Logo
image

ফাইল পেলাই নথ’ব! মন্ত্ৰীক কঠোৰ নিৰ্দেশ হিমন্তবিশ্বৰ

আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ কেৱল বিষয়াই নহয়, মন্ত্ৰীসকলকো ফাইল নিষ্পত্তিৰ সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত এতিয়াৰে পৰা ফাইলৰ কাম শেষ কৰিব লাগিব প্ৰতিজন মন্ত্ৰীয়ে৷ কোনো মন্ত্ৰীয়ে আগৰ দৰে আৰু ফাইলৰ কাম দিনৰ পিছত দিন ধৰি পেলাই থ’ব নোৱাৰিব৷ প্ৰশাসনীয় ব্যৱস্থাটোক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সতীৰ্থ মন্ত্ৰীসকলক ফাইলৰ কাম শেষ কৰাৰ সময়সীমা বান্ধি দিছে৷ উল্লেখ্য, বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে সতীৰ্থ মন্ত্ৰীসকলক ৪৮ ঘণ্টাৰ ভিতৰত জমা হৈ থকা সকলো ফাইলৰ কাম শেষ কৰিব লাগিব বুলি কঠোৰ নিৰ্দেশ দিয়ে৷ অৰ্থাৎ এতিয়াৰে পৰা প্ৰতিজন মন্ত্ৰীয়ে ৪৮ ঘণ্টাৰ ভিতৰত ফাইলৰ কাম শেষ কৰিব লাগিব৷ মুখ্যমন্ত্ৰীয়ে লগতে মন্ত্ৰী আৰু সকলো বিভাগীয় আমোলা-বিষয়াক পূৰ্ণোদ্যমে  কাম কৰাৰ নিৰ্দেশ দিয়ে৷ কোনোধৰণৰ চৰকাৰী কাম যাতে পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী আৰু আমোলাসকলক কঠোৰভাৱে সকীয়াই দিয়ে৷ আনহাতে, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বদলিকৰণৰ নিৰ্দেশ এবাৰ জাৰি হোৱাৰ পাছত সেই নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে কোনো মন্ত্ৰী বা আমোলাই স্থগিত কৰিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত স্পষ্ট কৰি দিয়ে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আমোলা-বিষয়াসকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত ফাইলৰ কাম শেষ কৰাৰ কঠোৰ নিৰ্দেশ দিছিল৷ মঙলবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্তৰ [ৰাজহ] বৈঠকত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত জমা হোৱা আৱেদন সাত দিনৰ ভিতৰত নিষ্পত্তি কৰিবলৈ সময়সীমা বান্ধি দিছিল মুখ্যমন্ত্ৰীয়ে৷ ইয়াৰ পূৰ্বে আগষ্ট মাহত ডিফুত অনুষ্ঠিত উপায়ুক্তসকলৰ সন্মিলনতো মুখ্যমন্ত্ৰীয়ে ফাইলৰ কাম শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিছিল৷ উল্লেখ্য, বিভিন্ন বিভাগীয় কাৰ্যালয়ৰ পৰা চূড়ান্ত অনুমোদনৰ বাবে মন্ত্ৰীৰ কাৰ্যালয়লৈ অহা বহু গুৰুত্বপূৰ্ণ ফাইলো দীঘলীয়া সময়ৰ বাবে মন্ত্ৰীৰ টেবুলতে পৰি থকা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ ফলত মন্ত্ৰীৰ অনুমোদন বিচাৰি দিছপুৰলৈ তাঁতবাতি কাঢ়িবলগীয়া হয় চৰকাৰী বিষয়া-ঠিকাদাৰ আৰু সাধাৰণ লোক৷ বহু মন্ত্ৰীয়ে অকাৰণতে তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ ফাইল চহী নকৰাকৈয়ে পেলাই থয়৷ এনে পৰিস্থিতিৰ ওৰ পেলোৱাৰ লক্ষ্যৰে ৪৮ ঘণ্টাৰ ভিতৰত ফাইলৰ কাম নিষ্পত্তি কৰিবলৈ মন্ত্ৰীসকলক কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ উল্লেখ্য যে, বহু মন্ত্ৰীৰ দিছপুৰৰ কাৰ্যালয়ত ফাইলৰ দম আজিও দেখিবলৈ পোৱা যায়৷ আনহাতে, কোনো এজন বিষয়াৰ বদলিৰ নিৰ্দেশ জাৰি হোৱাৰ পিছত বিভাগীয় মন্ত্ৰী বা ৰাজনৈতিক নেতাৰ হস্তক্ষেপত বদলিৰ এই নিৰ্দেশ স্থগিত ৰখাটো এটা নিয়মত পৰিণত হৈছিল৷ যাৰ ফলত বহু বিষয়া নিজৰ ইচ্ছামতে বছৰৰ পিছত বছৰ ধৰি নিজৰ পছন্দৰ আৰু সুবিধাজনক ঠাইত কাৰ্যনিৰ্বাহ কৰি থকাৰ গুৰুতৰ অভিযোগ আছে৷ মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে এই পৰম্পৰাৰো অন্ত কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰে৷