৪ বছৰে পঞ্জীয়ন নাই মটৰ লাঞ্চ, ভুটভুটীৰ
আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ যোৰহাটৰ নিমাতীঘাটৰ সমীপৰ ব্ৰহ্মপুত্ৰত ঘটা মৰ্মান্তিক ফেৰী দুৰ্ঘটনাটোৰ পাছত ধুবুৰীৰ ব্ৰহ্মপুত্ৰতো যিকোনো সময়ত এক ভয়ংকৰ অঘটন ঘটাৰ সম্ভাৱনাক লৈ আশংকা প্ৰকাশ কৰিছে বহুতেই৷ উল্লেখ্য যে, ৯ বছৰ পূৰ্বে ২০১২চনৰ ৩০এপ্ৰিলত সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দুৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়াঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩টা মান বজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল ‘পাঁচ ভাই’ নামৰ ব্যক্তিগত লেছী চালিত লঞ্চ এখন৷ যাত্ৰাৰম্ভ কৰাৰ আনুমানিক প্ৰায় ডেৰ ঘণ্টামান পাছত গন্তব্যস্থান মেদেৰটাৰীৰ নদীঘাট পোৱাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল লঞ্চখন৷ কাল ধুমুহাত সেইখন খণ্ড-বিখণ্ড হৈ যোৱাৰ ফলত সিদিনা ৪৭জন যাত্ৰীয়ে প্ৰাণ হেৰুৱাব লগা হৈছিল৷ মেদেৰটাৰীৰ সেই শোকাৱহ দুৰ্ঘটনাটোৱে উদঙাই দিছিল কেতবোৰ ভয়ংকৰ তথ্য৷ টিকট দিয়াৰ কোনো ব্যৱস্থা নথকাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত লঞ্চখনৰ যাত্ৰীৰ সংখ্যাক লৈ প্ৰথমাৱস্থাত বিবুধিত পৰা দেখা গৈছিল প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ৷ পোহৰলৈ আহিছিল ধুবুৰীৰ ব্ৰহ্মপুত্ৰত চলাচল কৰা লেছী চালিত যাত্ৰীবাহী লঞ্চত যাত্ৰীৰ সুৰক্ষাৰ নূ্ন্যতম সাঁ-সঁজুলি নথকাৰ বিষয়টোও৷ দুৰ্ঘটনাটোৰ পাছত ধুবুৰীৰ ব্ৰহ্মপুত্ৰত চলাচল কৰা ইঞ্জিন চালিত নাও [ভুটভুটী] আৰু যাত্ৰীবাহী লঞ্চবোৰৰ কোনোধৰণৰ চৰকাৰী পঞ্জীকৰণ নথকাৰ লগতে এখনৰো বীমা নথকাৰ বিষয়টোও উন্মোচিত হৈছিল৷ মেদেৰটাৰীৰ সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ পাছতহে ধুবুৰী আৰু দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ বিভিন্ন জলপথত চলাচল কৰা যাত্ৰীবাহী লঞ্চ আৰু ভুটভুটীবোৰৰ পঞ্জীকৰণৰ বিষয়টো লৈ তৎপৰতা আৰম্ভ কৰিছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী শাখাই৷ জানিব পৰা মতে, ধুবুৰী আৰু দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ বিভিন্ন নদীপথত চলাচল কৰা ১৯টা যাত্ৰীবাহী লঞ্চকে ধৰি মুঠ ৯৪৩টা ইঞ্জিন চালিত নাৱৰ পঞ্জীকৰণ কৰিছিল বিভাগটোৱে৷ ধুবুৰী জিলাত ১৯খন যাত্ৰীবাহী লঞ্চ আৰু ৮৭৬খন ভুটভুটী পঞ্জীকৃত কৰাৰ বিপৰীতে ধুবুৰী জিলা সংলগ্ন দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৪৮খন ভুটভুটীৰ. পঞ্জীকৰণ হৈছিল৷ জানিব পৰা মতে, ২০১৮চনৰ পৰাই সেই যাত্ৰীবাহী লঞ্চ আৰু ভুটভুটীবোৰৰ পঞ্জীকৰণৰ নৱীকৰণ হোৱা নাই৷ ইপিনে নিয়মিত ‘ফিটনেছ’ পৰীক্ষা অবিহনেই ধুবুৰীৰ ব্ৰহ্মপুত্ৰত চলাচল কৰি আছে এক ইঞ্জিনযুক্ত বহু আওপুৰণি যাত্ৰীবাহী লঞ্চ আৰু ভুটভুটী৷ লেছী চালিত সেই লঞ্চবোৰৰ অধিকাংশই পাণজপাদি যাত্ৰী লৈ যাতায়াত কৰাৰ উপৰিও অনা-নিয়া কৰি আছে বহন ক্ষমতাৰ অধিক বয়বস্তুকে ধৰি দুচকীয়া বাহনো৷ ইফালে ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ মাজত চলাচল কৰা আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ৰ’পেক্স জাহাজখন ‘ৰেম্প’ৰ বিজুতিৰ বাবে বিগত প্ৰায় তিনিমাহৰ পৰা বন্ধ হৈ থকা বুলিও জানিব পৰা গৈছে৷ পিছে কাৰিকৰী বিজুতিৰ বাবে বিভাগীয় সেই জাহাজখনৰ চলাচল প্ৰায় বন্ধ থকাৰ আঁৰত ৰহস্য লুকাই থকা বুলিও এক বুবু-বাবা চলি আছে স্থানীয় মহল একাংশত৷ অৱশ্যে আজি ধুবুৰী জিলা উপায়ুক্ত অম্পামুথন এম পিয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ধুবুৰী শাখাক কালিৰ পৰা সেই ৰ’পেক্স জাহাজখন চলাচল কৰাৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ বাবে কঠোৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন নদীঘাটসমূহত সক্ৰিয় লেছী-মালিক একাংশৰ এক শক্তিশালী চিণ্ডিকেট বাহিনীয়ে যাত্ৰীৰ সুৰক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে আওকাণ কৰি নিজৰ খেয়াল-খুচি মতে, লঞ্চসমূহ চলাই থকাৰো এক দীৰ্ঘদিনীয়া অভিযোগ আছে৷ এনে প্ৰেক্ষাপটত মেদেৰটাৰীৰ লঞ্চ দুৰ্ঘটনাটোৰ দৰে শোকাৱহ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে ৰাজ্য চৰকাৰকে ধৰি ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বৰমূৰীয়াসকলে তৎকালে পদক্ষেপ লোৱাটো অতীৱ প্ৰয়োজনীয় বুলিয়েই বিবেচিত হৈছে৷






