Logo
image

পল্টনবজাৰৰ হোটেলত আশ্ৰয় লৈ থকা ২৬ ৰোহিংগ্যা গ্ৰেপ্তাৰ

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ বিজেপি নেতৃত্বাধীন চৰকাৰখনে স’ততে বাংলা-ম্যানমাৰ ভাৰত সীমান্ত ছীল কৰা বুলি দাবী কৰি অহাৰ সময়তে খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰা দেওবাৰে আৰক্ষীয়ে ২৬জন ৰোহিংগ্যাক গ্ৰেপ্তাৰ কৰে৷ মহানগৰীৰ পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা ২৬জন ৰোহিংগ্যাৰ ভিতৰত ১৬জন যুৱক আৰু ১০ গৰাকী যুৱতী থকা বুলি আৰক্ষীয়ে সদৰি কৰে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ পল্টন বজাৰৰ কামৰূপ ল’জত ম্যানমাৰৰ বহু যুৱক-যুৱতী আশ্ৰয় লৈ থকা বুলি পল্টন বজাৰ থানাৰ আৰক্ষীয়ে তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত পল্টন বজাৰ থানাৰ আৰক্ষীৰ দল এটাই কামৰূপ ল’জত অভিযান চলাই ২৬জন ৰোহিংগ্যাক কৰে৷ আৰক্ষীৰ জেৰাত ধৃত ৰোহিংগ্যাৰ দলটোৱে ভাৰতত প্ৰৱেশ কৰিবলৈ আৱশ্যক হোৱা কোনো ধৰণৰ বৈধ নথি পত্ৰ দেখুওৱাব পৰা নাই৷ আৰক্ষীয়ে ধৃত ৰোহিংগ্যাৰ কবলৰ পৰা ভুৱা ভোটাৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আইজল কলেজৰ পৰিচয় পত্ৰ জব্দ কৰে৷ জব্দ কৰা নথি পত্ৰ সমূহ ভুৱা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ আৰক্ষীৰ জেৰাত ধৃত ৰোহিংগ্যাকেইজনে পঢ়াৰ উদ্দেশ্যে ম্যানমাৰৰ পৰা গুৱাহাটী হৈ দিল্লীলৈ গৈ আছিল বুলি স্বীকাৰোক্তি দিয়ে৷ ম্যানমাৰৰ মিজোৰাম-নাগালেণ্ড উন্মুক্ত সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা বুলি ধৃত ৰোহিংগ্যা কেইজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে৷ ভাৰতত প্ৰৱেশ কৰি ৰোহিংগ্যা কেইজনে টেক্সি ভাৰা কৰি গুৱাহাটীলৈ অহা বুলি আৰক্ষীৰ আগত ব্যক্ত কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি ধৃত ৰোহিংগ্যাকেইজনক জেৰা চলাই আছে৷ জেৰাৰ অন্তত ধৃত ৰোহিংগ্যাকেইজনক আৰক্ষীয়ে সীমান্ত শাখাক গতাই দিব বুলি তদন্তকাৰী বিষয়াজনে জানিবলৈ দিয়ে৷