Logo
image

গুদামতে থাকিল ৮২ হাজাৰ লাইফ জেকেট, লাইফ ব’য়

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ যোৰহাটৰ নিমাতীঘাটত ভৰা ব্ৰহ্মপুত্ৰত সংঘটিত হৃদয় বিদাৰক নাও দুৰ্ঘটনাৰ পাছতেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চলা কমিচনৰ বজাৰৰ তথ্য পোহৰলৈ আহিছে৷ বিশ্ব বেংকৰ অৰ্থ সাহায্য লাভ কৰাৰ পাছতো জল পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ নোলোৱাৰ পৰিপ্ৰেক্ষিততে বাৰে বাৰে নাও দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ কেৱল নদী দ্বীপ মাজুলীয়েই নহয়, শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন স্থানত যাতায়াতৰ একমাত্ৰ ব্যৱস্থা জল পৰিবহণ৷ কিন্তু ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপ-নৈসমূহত যাতায়াতৰ বাবে জাহাজ ক্ৰয় কৰাটো এতিয়া সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বাবে৷ কিয়নো নৈপৰীয়া লোকৰ নিৰাপদ যাতায়াতৰ অজুহাতেৰে ব্ৰহ্মপুত্ৰত চলাচলৰ বাবে ৬খন ৰ’ পেক্স আৰু ৪ খন ৰ’ ৰ’ জাহাজ ক্ৰয় কৰাৰ পাছতো বাস্তৱত কোটি কোটি টকা মূল্যৰ এইসমূহ জাহাজৰ এখনো সক্ৰিয় নহ’ল৷ বিভাগীয় প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ব্ৰহ্মপুত্ৰত চলাচলৰ বাবে উপযোগী নোহোৱাৰ বাবেই জল পৰিবহণ বিভাগে ফুলদানীৰ দৰে সজাই ৰাখিবলগীয়া হৈছে বৃহৎ জাহাজকেইখন৷ ২০১৮ চনৰ ১০ অক্টোবৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত ৰ’ ৰ’ জাহাজৰ শুভাৰম্ভ কৰিছিল৷ কলকাতাৰ এটা প্ৰতিষ্ঠানৰ পৰা কেইবাকোটি টকা মূল্যৰে মুঠ ৪ খন ৰ’ ৰ’ জাহাজ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ক্ৰয় কৰিছিল৷ কিন্তু জল পৰিবহণ বিভাগৰ নাবিকে অত্যাধুনিক জাহাজকেইখন ব্ৰহ্মপুত্ৰৰ বুকুত চলাচল সম্ভৱ নহয় বুলি হাত দাঙি দিয়াৰ পাছত বিভাগে ৩খন জাহাজ ঘূৰাই দিছিল৷ ঘূৰাই দিয়া জাহাজকেইখনৰ মূল্য নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বিভাগক ওভতাই দিলে নে নাই, সেয়া স্পষ্ট নহয় যদিও নিমাতীঘাটত পৰি থাকোঁতেই এখন ৰ’ ৰ’ জাহাজ বিকল হৈ পৰিল৷ আনহাতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰত চলাচলৰ বাবে অত্যাধুনিক ৬ খন ৰ’ পেক্স জাহাজ ক্ৰয় কৰিছিল৷ প্ৰতিখন ৰ’ পেক্সৰ নামত ব্যয় কৰিছিল ২ কোটি টকাকৈ৷ বৰ্তমান গুৱাহাটীত তিনিখন, নিমাতীঘাটত দুখন আৰু ধুবুৰীত এখন ৰ’ পেক্স জাহাজ লংগৰ পেলাই ৰখাই থোৱা হৈছে যদিও আজিলৈকে এদিনো চলাচল নহ’ল৷ অৰ্থাৎ ব্ৰহ্মপুত্ৰত ৰ’ পেক্স জাহাজো চলাচলৰ বাবে উপযুক্ত নোহোৱাৰ পাছতো বিলাসী জাহাজকেইখন ক্ৰয় কৰা হৈছিল৷ লক্ষণীয় বিষয়টো হৈছে নিবিদাৰ পূৰ্বে এনে অত্যাধুনিক জাহাজকেইখন চলাচলৰ গ্ৰহণযোগ্যতা আছে নে নাই তাৰ জৰীপ নচলোৱাকৈ জাহাজকেইখন ক্ৰয় কৰাৰ আঁৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অধীনস্থ বিভাগটোত যে কমিচনৰ অংক অন্তৰ্নিহিত হৈ আছিল, সেয়া স্পষ্ট হৈ পৰিছে৷ কেৱল ৰ’ ৰ’ বা ৰ’ পেক্স জাহাজেই নহয়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মুঠ ৮৫খন জাহাজৰ ভিতৰত ৩৫ শতাংশ জাহাজেই এতিয়া বিকল৷ বিভাগটোৰ গুৰুত্বহীনতাৰ বাবে যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত মেচিন নাওসমূহ চলাচলৰ অনুমতি দিবলৈ বাধ্য হৈছে স্থানীয় প্ৰশাসন৷ নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাটোৰ পাছতেই বিভাগৰ অধীনত চলাচল কৰা জাহাজ তথা ফেৰীসমূহে যাত্ৰীৰ সৈতে হেঁতালি খেলি আহিছে, সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো এনে ফেৰী তথা মেচিন নাওসমূহ যাত্ৰীৰ সুৰক্ষাৰ বাবে যাত্ৰী অনুপাতে  লাইফ জেকেট আৰু লাইফ ব’য় থাকিব লাগে৷ কিন্তু বাস্তৱত এই দুবিধ অত্যন্ত গুৰুত্বপূৰ্ণ সুৰক্ষা সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উপলব্ধ নথকাটো স্পষ্ট হ’ল৷ ২০১৯ চনত জল পৰিবহণ বিভাগে বিশ্ব বেংকৰ পৰা লাভ কৰা ৪০ কোটি টকাৰ পুঁজিৰে ৭৫,৫৫০টা লাইফ জেকেট আৰু ৭০৪০টা লাইফ ব’য় ক্ৰয় কৰিছিল৷ কিন্তু প্ৰায় ৮২ হাজাৰ লাইফ জেকেট আৰু লাইফ ব’য় ক্ৰয় কৰাৰ পাছতো এই সুৰক্ষা সামগ্ৰীসমূহ দুবছৰে জল পৰিবহণ বিভাগৰ গুডামতে পৰি থাকিল৷ বুধবাৰৰ শোকাৱহ দুৰ্ঘটনাৰ পাছতহে গুডামৰ পৰা জিলাই জিলাই প্ৰেৰণ কৰা হৈছে লাইফ জেকেট আৰু লাইফ ব’য়৷