Logo
image

মাচুল নিদিলেও অনলাইন শ্ৰেণী আৰু পৰীক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব শিক্ষাৰ্থীক

আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ ‘মাচুল আদায় নিদিলেও অনলাইন পাঠগ্ৰহণ আৰু পৰীক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীক৷’– ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক এই কঠোৰ সকীয়নি দিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অধিবক্তা বিকাশ শৰ্মা আৰু অধিবক্তা ফজলুজ জামান মজুমদাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা পৃথক পৃথক দুই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ সন্দৰ্ভত শুকুৰবাৰে একত্ৰ শুনানি গ্ৰহণ কৰি এই চূড়ান্ত  ৰায়দান কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ ন্যায়াধীশ এন কটেশ্বৰ সিং আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ খণ্ড বিচাৰপীঠে এই চূড়ান্ত ৰায়দান কৰে৷ ৰায়দানত এই কথা উল্লেখ কৰা হৈছে যে এতিয়াৰ পৰা ব্যক্তিগত খণ্ডৰ স্কুল মেনেজমেণ্ট কমিটী সমূহে তেওঁলোকৰ আয় আৰু ব্যয়ৰ প্ৰকৃত হিচাপ ৰাজ্য চৰকাৰে গঠন কৰা ফীজ ৰেগুলেটৰী কমিটীৰ ওচৰত দাখিল কৰিব লাগিব৷ ক’ভিডকালীন পৰিস্থিতিত কিমানসংখ্যক অৰ্থনৈতিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী ক্ষতিগ্ৰস্ত হৈছে ইয়াৰো তালিকা তেওঁলোকে ফীজ ৰেগুলেটৰী কমিটীৰ ওচৰত দাখিল কৰিব লাগিব৷ এমাহৰ ভিতৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে এই তথ্যসমূহ ফীজ ৰেগুলেটৰী কমিটীক দাখিল কৰিব লাগিব৷ ইয়াৰ ভিত্তিত ফীজ ৰেগুলেটৰী কমিটীয়ে এটা ডাটাবেছ প্ৰস্তুত কৰিব৷ বিদ্যালয়সমূহে দাখিল কৰা তেওঁলোকৰ আয়-ব্যয়ৰ সবিশেষৰ ভিত্তিত ফীজ ৰেগুলেটৰী কমিটীয়ে কিমান শতাংশ ফীজ ৰেহাই দিব এই কথাটো নিশ্চিত কৰিব৷ আজিৰ ৰায়দানত খণ্ড বিচাৰপীঠে ফীজ ৰেগুলেটৰী কমিটীত অভিভাৱকৰ প্ৰতিনিধিত্ব ৰাখিবলৈও নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ কাৰণে এই ফীজ ৰেগুলেটৰী কমিটী গঠন কৰি দিছিল৷ যোৱা বছৰ লকডাউনৰ সময়তো একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে স্কুল বন্ধ হৈ থকাৰ পাছতো নিৰ্দয়ভাৱে ছাত্ৰ-ছাত্ৰীৰ পৰা টিউছন মাচুল, পৰিবহণ আদিৰ লগতে সকলো ধৰণৰ মাচুল সংগ্ৰহ কৰি থকা বিষয়টোক প্ৰত্যাহ্বান জনাই প্ৰথমে গুৱাহাটী উচ্ছ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল অধিবক্তা বিকাশ শৰ্মাই৷ ইয়াৰ পিছতে একেধৰণৰ আন এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰিছিল অধিবক্তা ফজলুজ জামান মজুমদাৰে৷ উল্লেখ্য যে, মাচুল হ্ৰাস হ’লে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে অভিভাৱকক ঘূৰাই দিব লাগিব অতিৰিক্ত ধন৷ লকডাউনত ক্ষতিগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে মাচুল ৰেহাইৰ বাবে সংশ্লিষ্ট বিদ্যালয় পৰিচালনা সমিতিৰ ওচৰত দাখিল কৰিব লাগিব আবেদন৷ এই আবেদনৰ ভিত্তিতহে বিদ্যালয়সমূহে ফীজ ৰেহাইৰ বিষয়টো বিবেচনা কৰিব৷ কিন্তু অৰ্থনৈতিকভাৱে দুৰ্বল একাংশ অভিভাৱকেও সন্তানৰ ফীজ ৰেহাই বিচাৰিলে বিদ্যালয় কতৃৰ্পক্ষই নম্বৰ কম দিব বুলি আশংকা কৰি বহু সময়ত ফীজ ৰেহাইৰ বাবে আবেদনেই দাখিল নকৰা বুলি অভিযোগ উঠিছে৷