Logo
image

পৰিমিতাৰ দুৱাৰত ডেলিভাৰী বয়ৰ টোকৰ

আমাৰ অসম, ১০ ছেপ্টেম্বৰঃ অইন দিনৰ দৰে বৃহস্পতিবাৰেও তিনিটা টোপোলা লৈ এজন ডেলিভাৰী বয়ে টোকৰ দিছে পৰিমিতাৰ মাজুলীৰ বাসগৃহত৷ এবাৰ-দুবাৰ নহয়, কেইবাবাৰো পৰিমিতাৰ দুৱাৰত টোকৰ দিছে ডেলিভাৰী বয়ে৷ পিছে ওলাই অহা নাই পৰিমিতা৷ আহিবই বা কেনেকৈ? কাৰণ পৰিমিতাৰ প্ৰিয় ঠাই মাজুলীলৈ বুলি আঠখেলীয়া নামঘৰৰ পৰা যাত্ৰা কৰাৰ সময়তে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ লৈ গ’ল পৰিমিতাৰ৷ মাজুলীৰ ৰঙাচাহিৰ প্ৰফুল্ল বৰুৱাৰ ঘৰত ভাৰতীয়া হিচাপে আছিল ৰঙাচাহি মহাবিদ্যালয়ত কৰ্মৰত পৰিমিতা দাস৷ ইতিমধ্যে পৰিমিতা দাসে মাতৃৰ সৈতে সেইদিনাই আঠখেলীয়া নামঘৰত শৰাই দিবলৈ গৈছিল৷ ৰূমত পৰিমিতাক নাপাই পাৰ্চেল অহাৰ খবৰটো ফোনযোগে জনাইছিল ডেলিভাৰী বয়ে৷ পৰিমিতাই প্ৰফুল্ল বৰুৱাকে বস্তুকেইপদৰ মূল্য দি ৰাখি থ’বলৈ কৈ আহিয়েই তেওঁক পইচা দিবহি বুলি জনায়৷ পিছে একেদিনাই পৰিমিতাই আঠখেলীয়া নামঘৰৰ পৰা ঘূৰি আহি মাজুলী নাপালেহি৷ নিমাতীঘাটতেই সংঘটিত হ’ল অনাকাংক্ষিত সেই দুৰ্ঘটনা৷ য’ত মাতৃৰ চকুৰ আগতেই অকাল মৃত্যু হয় পৰিমিতা দাসৰ৷ কোলাত টোপোলা কেইটা লৈ এতিয়া শোকত ভাগি পৰিছে মাজুলীৰ পৰিয়ালটো৷ পৰিমিতাৰ নশ্বৰ দেহ গুৱাহাটীৰ কাহিলিপাৰাৰ ঘৰলৈ অনাৰ পাছত তেওঁৰ বাসগৃহত অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ কি প্ৰতিবেশী, কি বাটৰুৱা, কি পৰিয়ালৰ সদস্য, সকলোৱে হিয়া ঢাকুৰি কান্দে পৰিমিতাৰ অকাল বিয়োগত৷ বিয়লি তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়৷ নৱগ্ৰহ শ্মশানত ইতিমধ্যে ভিৰ কৰি আছিল অসংখ্য গুণমুগ্ধই৷ শ্মশানত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সমন্বিতে কেইবাজনো বিষয়ববীয়াই পৰিমিতাক শেষ শ্ৰদ্ধা জনায়৷ সন্ধিয়াৰ ভাগত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ বৃহস্পতিবাৰে কটন এলামনাই ভৱন কাৰ্যালয়ত অনুষ্ঠিত শোকসভাত যোৱাকালি নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰাক্তন কটনিয়ান তথা মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে৷ লগতে মৃতকৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিট সময় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ঘটনাটোত দুখ প্ৰকাশ কৰে৷ ভৱিষ্যতে যাতে এনেধৰণৰ দুখজনক ঘটনা সংঘটিত নহয় তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এলামনাই এছ’চিয়েশ্বনৰ সভাপতি ড॰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক জগদীশ দত্তই চৰকাৰৰ ওচৰত দাবী জনায়৷

৫ দিনমান পূৰ্বে পুৰণিগুদামৰ মোমায়েকৰ ঘৰলৈ আহিছিল পৰিমিতা

নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰা মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ গৃহ জিলা নগাঁৱতো শোকৰ ছাঁ পৰিছে৷ বিশেষকৈ যুৱতীগৰাকীৰ পিতৃৰ গৃহভূমি দক্ষিণপাট আৰু তেওঁৰ মোমায়েকৰ বাসগৃহ পুৰণিগুদামৰ পাৰঘাটত শোকৰ ছাঁ পৰিছে৷ জানিব পৰা মতে, পৰিমিতাৰ পিতৃ কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ বাবে সুদীৰ্ঘ বছৰৰ পূৰ্বেই তেওঁলোক গুৱাহাটীৰ বাসিন্দা হৈছিল৷ নগাঁও জিলাৰ দক্ষিণপাটত তেওঁলোকৰ পৰিয়ালৰ অন্য লোকসকল থাকে৷ অন্যহাতেদি পৰিমিতাৰ মোমায়েকৰ ঘৰ পুৰণিগুদামৰ পাৰঘাটলৈ প্ৰায়ে আহি থাকে পৰিমিতা৷ মাত্ৰ ৫টা দিনৰ পূৰ্বে গুৱাহাটীৰ পৰা যোৰহাট তথা মাজুলীলৈ যোৱাৰ পথত পুৰণিগুদামৰ মোমায়েকৰ বাসগৃহত সোমাই গৈছিল তেওঁ৷ মোমায়েকৰ পৰিয়ালৰ লোকসকলে জনোৱা মতে, পৰিমিতা অতি নম্ৰ আৰু প্ৰতিভাশালী আছিল৷ ২০১৭ বৰ্ষত পুৰণিগুদাম পাৰঘাটত অনুষ্ঠিত এখন নাটকত ভগ্নীৰ সৈতে অনবদ্য অভিনয় কৰি পৰিমিতাই ৰাইজক মোহিত কৰিছিল৷ মনিকূট কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত নাটকত পৰিমিতাই অভিনয় কৰিছিল৷ স্থানীয় লোকৰ মতে, মাত্ৰ ২-৩ দিন আখৰা কৰিয়েই সাৱলীল অভিনয় কৰিবলৈ সক্ষম হৈছিল তেওঁ৷ এইবাৰ ৰাসত কৃষ্ণৰ ভাৱত অভিনয় কৰাৰো মন আছিল পৰিমিতাৰ৷ পৰিমিতাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছৰে পৰা মোমায়েকৰ পৰিয়ালৰ লগতে অঞ্চলটো শোকস্তব্ধ হৈ পৰে৷ আজি পুৱাই মোমায়েক দিব্যজ্যোতি বৰা নিমাতীঘাটলৈ বুলি ৰাওনা হৈ যোৰহাটত পৰিমিতাৰ মৃতদেহ চমজি লৈ পুৰণিগুদাম হৈ গুৱাহাটীত উপস্থিত হৈছে৷