Logo
image

মুকলি বজাৰৰ পৰা ৬০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ ৰাজভঁৰাল উদং হৈ পৰাৰ ফলত চাৰি মাহৰ পূৰ্বে শপতগ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে মুকলি বজাৰৰ পৰা ঋণ ল’বলৈ বাধ্য হৈছে৷ ৰাজ্য চৰকাৰে  অহা ১৪ ছেপ্টেম্বৰত মুকলি বজাৰৰ পৰা ৬শ কোটি টকাৰ দীৰ্ঘম্যাদী ঋণ ল’ব৷ নামত এই ঋণক ষ্টেট ডেভলপমেণ্ট ল’ন অথবা উন্নয়নী ঋণ বুলি ক’লেও ৰাজ্য চৰকাৰে ধাৰলৈ লোৱা এই টকা যিকোনো আঁচনিত হিতাধিকাৰীক বিলাই দিয়াতো অসুবিধা নাই৷ যিদৰে ৰাজকোষত টকা নাথাকোতেও অসম চৰকাৰে  মেধাৱী ছাত্ৰীক স্কুটী বিলাই আছে সেইদৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা লোৱা এই ঋণেৰে ডেকা ল’ৰাক বুলেট বিলালেও কোনেও আপত্তি কৰিব নোৱাৰে৷ শেহতীয়াকৈ অতিমাৰীৰ পৰিস্থিতিত ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহ অভাৱনীয়ভাৱে হ্ৰাস পাইছে৷ চৰকাৰে সকলো দিশতে জোৰা মাৰিব পৰাকৈ টকা নথকাত হাবাথুৰি খাবলগীয়া হৈছে৷ ফলত ৰাজ্য চৰকাৰে যেনেতেনে ৰাজহ সংগ্ৰহত জপিয়াই পৰা দেখা গৈছে৷ আবকাৰী বিভাগ, জি এছ টি আৰু পৰিবহণ বিভাগক সৰ্বশক্তি প্ৰয়োগ কৰি জৰিমণাৰ জৰিয়তে হ’লেও ধন সংগ্ৰহ কৰি ৰাজভঁৰাল টনকিয়াল কৰিবলৈ চৰকাৰে ৰাজপথত নমাইছে৷ প্ৰতিটো বিভাগৰ ওপৰত চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে এতিয়া প্ৰৱল হেঁচা৷ অৱশ্যে সমান্তৰালভাৱে ৰাজ্য চৰকাৰে হিতাধিকাৰীক ধন আৰু সামগ্ৰী বিলায়ো আছে৷ এনে পৰিস্থিতিত ৰাজভঁৰাল শূন্য হৈ পৰাত অসম চৰকাৰে আন উপায় নেদেখি এতিয়া মুকলি বজাৰৰ পৰা ৬শ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে৷ 

  অসম চৰকাৰে বিত্ত বিভাগৰ জৰিয়তে জাৰি কৰা এক বিশেষ অধিসূচনা [জাননী নং BW/03/2021 dt 09/09/2021 যোগে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অধীনত হ’বলগীয়া বিশেষ নিলামৰ জৰিয়তে মুঠ ছশ কোটি টকা পৰিমাণৰ ‘সময় নিৰ্দ্ধাৰিত ঋণপত্ৰ’ [Dated Securities] অথবা ৰাজ্যিক উন্নয়িনী ঋণ [State Development Loan] পত্ৰ বিক্ৰীৰ কথা সদৰি কৰিছে৷ অহা ১৪ ছেপ্টেম্বৰত ৰিজাৰ্ভ বেংকৰ মুম্বাইস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এই নিলাম  অনুষ্ঠিত হোৱাৰ কথা৷ ঋণপত্ৰ বিক্ৰী মানে সেয়া চৰকাৰে ঋণ ল’বলগীয়া বিত্তীয় অনুষ্ঠানবোৰক ঋণ আৰু সুদ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি-পত্ৰ৷ চৰকাৰে প্ৰতি ছমাহৰ মূৰে মূৰে ঋণ লোৱা প্ৰতিষ্ঠানসমূহক সুদ ঘূৰাই দিব বুলি আৰু দহ বছৰ সম্পূৰ্ণ হওতে ঋণৰ মূলধন ঘূৰাই দিব বুলি এই ঋণপত্ৰত লিখা থাকিব৷ অসম চৰকাৰে এই ঋণ ল’ব ৰিজাৰ্ভ বেংকত তালিকাভুক্ত হৈ থকা বাণিজ্যিক বেংক, বীমা কোম্পানী,  প্ৰভিডেণ্ড ফাণ্ড, আৰবান কো-অপাৰেটিভ বেংক ইত্যাদিৰ পৰা৷ কিমানকৈ অসম চৰকাৰে সুদ ভৰিব লাগিব সেয়া ১৪ ছেপ্টেম্বৰৰ নিলামৰ সময়ত স্থিৰ হ’ব৷

প্ৰকাশিত জাননী অনুসৰি সকলোবিলাক প্ৰতিযোগিতামূলক নিবিদা [Competitive bids] ভাৰতীয় ৰিজাৰ্ভ বেংকৰ Core Banking Solution (CBS) প্লেটফৰ্ম E-KUBER যোগে অনলাইন মাধ্যমেৰে জমা দিব লাগিব৷ নিলামৰ বাবে নিৰ্দ্ধাৰিত তাৰিখ ১৪ ছেপ্টেম্বৰৰ দিনা পুৱা ১০-৩০ বজাৰ পৰা বিয়লি ১ বজা পৰ্যন্ত নিবিদাসমূহ গ্ৰহণ কৰা হ’ব৷ একেদৰেই অপ্ৰতিযোগিতামূলক নিবিদা [Non-Competitive bids]ৰ ক্ষেত্ৰত বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহে প্ৰত্যেকে ৰাজ্য চৰকাৰে জাননীত উল্লেখ কৰা মুঠ ধনৰাশিৰ সৰ্বাধিক ৰণ পৰ্যন্ত কেৱল এখনকৈহে নিবিদা জমা দিব পাৰিব৷ এই নিবিদা নিৰ্দ্ধাৰিত তাৰিখৰ পুৱা ১০-৩০ বজাৰ পৰা ১১-০০ বজাৰ ভিতৰত On-line যোগে জমা দিয়াটো বাধ্যতামূলক৷  নিবিদাসমূহ আঞ্চলিক সঞ্চালক, ভাৰতীয় ৰিজাৰ্ভ বেংক, মুম্বাই-৪০০০০১ এই ঠিকনাত দিব লাগিব আৰু নিলামৰ ফলাফলসমূহ একেদিনাই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবছাইট [wibesite] যোগে প্ৰকাশ কৰা হ’ব৷ নিলামত নিৰ্দ্ধাৰিত সুদ প্ৰস্তাৱিত ঋণপত্ৰৰ বাৰ্ষিক সুদৰ হাৰ অথবা কুপন ৰেট বুলি নিশ্চিত কৰা হ’ব৷ কেডেট ছিকিউৰিটিজৰ নিয়ম অনুসৰি বিনিয়োগকাৰীসকলক নিৰ্দ্ধাৰিত কুপন ৰেটৰ বাবদ প্ৰাপ্য ধন বছৰৰ মাৰ্চ আৰু ছেপ্টেম্বৰৰ ১৫ তাৰিখে আদায় দিব লাগিব৷

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা দীৰ্ঘম্যাদী চৰকাৰী ঋণপত্ৰ [Dated Govt. Securities] বা ৰাজ্যিক উন্নয়িনী ঋণ [State Development Loan] বিলাকো ৰাজ্য চৰকাৰৰ দ্বাৰা জাৰি কৰা এবিধ দীৰ্ঘম্যাদী  ঋণ৷

উল্লেখনীয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আইন ১৯৩৪ৰ ধাৰা বা খণ্ড ২১[১] [খ]ৰ অধীনত যিকোনো ৰাজ্য চৰকাৰৰ সৈতে চুক্তি সাপেক্ষে, সেই ৰাজ্য চৰকাৰসমূহৰ ৰাজহুৱা ঋণ পৰিচালনাৰ [Management of Public Debt.] দায়িত্ব ৰিজাৰ্ভ বেংকৰ ওপৰত ন্যস্ত থাকে৷ এই অনুসৰি আৰ বি আইয়ে ইতিমধ্যে দেশৰ সৰ্বমুঠ ২৯খন ৰাজ্য চৰকাৰ আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজহুৱা ঋণ ব্যৱস্থাপনাৰ দায়িত্ব পালন কৰি আহিছে৷ 

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৯৩[৩]ৰ অধীনত [কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চল আইন ধাৰা ৪৮[৪]ৰ অধীনত] সংশ্লিষ্ট চৰকাৰসমূহে তেওঁলোকে এটা বছৰত বজাৰৰ পৰা আহৰণ কৰা ঋণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আগতীয়া অনুমোদন লোৱাটো বাধ্যতামূলক, যদিহে চৰকাৰখন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ঋণী হৈ থাকে৷ সাধাৰণতে বজাৰৰ পৰা এইদৰে ঋণ আহৰণৰ সমস্ত দায়িত্ব আই বি আইৰ ওপৰত ন্যস্ত থাকে৷ যিটো আকৌ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত এইধৰণৰ ঋণ আহৰণৰ পূৰ্ব নিৰ্দ্ধাৰিত মাত্ৰাৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ লগত পৰামৰ্শ কৰি আৰ বি আই-এ প্ৰতি তিনিমাহৰ বাবে ঋণ আহৰণৰ পৰিমাণ ঘোষণা কৰে আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে যাৱতীয় জাননী জাৰি কৰি এনেদৰে আহৰণ কৰিব লগা ঋণৰ চৰ্তাৱলী ৰাজহুৱা কৰে৷ তদুপৰি প্ৰতিটো নিলামৰ পূৰ্বে সংশ্লিষ্ট চৰকাৰে অধিসূচনাযোগে জাৰি কৰিব লগা ঋণপত্ৰৰ অধীনত আহৰণ কৰিব খোজা ধনৰাশিৰ পৰিমাণ আৰু অন্যান্য চৰ্তাৱলী ৰাজহুৱাকৈ প্ৰকাশ কৰে৷

তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জাৰি কৰা Dated Securitiesৰ দৰেই ৰাজ্য চৰকাৰে আগবঢ়োৱা দীৰ্ঘম্যাদী ঋণপত্ৰসমূহো আৰ বি আইৰ E-KUBER Electronic Plateformৰ জৰিয়তে নিলাম কৰা হয়৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰ সমূহৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰে নিলাম অনুষ্ঠিত কৰে৷ তদুপৰি প্ৰতিখন ৰাজ্য চৰকাৰৰ বাবে কাৰ কেতিয়া নিলাম অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত আগতীয়াকৈ সময়সূচী নিৰ্দ্ধাৰণ কৰা থাকে৷ সাধাৰণতে বিত্তীয় প্ৰতিষ্ঠান যেনে, বাণিজ্যিক বেংকসমূহ, চহৰীয়া সমবায় বেংক, ইঞ্চিওৰেন্স কোম্পানী, প্ৰভিডেণ্ড ফাণ্ডকে আদি কৰি নিৰ্বাচিত ৰাজহুৱা নিধি, যিবিলাকৰ আৰ বি আইত বিধিগতভাৱে নিজৰ  জমাধনৰ একাউণ্ট থাকে৷ তদুপৰি ঋণ আহৰণৰ প্ৰস্তাৱিত মুঠ পৰিমাণৰ মুঠ ১০% স্বীকৃত ক্ষুদ্ৰ বিনিয়োগকাৰী যেনে, সমবায় গ্ৰামীণ বেংক আৰু ক্ষুদ্ৰ পেঞ্চন ফাণ্ড ইত্যাদিৰ বাবে অ-প্ৰতিযোগিতামূলক নিবিদাৰ অধীনত সংৰক্ষিত কৰাটো নিয়ম ৷ উল্লেখ্য যে, যোৱা বিত্তীয় বছৰত ৰাজ্য চৰকাৰৰ এই ব্যৱস্থাৰে লোৱা ঋণৰ পৰিমাণ আছিল প্ৰায় ১৫০০০ কোটি টকা৷