
প্ৰথমবাৰলৈ লাইফ জেকেট পিন্ধিলে ফেৰীযাত্ৰীয়ে, বহুতলৈ নুজুৰিলে
আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ জীৱনত প্ৰথমবাৰলৈ লাইফ জেকেট পিন্ধি মাজুলী-কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতীঘাটলৈ আৰু একেদৰে নিমাতীৰ পৰা কমলাবাৰীঘাটৰ মাজুলীলৈ আহিল যাত্ৰী৷ অৱশ্যে সকলো যাত্ৰীৰ বাবে বিভাগীয় কতৃৰ্পক্ষই লাইফ জেকেটৰ যোগান ধৰিব পৰা নাই৷ একাংশ যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰাৰ বিপৰীতে একাংশ লাইফ জেকেটৰ পৰা বঞ্চিত হৈছে৷ ইফালে লাইফ জেকেট পোৱা একাংশ যাত্ৰীয়েও লাইফ জেকেট পৰিধান কৰাৰ সলনি কোঁচত বা পিঠিত লৈয়েই লুইত পাৰ হোৱা পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এটা ইঞ্জিনযুক্ত নাৱৰ চলাচল তৎকালীনভাৱে বন্ধ কৰা বুলি কৰা ঘোষণা মুহূৰ্তৰ ব্যৱধানত অমান্য কৰে নিমাতীঘাটৰ লেচীয়ে৷ নিমাতীঘাটৰ পৰা মাজুলীলৈ যোৱা আছুৰ এটা প্ৰতিনিধি দলক এটা ইঞ্জিনযুক্ত নাৱেৰে লৈ যোৱা হয় লেচীৰ নিৰ্দেশত৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰীয়ে চলাচল নিষিদ্ধ কৰাৰ পাছতো এটা ইঞ্জিনযুক্ত নাওখনৰ যাত্ৰাত অনুমতি দিয়ে দায়িত্ববাহী কনিষ্ঠ অভিযন্তাই৷ এই ঘটনাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কোৱা বাহুল্য যে বুধবাৰৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছত দক্ষিণপাৰৰ লগত মাজুলীলৈ যাতায়াত কৰা এটা ইঞ্জিনযুক্ত গুটীয়া ফেৰীসমূহ সম্পূৰ্ণ বন্ধ কৰি দিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ ব্যক্তিগত গুটীয়া ফেৰীসমূহ বন্ধ কৰি দিয়াত ওলাই পৰিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আচল স্বৰূপ৷ বৰ্তমান বিভাগৰ হাতত এম ভি পানৈ নামৰ এখন মাত্ৰ ফেৰীহে কাৰ্যক্ষম হৈ আছে৷ যিখন ফেৰীয়ে মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতীলৈ যাত্ৰী নি সেইসকলক নিমাতীত নমাই পুনৰ মাজুলীৰ কমলাবাৰীলৈ যাত্ৰী অনা-নিয়া কৰিব লগা হৈছে৷ ফলত ফেৰীৰ অভাৱত দুয়োটা পাৰতে যাত্ৰীসকল পুনৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷ ইফালে আজিৰে পৰা কমলাবাৰী আৰু নিমাতীঘাটত যাত্ৰীসকলৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে বিভাগে৷ ইফালে কালি মাজুলী ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে আজিৰে পৰা মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱাত এটা ইঞ্জিনযুক্ত সকলো নাও নিষিদ্ধ কৰাৰ লগতে অতি সোনকালেই পাৰঘাটটোত বিভাগীয়ভাৱে পাঁচখন নাও চলাচল কৰিব বুলি ঘোষণা কৰিছিল৷ ব্যক্তিগত নাওসমূহে মেৰাইন ইঞ্জিন নাৱত সংস্থাপন নকৰালৈকে চলাব নোৱাৰিব বুলি উল্লেখ কৰিছিল৷
মুখ্যমন্ত্ৰীক ভুল তথ্য দিলে মন্ত্ৰীয়ে
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনৰ ফেৰীসেৱা ব্যৱস্থাক লৈ ক্ষোভিত-শংকিত মাজুলীবাসী৷ মাজুলীৰ আৰ্থসামাজিক উন্নয়নৰ একমাত্ৰ মাধ্যম এই ফেৰীসেৱাসমূহ৷ মাজুলী বাণিজ্য, স্বাস্থ্য-চিকিৎসা আৰু শিক্ষাৰ ক্ষেত্ৰত বহিঃবিশ্বৰ লগত একমাত্ৰ জলপথ এই ফেৰীসেৱাসমূহৰ অৱস্থা আজিও পয়ালগা৷ দুয়োটা ঘাটতে ১৩৫জন বিভাগীয় কৰ্মচাৰীৰ বিপৰীতে বিভাগীয় নাও মাত্ৰ এখন৷ যাৰ ফলত যাত্ৰীয়ে যাতায়াতৰ ক্ষেত্ৰত দুৰ্যোগভুগি আহিছে৷ আনকি বিভাগৰ অৱহেলা, গাফিলতি চৈৰাচাৰী নীতিৰ বাবে মাজুলীবাসীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে৷ দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণ দায়ী যোৰহাট আৰু মাজুলী প্ৰশাসন৷ মাজুলীৰ এজন অতিৰিক্ত উপায়ুক্তৰ নিয়ন্ত্ৰণত ঘাট পৰিচালনা হোৱাৰ পাছতো বিভাগে গাফিলতি কৰি মাজুলীবাসীৰ জীৱন নিৰাপত্তাক লৈ হেতালি খেলাটো দুৰ্ভাগ্যজনক বুলি ব্যক্ত কৰিছে৷ মাজুলীত দুৰ্ঘটনা হ’লেই ৰাজনৈতিক নেতাৰ সোঁত বোৱা, প্ৰতিশ্ৰুতি দিয়াটো এক পৰম্পৰাত পৰিণত হৈছে৷ কিন্তু বাস্তৱত এইবোৰ ফুটুকাৰ ফেনতহে পৰিণত হৈছে৷ বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে মাজুলীত বিভাগৰ অধীনত চাৰিখন মাৰবোট আজিৰে পৰা ঘাটসমূহত চলিব বুলি উল্লেখ কৰিছিল৷ কিন্তু বাস্তৱত বিভাগৰ হাতত কেৱল এখন নাওহে চলাচলৰ উপযোগী হৈ আছে৷ মুখ্যমন্ত্ৰীজনক এই সন্দৰ্ভত মন্ত্ৰী আৰু বিভাগীয় বিষয়াই ভুল তথ্য দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে৷ ইপিনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিৰ সম্পাদক পবিত্ৰ বৰাই দুৰ্ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি বিভাগীয় মন্ত্ৰীজনে পদত্যাগ কৰিব লাগে বুলি উল্লেখ কৰে৷ ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবে গোটেই চক্ৰটোৰ ওপৰত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে আৰু যাতায়াত ব্যৱস্থাটো সংস্কাৰৰ যোগেদি উন্নত কৰাৰ দাবী উত্থাপন কৰে৷
বিশ্বনাথঘাটত উদ্ধাৰ ইন্দ্ৰেশ্বৰ বৰাৰ বেগ
মাজুলী-যোৰহাট সংযোগী নিমাতী ফেৰীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাত আজিও সন্ধানহীন হৈ আছে লখিমপুৰৰ শিক্ষক ইন্দ্ৰেশ্বৰ বৰা আৰু মাজুলী জিলা হাস্পতালৰ ইএনটি বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা৷ ইয়াৰে লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো বিশ্বনাথঘাটত উদ্ধাৰ হৈছে৷ ছোৱাগুৰী ৰনং মথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলীয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা আজি নথি-পত্ৰ ভৰ্তি এটা বেগ উদ্ধাৰ কৰে৷ বেগটোত সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰাৰ নামত থকা ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ পৰা বেগটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰিছে৷ উক্ত তথ্যসমূহত সম্পৰ্কিত লোকৰ নাম হিচাপে ইন্দ্ৰেশ্বৰ বৰাৰ নাম সন্নিবিষ্ট হৈ আছে৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷