰীসকলৰ হাতত থকা একাধিক দপ্তৰো সালসলনি হোৱাৰ সম্ভাৱনা আছে৷ হয়তো উপ-নিৰ্বচনৰ আগে পিছেহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে৷