Logo
image

দায়িত্বহীন বিষয়ালৈ অহৈতুকী প্ৰীতি

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাৰো খলনায়ক বিক্ৰমাদিত্য চৌধুৰী যাৰ কৰ্তব্যত গাফিলতিৰ বাবে মাজুলীত সংঘটিত হ’ল ভয়ংকৰ নাও দুৰ্ঘটনা৷ উত্তৰ গুৱাহাটীত নাও দুৰ্ঘটনাৰ বাবে নিলম্বন কৰা বিক্ৰমাদিত্য চৌধুৰীৰ পৰা কোনে নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিলে? ড॰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আৰু কয়– মাজুলীত সংঘটিত এই দুৰ্ঘটনাত প্ৰদেশ কংগ্ৰেছে ৰাজনীতি কৰিব বিচৰা নাই৷ কিন্তু একেসময়তে বিৰোধী দল হিচাপে আমি নিৰ্বাচনৰ সময়ত মাজুলী আৰু যোৰহাটবাসীক বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ মনত পেলাই দিয়াটো আমাৰ নৈতিক দায়িত্ব৷ ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পৰা শিক্ষা নলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ এই ঘটনাৰ পিছত বিজেপি চৰকাৰখনে কোনো ধৰণৰ প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই নিমাতিঘাটত নাও দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে৷ সংকটৰ সময়ত অতিকৈ তাৎক্ষণিক ভাৱে প্ৰয়োজন হোৱা নিৰাপত্তাৰ সঁজুলি, লাইফ জেকেট, চুইমিং টিউব দেখা পোৱা নগ’ল, যিটো আচলতে থকাটো অত্যন্ত জৰুৰী আছিল৷ কোনো এগৰাকী উদ্ধৰকাৰী কৰ্মীক দেখা নগ’ল৷ দুৰ্ঘটনা হোৱাৰ এক ঘণ্টা পিছতহে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈছিল৷ অনুকূল বতৰৰ মাজত দিনৰ পোহৰতে কেনেকৈ দুখন নাও বা ফেৰীয়ে মুখামুখি খুন্দা মাৰিব পাৰে? জল পৰিবহণ বিভাগে নাৱ্যপথ সঠিকভাৱে নিৰূপণ কৰিছিল নে? নাও বা ফেৰী ড্ৰাইভাৰৰ লাইচেঞ্চ আছিল নে?  কোনে ফেৰী আৰু নাওৰ বহন ক্ষমতা নিৰীক্ষণ কৰিছিল নে, যিহেতু নাও আৰু ফেৰী সমূহে নিজৰ ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওয়া বুলি সততে চৰ্চা হৈ থাকে? নাও বা ফেৰী সমূহে যাত্ৰী কঢ়িওৱা পৰাকৈ উপযুক্ত হৈ আছিল নে নাই, কোনে পৰীক্ষা কৰিছিল? এইটো আটাইতকৈ লজ্জাজনক বিষয় যে যোৱা তিনিবছৰত দুবাৰকৈ নিলম্বিত হোৱা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ কাৰ্যকৰী অভিযন্তাজনৰ হাততে দায়িত্ব ন্যস্ত আছিল৷ উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ সময়ত নিলম্বন হোৱা সেই একেজন বিষয়াৰ হাততে কিয় পুনৰ মানুহৰ জীৱন মৃত্যুৰ লগত জড়িত দায়িত্ব ন্যস্ত কৰা হৈছিল? যোৰহাট আৰু মাজুলীবাসী ৰাইজক বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি আহিছে আৰু সেইবোৰ এতিয়াও প্ৰতিশ্ৰুতি হৈয়েই আছে৷ ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু সুদীৰ্ঘ যোৱা পাঁচ বছৰত দলঙৰ নামত এটা শিলগুটিও নপৰিল৷ এই আধাৰশিলা দেখি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল- ‘‘ ডিপিআৰ প্ৰস্তুত নকৰাকৈয়ে কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে ২০১৬ ৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি এনডিএ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ চকুত চমক সৃষ্টি কৰিব বিচাৰিছে৷ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ দৰে ডিপিআৰ প্ৰস্তুত নকৰাকৈ আধাৰশিলা স্থাপন কৰা কেন্দ্ৰীয় চৰকাৰ আগতে কেতিয়াও দেখা নাছিলোঁ৷’

২০১৮ চনৰ অক্টোবৰ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কমলাবাৰী ঘাটত ৰোল অন ৰোল অফ [ৰো-ৰো] সেৱাৰ শুভ আৰম্ভণি কৰিছিল৷ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ৯.৪৬ কৌটি টকা ব্যয়েৰে ৰো-ৰো সেৱাত এম বি ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল৷ এই ফেৰীয়ে একেলগে ১০০জন যাত্ৰীৰ লগতে ৮খন ট্ৰাক কঢ়িয়াব পাৰে৷  ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ ধুমধামেৰে ৰো-ৰো ফেৰী সেৱাৰ উদঘাটন কৰিছিল, কিন্তু নিৰ্বাচনৰ পিছত কি হ’ল কোনেও গ’ম নাপায়৷ 

২০২১ ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে পুনৰ এবাৰ যোৰহাট-নিমাতীঘাট সংযোগী সেই একেখন দলঙৰ আধাৰশিলা স্থাপন কৰিছে৷ কিন্তু কামত একো নহ’ল৷

প্ৰতিশ্ৰুতিতকৈ মানুহৰ জীৱনৰ মূল্য অধিক৷ বিজেপিয়ে এই কথা ভালকৈ মনত ৰখা উচিত৷ নিৰীহ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, ইয়াৰ বাবে দায়ী তেওঁলোকেই৷ 

উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়াবলৈ বিজেপি চৰকাৰক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা দাবী জনাইছোঁ৷ তেওঁলোকে ৰো-ৰো ফেৰী সেৱাৰ ওপৰত আৰু মাজুলী-যোৰহাট সংযোগী দলং কি অৱস্থাত আছে, তাৰ ওপৰত তেওঁলোকে স্পষ্ট কৰিব লাগে৷ এই বৰ্ষৰ আৰম্ভণিতে ৯২৫.৪৭ কোটি টকা আবণ্টন দিয়া হৈছিল বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু ৮ ফেব্ৰুৱাৰীত এই কাম মেচাৰ্ছ ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেচন লিমিটেড নামৰ কোম্পানীক দিয়া হৈছিল৷ টকা অনুমোদন দিয়া আৰু টকা ব্যৱহাৰ কৰা হিচাবে কামৰ অগ্ৰগতি কি? বিজেপি চৰকাৰৰ ভূমি পূজন আৰু নমামী ব্ৰহ্মপুত্ৰ আৰু বহুত হ’ল৷ তেওঁলোকে অসমৰ সাধাৰণ জনতাৰ জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়ক৷ ইফালে, কালি নিশা দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুট গগৈ আৰু কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক তীব্ৰ বাক্যবানেৰে ভৎৰ্সনা কৰে৷ মন্ত্ৰী পাটোৱাৰীয়ে বিষয়া তিনিজনক ‘থাৰ্ড ক্লাছ’, ‘ষ্টুপিড’ আদি শব্দৰে ককৰ্থনা কৰে৷