Logo
image

বিশ্বৰ সবাতোকৈ চহকী ফুটবলাৰ মেছি

আমাৰ অসম, ১৭ ছেপ্টেম্বঃ বৰ্তমান বিশ্বৰ সবাতোকৈ চহকী ফুটবলাৰজন কোন? আৰ্জেণ্টিনাৰ লিঅ’নেল মেছি নে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো? প্ৰখ্যাত আলোচনী ফ’ৰ্বছে প্ৰস্তুত কৰা চলিত বৰ্ষৰ বিশ্বৰ চহকী ফুটবলাৰৰ তালিকাৰ শীৰ্ষস্থানত আছে ৩৩ বছৰীয়া মেছি৷ ক্ৰমাগত দ্বিতীয় বছৰ এই তালিকাৰ শীৰ্ষস্থানত আছে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰজন৷ পাৰিশ্ৰমিক আৰু এণ্ডোৰ্ছমেণ্ট মিলাই ২০২০ বৰ্ষত মেছিৰ উপাৰ্জন ১২৬ মিলিয়ন মাৰ্কিন ডলাৰ [ভাৰতীয় মূল্যত প্ৰায় ৯২৪ কোটি টকা]৷ কৰ’না ভাইৰাছসৃষ্ট কঠিন সময়ৰ বাবে অৱশ্যে, যোৱা বছৰৰ তুলনাত এইবাৰ মেছিৰ উপাৰ্জন হ্ৰাস পাইছে সাত কোটি টকা৷ ১১৭ মিলিয়ন ডলাৰেৰে [প্ৰায় ৮৫৮ কোটি টকা] দ্বিতীয় স্থানত আছে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো৷ যোৱা বছৰৰ তুলনাত অৱশ্যে ৰ’নাল্ডোৰ উপাৰ্জন ৫৯ কোটি টকা বৃদ্ধি পাইছে৷ মেছিৰ দৰেই যোৱা বছৰৰ তুলনাত ব্ৰাজিলৰ নেইমাৰৰ উপাৰ্জন ৬৬ কোটি হ্ৰাস পাইছে৷ ৯৬ মিলিয়ন ডলাৰেৰে [প্ৰায় ৭০৪ কোটি টকা] তেওঁ তৃতীয় স্থানত আছে৷ উল্লেখ্য, যোৱা বছৰো সবাতোকৈ চহকী ফুটবলাৰৰ তালিকাৰ শীৰ্ষৰ তিনিটা স্থানত আছিল মেছি, ৰ’নাল্ডো আৰু নেইমাৰ৷ যোৱাবাৰ সপ্তম স্থানত থকা ফ্ৰান্সৰ কিলিয়ান এমবাপে এইবাৰ উন্নীত হৈছে চতুৰ্থ স্থানলৈ৷ তেওঁৰ উপাৰ্জন ৪২ মিলিয়ন মাৰ্কিন ডলাৰ [প্ৰায় ৩০৮ কোটি ডলাৰ]৷ যোৱা বছৰতকৈ তেওঁৰ উপাৰ্জন বৃদ্ধি পাইছে ৮৮ কোটি টকা৷ ৩৭ মিলিয়ন ডলাৰেৰে [প্ৰায় ২৭১ কোটি টকা] সাতটা স্থানৰ উত্তৰণ ঘটাই পঞ্চমলৈ উন্নীত হৈছে গ্ৰীচৰ মহম্মদ ছালাহ৷ তালিকাৰ ষষ্ঠৰ পৰা দশম স্থানত আছে ক্ৰমে ফ্ৰান্সৰ প’ল পগবা [৩৪ মিলিয়ন ডলাৰ], এণ্ট’ইন গ্ৰীজমেন [৩৩ মিলিয়ন ডলাৰ], গাৰেথ বেল [২৯ মিলিয়ন ডলাৰ], পোলেণ্ডৰ ৰবাৰ্ট লেৱানড’স্কি [২৮ মিলিয়ন ডলাৰ] আৰু স্পেইনৰ ডেভিদ ডে গিয়া [২৭ মিলিয়ন ডলাৰ]৷