Logo
image

ছেবা-সংসদৰ শিক্ষাৰ্থীৰ বাবে ২৫ শতাংশ আসন সংৰক্ষিত

আমাৰ অসম, ১১ ছেপ্টেম্বৰঃ পূৰ্বৰ সিদ্ধান্ত সলনি কৰিছে শিক্ষা বিভাগে৷ নামভৰ্তিৰ ক্ষেত্ৰত ছেবা আৰু সংসদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলেজসমূহক ৭৫ শতাংশ আসন সংৰক্ষণৰ যি নিৰ্দেশ দিছিল সেয়া প্ৰত্যাহাৰ কৰিছে৷ ৰাজ্যৰ উচ্ছ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে এই সন্দৰ্ভত এক জাননী জাৰি কৰি অতিৰিক্তভাৱে মহাবিদ্যালয়সমূহত উচ্ছতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত  বৃদ্ধি কৰা ২৫ শতাংশ আসন কেৱল ছেবা আৰু কাউন্সিলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব বুলি উল্লেখ কৰিছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পূৰ্বে মহাবিদ্যালয়সমূহৰ ৭৫ শতাংশ আসন কেৱল ছেবা আৰু পৰিষদৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ ফলত ছেবা, চি বি এছ ই আৰু শিক্ষা সংসদৰ অধীনত উত্তীৰ্ণৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈষম্যৰ সৃষ্টি হৈছিল৷ কিন্তু উচ্ছ শিক্ষা সঞ্চালকৰ শেহতীয়া জাননীয়ে এই বৈষম্য দূৰ কৰিলে৷ উল্লেখ্য শিক্ষা বিভাগৰ সঘনে সলনি হৈ থকা জাননীসমূহে বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলকো বিপদত পেলাইছে৷ ইফালে মাচুল ৰেহাইৰ সন্দৰ্ভত উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত কোনো পৃথক জাননী জাৰি কৰা নাই শিক্ষা বিভাগে৷ বি পি এল পৰিয়ালৰ শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ কথা ঘোষণা কৰিছে শিক্ষা বিভাগে৷ কিন্তু পৰিচয়পত্ৰ, আভ্যন্তৰীণ পৰীক্ষা, বিদ্যালয় সপ্তাহ আদিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই হ’ব নে নাই, সেই কথাও স্পষ্ট হোৱা নাই৷